৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কেথেৰিন

লেখকঃ নীলোৎপল বৰুৱা • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৬
১৫ মিনিট পঠন • ৭৭৩ বাৰ পঢ়া হৈছে
কেথেৰিন
ডাঙৰকৈ চাওক (Zoom)

 নীলোৎপল বৰুৱা



 অসতৰ্ক মুহূৰ্তত..

পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷ এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷

চাণ্টুৰ গেৰেজটো বাওঁ উৰ্দ্ধমঞ্চ৷

ওপৰত জ’ন লাইট এটা পৰি গ’লে চাণ্টুৰ গেৰেজটো উজ্জ্বল প্ৰপাৰ্টি এটালৈ পৰিণত হ’ব৷ তেল, ম’বিলৰ গ্ৰাফিটি এটা পোৱা যাব অনায়াসে৷ প্ৰপচ্ হিচাপে সি দৰ্শকক মোটামুটি কেৰিবিয়ান স্থপতিৰ নিৰ্যাস দিব৷

অলপ নিসংগতাৰ অলপ বিমৰ্ষতাৰ আৱেশ এটা সমূহলৈ বিয়পি যাব৷

ক’লা পৰি যোৱা এসময়ৰ সেউজীয়া ৰঙৰ হাৱাৰ টেংকীটো৷ টায়াৰত ভৰাবলৈ বতাহ যোৱা ক’লা নলীচাডাল৷ চিধাচিধিকৈ ভিতৰলৈ চালে টিউব এটা কাটি পাকস্থলী আকৃতিত বান্ধি ওলোমাই থোৱা যতন এটা দেখা যাব৷ চিৰকুমাৰ চাণ্টু মিঞাই তাত পোৰা ম’বিল জমাই থয়৷ চাপৰিৰ পৰা মাজে মাজে গাহক আহে৷ গেলনত ভৰাই লৈ যায়৷ ফ্ৰীকে দুই এটকা ওলায় থাকে৷ আল্লাহতালাই মিলাই ৰাখিছে চাণ্টু মিঞাক৷ কাকো হাৰাম কৰা নাই আজিলৈকে৷ নেকী নাই বৰ বেছি, গুণাহো নাই৷

তাৰ দোকানৰ বেৰখনত লিপিট খাই থকা চিকনৰ কাজ কৰা বগা ক্ৰ’চেট এটাৰে সেয়া কেথেৰিন জেটা জ’নছ৷ বৈ পৰা দীঘল কলা চুলি৷ পাফ কৰা৷ নিশ্চিতি এটাত, কেথেৰিনৰ বুকু উত্তুংগ আৰু অৰ্ধ উন্মুক্ত হ’ব্ব‌ই লাগিছিল৷

নহ’ল৷

নব্বৈৰ শেহৰ ফালে মাধৱ দাসে আঁকিছিল৷ বৰ-বায়নৰ কুলাংগাৰ ছবি অঁকা পিতেক, সিমানখিনি সাহ নকৰিলে৷ (কেথেৰিনৰ নামটো মাধৱে বহু বছৰলৈকে জনা নাছিল৷ মগজুৰ অটল তলীত এটা নাৰীমূৰ্ত্তি সন্তৰ্পণে বহি আছিল৷ পানী নিজৰি নিজৰি তলীত তৰপ পৰি যোৱা বোকা মাটিৰ দৰে৷ ফিৰিককৈ ওলাই আহিছিল৷ কেনেকৈ সিও নাজানে৷ চকত অনাদি কাল ধৰি ৰৈ আছে অলপ মংগোলীয় ঠাঁচৰ কেথেৰিন জেটা জ’নছ৷ তিলমাত্ৰ‌ও উল্লাস নোহোৱাকৈ৷)

বেৰখনৰ তলৰ পৰা শেলাই ওপৰলৈ বুলি বাঢ়ি আহিছে৷ ম’বিলৰ গোন্ধত বাঢ়ি অহা শেলাই, জাত এৰিছে৷

বিহুৱতীৰ ব্লাউজ পিন্ধা কেথেৰিনে তৰোৱালখনৰ ঠাইত দীঘল (অস্বাভাৱিকভাৱে) ৰেঞ্চ এডাল লৈ আছে৷ তৰৱাৰী আকৃতিৰ বৈ পৰা  এডাল দীঘল ৰেঞ্চ৷ দুই বেৰৰ মাজত পৰি অলপ বৰ্তুলাকৃতিত৷

যোৱা সন্ধ্যা চাণ্টুৰ বেৰখন মোটামুটি বিখ্যাত হৈ পৰিছে৷

হাতত ঘৈণীয়েকৰ ছিন্নমুণ্ড লৈ চৰৰ‌ পৰা মথাউৰিৰে আহি চামচুল হক চাণ্টুৰ দোকানৰ কাষ পাওঁতেই ফটো এখন তুলিছিল সাংবাদিকে৷‌ আৱহত ৰেঞ্চ লৈ থকা কেথেৰিন আৰু ঘৈণীয়েকৰ ছিন্নমুণ্ডধাৰী চামচুল৷ ততাতৈয়াকৈ লোৱা ফটোখন৷ সূৰ্যটো লেঞ্চতে পৰিছিল৷ চামচুলৰ চিলঅউটে এটাহে থাকিল৷ স্পষ্ট কেথেৰিন, ছাঁয়াময় চামচুল৷ চামচুলৰ পাছে পাছে মিছিলটোত তাৰ দুয়োটা পুতেক আৰু কণমানি জীয়েকজনীও আহিছিল৷

হাইজাত উচন যোৱা গাঁৱত মৃতদেহ পুতিবলৈ অহাৰ দৰে অ-আনুভুতিক শোভাযাত্ৰা৷ এই যেন ঘৰৰ ছোৱালীজনী আহিছিল, বহু বছৰৰ মূৰত বিদায় দিবলৈ ওলাই আহিছে সকলো৷ আকৌ আহিব৷ চোতালত পৰি আছে মুণ্ডহীন মৃতদেহ৷

: চোঁৱা চোঁৱা.. কেনে কণ্ট্ৰাডিক্টৰি পিচ্ অফ আৰ্ট..

বাতৰিকাকতখন হাতত লৈয়ে অৰিন্দম দত্ত‌ই পাছদিনা পুৱা চাহদোকানত চীৎকাৰ কৰিলে৷ ফটোসহ সবিস্তাৰে ওলাইছিল বাতৰিটো৷ লোমহৰ্ষক হত্যাকাণ্ড, স্বামীৰ দাৰ ঘাপত মৃত্যু অসহায় পত্নীৰ৷

: পিয়’ৰলি গ’থিক৷ আহাহা...

চোঁৱা চোঁৱা..

দত্তৰ উত্তেজনা ঘটনাতকৈ বেছি ফটোখনৰ আৰ্টিষ্টিক ডেভেলপমেণ্টত৷

...কেনে ইউনিক চাৰ্পেণ্টাইন কনফিগাৰেচন এটা গঢ় লৈ উঠিছে৷ গ’থিক গ’থিক৷

পিয়লিৰ চাহদোকানখন ষ্টেজৰ সোঁফাল৷

সোঁ নিম্নমঞ্চ৷

আগফালে বহুবছৰ আগতে জাৱৰ পেলাবলৈ পঞ্চায়তৰ ফালৰ পৰা কুঁৱাৰ ৰিঙ এটা থৈ দিয়া হৈছিল৷ পিয়লিৰ ৰঙা চকুৰ কোবত কোনেও তাত জাৱৰ পেলাব নোৱাৰে৷ দুবাৰমান কাপোৰ দোকানী বিপিন পালে পুৰণা কাৰ্টন অলপ পেলাইছিলহি৷ তাকে দেখি ৰজত নাপিতে এপাচিমান চুলি পেলাই দিলেহি৷ দহ মিনিটৰ ভিতৰত দুৰ্বাদল কাজিয়া এখন হৈ গৈছে৷ ছাত্ৰ সংগঠন, বিবাহিতসকলৰ সংগঠন সকলোকে খাৰা কৰাই দিলে পিয়লিয়ে৷ জাৱৰদানীত কিয় জাৱৰ পেলাব নোৱাৰিব তাৰ বিভিন্ন ব্যাখ্যা দিয়া হ’ল৷

কৃষ্ণচুড়াজোপাৰ সৰাফুলবোৰ সাৰি আনি পিয়লিয়ে  নিজে তাত ভৰাই থয়৷

এক ধৰণৰ জাৱৰদানী-ফুলদানী কাৰবাৰ এটা গঢ় লৈ উঠিছে৷

জনৰোষৰ ভয়ত জাৱৰদানীটো তাৰ পৰা উঠাই দিব‌ও পৰা নাই৷

সোঁ উৰ্দ্ধমঞ্চত এটা জাৱৰদানী-ফুলদানী৷ এটা নন্দনতাত্বিক প্ৰপাৰ্টি৷

 

:...কেথেৰিণত প্ৰফাইল লাইট এটা ক্ৰিয়েট হৈছে৷ বৈ পৰা ফিগাৰ এটাৰ ঠিক উৎসত এটা মানৱমূৰ্তি..৷ হাতত নৰমুণ্ড৷ টেৰৰ টেৰৰ৷

ক্ৰমহ্ৰাসমান উচ্চতাৰ মিছিল৷ এটা শক্তিমন্ততা আৰু ৰক্তপাতৰ ঢৌখেলা সংৰচনা৷

আহাহা... চামচুলৰ কণমানি জীয়েকজনী! মৰ্বিডিটিৰ কি অপূৰ্ব নিদৰ্শন৷ কৃশকায় দেহা৷ মৰাঠাৰিৰ দৰে ভৰি দুখন৷

কান্দিছে..কন্দা নাই..কান্দিব..

একধৰণৰ মিষ্টিক আৱেশ এটা ছটিয়াই দিছে..৷

এইটো ভাৱ তৰংগ‌ই যিকোনো স্তৰৰ দৰ্শককে এটা থ্ৰীল দিব৷

...অৱশ্যে এছ্‌থেটিক টেম্পেৰামেণ্টটো একমাত্ৰ কেথেৰিনৰ পৰাহে আহিব৷

 

সন্মুখত বহি থকা ৰমেন বৰাৰ মুখৰ গজাৰ টুকুৰাটো বিস্বাদ হৈ পৰিল৷ পিয়লিৰ গজাৰ নাম আছে৷ বাহিৰত মচমচীয়া, ভিতৰখন আলতীয়া৷ অলপ চেনীগুড়ি চটিয়াই৷

: চাল্লা ৰাচপুটিনৰ জাত৷ কমিনিচসোপাৰ এই স্বভাৱটোৱেই ভাল‌ নালাগে৷ সকলো কথাতে ওভতগোৰে নাচে৷ কথা উঠিব লাগিছিল এটা মৰ্মান্তিক দুৰ্ঘটনাৰ৷ ভয়ংকৰ অমানুষিক হত্যাকাণ্ডৰ ...

অৱশ্যে এই জাতটোৱেই এনেকুৱা..

 

অষ্ফুট স্বৰেৰে মুখৰ ভিতৰতে বৰ সন্তৰ্পণে ভোৰভোৰালে ৰমেন বৰাই৷ বৰাৰ এই গুণটো জনাসকলে জানে৷ অষ্ফুট স্বৰত তেওঁ গুৱালগালি দি থাকিব পাৰে সন্মুখৰজনে গম নোপোৱাকৈ৷

: মৃতদেহৰ ওপৰত বগুৱা বাই দেশ শাসন কৰা বিলাকে আৰু কি ৰাখিব মাথাত৷ দুনীয়াৰ ডিক্টেটৰশ্বিপ আৰু ফ্ৰীকৈ পোৱা আফিং খোৱা শ্ৰমিকৰ হট্টগোলৰ বাদে ইহঁতৰ আছে কি... চাল্লা নৰপিপাসু...

পিয়লিৰ দোকানত নিয়মীয়া আড্ডাত বহা মানুহকেইটাৰ ভিতৰত অৰিন্দম দত্ত, ৰমেন বৰাৰ বাদেও ৰতন মহন্ত বহে৷ আঢ্যৱন্ত হোৱাৰ সুবাদত চাহৰ‌ প‌ইচা প্ৰায়ে অৰিন্দম দত্ত‌ই সোধায়৷

: কেথেৰিনৰ এটা নিজা দ্যূতি আছে৷ টেলেণ্টতকৈ হলীউডে জেটাৰ ধুনীয়া মুখখনত বেছি গুৰুত্ব দিছে৷ এইযে বটক্সৰ জোৰত জ’লাইন মেইণ্টেইন কৰি ৰখা কাৰবাৰটো...

...আচলতে ক’বলৈ গ’লে এইটো এটা শ্ৰেণী বৈষম্য৷ ক্লাছ কনফ্লিক্ট৷ চাওক, ইয়াত নন্দনতাত্বিক কিবা যদি আছে, ডেফিনিটলি সেইটো মাৰ্কিন উপাদান৷ আপুনি চাওক, যিখিনি তৃতীয় বিশ্বৰ প্ৰতীক আছে..মানে ধৰক চামচুল বা তাৰ পাছমূৰত এখামোচ চুলি নোহোৱা ডাঙৰ ল’ৰাটো৷ (বোধকৰো গৰম তেল-চেল জাতীয় কিবা পৰিছিল৷ )

পোহৰ পোহৰ আৱেশ এটা আৰু ছিন্ন নাৰী মুণ্ডৰ যিটো বৈপৰীত্য.. আৰে..এজন ডাইৰেক্টৰক এটা জীৱন কালত লাগে কি হে’৷ এনেকুৱা ফ্ৰেম এটা নেচাৰেলী আহিবলৈ ভাগ্য লাগিব৷ ভাগ্য লাগিব৷

দত্ত‌ই পিয়লিক একপ্লেট বুন্দিয়া আৰু ভূজিয়া মিক্স কৰি দিবলৈ অৰ্ডাৰ দিলে৷ এইটো দত্তৰ প্ৰিয় মিঠাই৷

: এটা কিক্ পাবৰ‌ কাৰণে একোজন নাট পৰিচালকে ৰাতিৰ পাছত ৰাতি পাৰ কৰি দিয়ে৷ সামান্য একো একোটা কিকৰ বাবে৷ বৰা, ইয়াত চাওক না..

বীভৎস, শৃংগাৰ, বীৰ আৰু কৰুণ..কেনেকুৱা ফাটাফটি ককটেইল বনি গৈছে৷

..আৰু মূল কথা হ’ল আজিকালি বাতৰি কাকতেও এনেকুৱা ঋণাত্মক ভাৱৰ ফটো-উটো নছপায়৷ এইখনৰ আৰ্টিষ্টিক আৱেশটো অনুধাৱন কৰাৰ বাবেহে তৃতীয় পৃষ্ঠাত হ’লেও ছপাইছে৷ লক্ষ্য কৰিছেনে ফ্ৰ’মৰ পাৱাৰটো৷

নাই নাই বুলি কৈ থাকিলেও অৰিন্দমৰ প্ৰয়াত পিতাক অমৰেশ দত্তক মৰিওৱা দলটোত ৰমেন বৰাও আছিল৷ কমিনিচ পালেই কোবাবলৈ অহা নিৰ্দেশটোক ৰমেন বৰাহঁতে নিজৰ আত্মাৰ ভিতৰত খাজি লৈছিল৷ অমৰ কমিনিচক দৌৰাই দৌৰাই কোবালে এজাকমান আন্দোলনকাৰীয়ে৷ বৰা বোধকৰো নৱমমানৰ ছাত্ৰ৷ অৰিন্দম দত্ত এক শ্ৰেণী ওপৰত৷

একেখন ষ্টেজতে সেয়া মঞ্চস্থ হৈছিল৷ কেবা দশকৰ‌ আগতে৷

তেতিয়া চাণ্টু মিঞাৰ দোকানখন নাই৷

পিয়লিৰ বাপেকৰ সৰু চালি এখন আছিল৷ সোঁ নিম্ন মঞ্চত পিয়লিৰ বাপেকে বিভিন্ন প্ৰকাৰৰ গুড় বেচিছিল৷

আছিল আছিল...ৰমেন বৰাও আছিল সেইটো দলত৷ তেতিয়া অৰিন্দম দত্তৰ সৈতে সিমান এটা চা-চিনাকী নাছিল৷ দত্ত চহৰত হোষ্টেলত থাকি পঢ়ে, চহৰখনৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ স্কুলত৷

এটা সময়লৈ ঘটনাটো সকলোৱে পাহৰিলে৷

নতুন স্ক্ৰীপ্ট্ অহালৈ প্লট সলনি হৈছিল৷

সেই বিন্যাসত পূৰ্বাপৰ উত্তেজনাৰ বিপৰীতে ঠাই লৈছে সাম্প্ৰতিক চোৰাং কাৰবাৰী, ছাত্ৰ-মন্ত্ৰীৰ  দুৰ্নীতি আৰু এক ধৰণৰ‌ হতাশাৰ তৰপে৷

: আপুনি মন‌ দি চাওকচোন বৰা.. এইটো মাইট বি কিলাৰৰ ডাঙৰটো ল’ৰা৷ তাৰ বডী লেংগুৱেজত এটা কাঠিন্য আছে৷ শৰীৰী অধিস্থাপনটো চাওকনা৷ ম’টিফটো স্পষ্ট৷ আই মিন ল’ৰাটোৰ ফিজিকেল এক্সিষ্টেন্সটোত আপুনি গম পাই যাব, এইটো পাক্কা ঠাণ্ডা মাথাৰ মাৰ্ডাৰ৷ বিশ্বাসঘাটকতা৷

ডেফিনিটলি বিশ্বাসঘাটকতা৷ চামচুলৰ বিবিজানে আন কাৰোবাৰ লগত তামচা কৰিছিল৷ ৰেড হেণ্ডেড ধৰা পৰিলে৷ বচ্..চাটাই দিলে৷ ষ্ট্ৰং মৰেল প‌ইণ্ট আৰু এলিবাই আছিল, নহলে ল’ৰা ছোৱালী সকলোৱে কিয় হত্যা কৰ্মটো সম্পন্ন কৰিব৷

 ইহঁতৰ ক্লাছত নৈতিক সংঘাত নোহোৱা চেক্সটো মোটামুটি ফ্ৰী৷

ৰমেন বৰা অৰ্শৰোগী৷

বহুদিনৰ পৰাই ভূগি আছে৷ গাঁৱলীয়া দৰৱত ধৰিছে শেহতীয়াকৈ৷ ঔষধ ফাপিছে, যদিও গা দূৰ্বল কৰি তুলিছে৷ অতিমাত্ৰা ৰক্তক্ষৰণে বহু দিনৰ পৰাই তেওঁৰ উগ্ৰ জাতীয়তাবাদী মনোবৃত্তিটো কমাই আনিছে৷ অন্যথা তেওঁ কৈ উঠিলেহেঁতেন- এইচব কমি যোৱাই ভাল৷ ইহঁতৰ ধৰ্মটো কোনো কাৰণতে ধৰ্ম নহয়৷ একধৰণৰ ধৰ্মভিত্তিক ৰাজনৈতিক মতবাদ৷ যিমানে কমে সিমানে মংগল৷ তাতোকৈ ডাঙৰ কথা ইহঁতৰ চ’চাইটিত বিশ্বাস বোলা বস্তুৰ কোনো ধাৰণাই নাই৷ ঘাটকতা ক’ৰ পৰা আহিব৷ মামাই ভাগিনৰ লগত, ককায়েকে ভনীয়েকৰ লগত...মানুহ নামৰ অযোগ্য ইতৰ বিলাক..

 

মঞ্চখন‌ মোটামুটি ভীত৷

সন্ত্ৰষ্ট৷

ঈষৎ হালধীয়া ফ্লাডলাইট এটা পৰি আছে৷ চাণ্টুমিঞাই গেৰেজ বন্ধ ৰাখিছে৷ চাণ্টুৰ ধাতু এনেও অলপ পাতল৷ তাতে ট টকৈ চকু মেলা খাই থকা নৰমুণ্ড এটা তাৰ দোকানৰ কাষেৰে গৈছে৷ স্বাভাৱিকতে চাণ্টু অলপ উদ্বাস্তু হৈছে৷ দুই এখন মটৰচাইকেল‌ পাম্প ভৰাবলৈ আহি গুচি গৈছে৷

: এতিয়া যদি আপুনি মেইন‌ কেৰেক্টাৰটো ধৰে৷ আই মিন চামচুল হকক৷ এইটো ৰাষ্ট্ৰৰ পাৰ্চনিফিকেশ্যন৷ আপুনি ক’ব পাৰে এটা স্বেচ্ছাচাৰী শাসনযন্ত্ৰৰ সূচক৷

তাৰ বডীটো মোটামুটি জিঘাংসাৰ কঠিন ৰূপক৷ কিমান জিঘাংসা আৰু অসুৰত্ব‌ই আপোনাৰ পাটীৰ তিৰোতাৰ ডিঙি চিঙিবলৈ বাধ্য কৰিব পাৰে৷ আপুনি যদি পৰিচালক হয়, আৰু স্বচ্ছ আত্মাৰ এজন অভিনেতা কাষ্টিং কৰে...আৰে বাপ ৰে.. কম দীঘলীয়া অৱজাৰ্ভেচন কৰিব লাগিব ভাৱিছেনে৷ এনেকুৱা এটা কেথাৰচিচ্ দিবলৈ...

থানাত আগৰাতি যথেষ্ট ভিৰ৷ ছিন্নমুণ্ডধাৰী চামচুল আৰু তাৰ তিনি সন্তান লক আপৰ ভিতৰত৷ কোনোফালে সিহঁতৰ দৃষ্টি নাই৷ আনকি এটাই আনটোক দেখা নাই৷ স্থিৰ আৰু নিষ্পলক৷ বাহিৰত মোটামুটি ভিৰ এটা লাগি গৈছিল৷

দুই একে থাৰ্ড ডিগ্ৰী এটা আশা কৰিছিল৷ চৰৰ‌ পৰাই সাধাৰণতে বেছি ভাগ কেছ‌ আহে৷ চৰখন নথকা হ’লে থানাই নচলিলহেতেন৷ গৰুচোৰ চিণ্ডিকেট, গাড়ীচুৰি, ফুলচুৰি কেচ, চামৰা চোৰ বিভিন্ন ধৰণৰ কেছ৷ দুই একে এনকাউণ্টাৰৰ কথা কৈছিল, আজি ঘৈণীয়েকক মাৰিছে, কাইলৈ লোকৰ ঘৈণীয়েক মাৰিব৷ এক দুইটা মাৰ্ডাৰ কৰি ইহঁত প্ৰফেছনেল কীলাৰ হৈ যাব৷ চুপাৰী ল’ব৷ ইলেকচনৰ আগে আগে ইহঁতৰ ব্যস্ততা বাঢ়ি যাব৷

এনেকুৱা ৰক্তবীজ চাফা কৰি পেলাব লাগে৷

 

: ছোৱালীজনী চাওক৷ উৰ্দ্ধাংশত টিউনিক টাইপ চোলা এটা৷ খালী ভৰি৷ শুকান মুখত চকুপানীৰ পাতল দাগ৷ কি বিমূঢ় চাৱনী৷ কোনো ক্ষোভ নাই৷ কোনো দুখ নাই৷ এক চিকুট অনুশোচনা নাই৷ অৱশ্যে তাইৰ কথাবিলাক ভালকৈ বুজিব পৰাৰ বয়স হোৱাও নাই৷ কিন্তু যদি আপুনি তাইক এগৰাকী শিশু অভিনেতা বুলি ধৰে.. মাৰ্ভেলাচ প্ৰেজেণ্টেশ্যন৷ আহাহা...ম‌ইও যে কি বাৰেবিংকৰা বকিছো৷ যাষ্ট্ সংৰচনাটোৰ প্ৰশংসা কৰিছো৷ মোৰ যথেষ্ট গৰিহণা আছে এই ধৰণৰ ঘৃণনীয় কাণ্ডবোৰত৷

..কিন্তু এক চাইডৰ‌ পৰা চালে মঞ্চত পাৰফেক্ট জ্যামিতী এটা গঢ় লৈ উঠিছে৷ আই মিন ফ্ৰেমিংটো ব্ৰিলিয়েণ্ট৷ ম‌ই ফটোগ্ৰাফাৰক মানিছো৷ আমাৰ মাধৱ নহয় জানো৷ ছৱি হিচাপে এইখন পুৰস্কাৰ পাব লগা৷ মঞ্চ জ্যামিতিৰ কথাটো কৈছোৱেই৷

 

আলিবাটৰ মাজৰ পৰা দেখা পোৱা মঞ্চখনৰ আৱহত এটা কুহেলিকাময় সংগীত বাজিছে৷ তানপুৰা আৰু পাখোৱাজৰ মিশ্ৰিত, এটা দ্ৰুত তালৰ বিলম্বিত লয়!

পোহৰ স্তিমিত৷ জাৱৰদানী-ফুলদানীত তলসৰা কৃষ্ণচূড়াই মায়াৱী ৰঙা এটাৰ বিন্দু বিস্তাৰ কৰিছে৷ আৱেশটো ভীতিৰ৷

আগদিনাৰ হত্যাকাণ্ড‌টোয়ে বহুদিন বিৰতিৰ পাছত চকটোলৈ এটা বিভীষিকাময় পৰিৱেশ আনিছে৷ চামচুলক চালান দিয়া হৈছে৷ ল’ৰা ছোৱালী কেইটা ঘৰলৈ ঘূৰি গৈছে৷ মুণ্ডহীন দেহাটোৰ জানাজা হ’ল নে নাই গম পোৱা নাই৷

গৰম বুন্দিয়াত অলপ ভুজিয়া মিহলি কৰি কাম কৰা ল’ৰাটোৱে আথে-বেথে অৰিন্দম দত্তৰ আগত দি‌ থৈ গ’ল৷ কাকতখনতো চকু ফুৰাই গৈছে৷

: ইয়াক চিনি পাওঁ৷ সুঁতিত তাৰ লাঙীজাল এখন আছে৷ টোৰা মাছ বেচে৷ তাৰ জালত টোৰা মাছ লাগেই৷ তাৰ আগতে গৰু জৱাই কৰি পলিথিনত টোপোলা কৰি খ্ৰীষ্টান গাঁৱত বেচিছিল৷ ধৰা পৰি ঠিক মাৰ খাইছে৷ তাৰ পাছত খালী টোৰা মাছেই বেছে৷

ৰমেন বৰাই সাউৎকৈ দত্তৰ প্লেটৰ‌ পৰা বুন্দিয়া এমুঠি ল’লে৷ মিঠা খোৱা মানা আছে তেওঁৰ৷

: গোটেই চৰখনত এটা ভয়ংকৰ নেক্সাছ আছে৷ যিকোনো গাড়ী, বাইক সোমাই গ’লে ওলাই নাহে৷ ট্ৰাক ট্ৰাক গৰু সোমাই যায়৷ চব চোৰাই মাল৷ মাংস হৈ ওলায় পলিথিনত৷ কত লাচ চৰতে নাইকিয়া হয়৷ ই থানালৈ নিজে আহিছে বুলিহে৷ নহলে কাৰ সাহ চৰত সোমাই আচামী ধৰি আনে৷ কাৰ্পেট ব’ম্বিং কৰিব লাগে চাল্লা৷

আৰু এমুঠি বুন্দিয়া ভুজিয়া ল’লে ৰমেন বৰাই৷ মিঠাৰ প্ৰতি তেওঁৰ হাবিয়াস তীক্ষ্ণতৰ হৈ গৈ আছে৷

হন্ত দন্তকৈ পিয়লি সোমাই আহিল৷ চৰৰ পৰা কম দামতে নহৰু পিয়াঁজ কিনে সি৷ বতৰৰ পাচলি বজাৰলৈ অহালৈ দাম বাঢ়ি যায়৷ খেতিতে ধৰিব পাৰিলে প্ৰায় আধা দামতে পোৱা যায়৷

: চামচুলক সদৰলৈ চালান দিলে৷ বেচেৰা৷ বৰ ভাল আছিল ল’ৰাটো৷ আমাৰ লগৰে৷ ঘৈণীয়েকৰ লক ডাউনৰ পৰাই হাৰ্ণিয়া৷ ৰাতিৰ পাছত ৰাতি চিঞৰি চিঞৰি চাৰি পাঁচ বছৰ কটাই দিলে৷

...আমাৰে মাইৰা ফালাও গ’ বাবা..মাইৰা ফালাও..

 

 

ফোন-৯৮৫৪৫৬৬৪২৯

ন
লেখকৰ পৰিচয়

নীলোৎপল বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)