পাপৰি গোস্বামী
হঠাতে গৰমটো বেছিকৈয়ে পৰিছে৷ বাছখনৰ সোঁফালৰ ছিটকেইটাত দুপৰীয়াৰ চোকা ৰ’দ পৰি অস্বস্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷ বাছখনে যাত্ৰী উঠা-নমা কৰিবলৈ কোনো ঠাইত ৰৈ দিলেই যাত্ৰীসকল অধৈৰ্য হৈ পৰে৷ খিৰিকীত লগাই থোৱা ডাঠ ৰঙৰ পৰ্দাকেইখনে গৰমখিনিক দুগুণে চৰাইছে বুলি ক’লেও ভুল কোৱা নহ’ব৷ এই মুহূৰ্তত মোৰ মনত গৰমতকৈও মিহিৰৰ আপত্তিভৰা কথা কেইটাইহে বেছি অস্বস্তি দিছে৷ কিয়নো আহিবলগীয়া হৈছিল হকা-বাধাবোৰ নেওচি...৷ বাৰে বাৰে বাছত আহিবলৈ মানা কৰাৰ পাছতো আকোৰগোঁজ হৈ গুচি আহিলোঁ৷ মিহিৰে গাটো অলপ বেয়া বুলি কৈছিল৷ মই ভালদৰেই জানো মিহিৰৰ স্বভাৱ৷ অলপ বেয়া হ’লে কেতিয়াও গুৰুত্ব নিদিয়ে৷
চানাৱালা, আইচক্ৰীমৱালা দুটামানে বাছখনত উঠিবলৈ চেষ্টা কৰিছে যদিও হেণ্ডিমেনজনে উঠিবলৈ দিয়া নাই৷ ঠিক তেনেতে কিন্তু হাতত তালি বজাই হেণ্ডিমেনজনৰ গালত চিকুটি দি হিজৰা দুগৰাকী উঠিল৷ হেণ্ডিমেনজনৰ আপত্তিক অলপো ভ্ৰূক্ষেপ নকৰিলে৷ বিশেষ ভংগিমাৰে প্ৰতিজন পুৰুষ যাত্ৰীৰ পৰা দহ টকাকৈ দাবী কৰিবলৈ ধৰিলে৷ সন্মুখৰ ছিটত বহা মানুহজনে বিৰক্তিৰে খিৰিকীৰ পৰ্দাখন গুচাই দি মুখখন ঘূৰাই বাহিৰলৈ নিলে৷ তীক্ষ্ণ ৰ’দ সোমাই আহি মোৰ মুখত পৰিলহি৷ মোৰ কেইমিনিটমানৰ ভিতৰতে গালখন দেই যোৱাৰ দৰে হ’লগৈ৷ ঠিক তেনেতে পিছফালৰ পৰা দুজন যাত্ৰী নামি গ’ল৷ লগে লগেই বাওঁফালৰ খালী হৈ পৰা দুজনীয়া ছিটটোত গৈ বহি পৰিলোঁ৷
এনেহেন ৰ’দে খাওঁ খাওঁ কৰা এই ভৰ দুপৰীয়াটোৰ অসহ্যকৰ পৰিৱেশত এটা স্নিগ্ধ আৱেশ হৈ যুৱকজন সোমাই আহিল বাছৰ ভিতৰলৈ৷ পিন্ধনত শুধ বগা টি-চাৰ্ট আৰু নীলা জিনছ্৷ চুটিকৈ কটা চুলিৰে প্ৰায় ছয় ফুট ওখ, সবল সুঠাম অপূৰ্ব সুন্দৰ৷ মানুহ ইমানো সুন্দৰ হয়নে? স্বৰ্গৰ পৰা নামি অহা কোনো দেৱদূত নেকি?
গ্ৰীক ভাস্কৰ্য এটিহে এইমাত্ৰ যেন প্ৰাণ পাই উঠি আহিছে৷
এড’নিছ...!
হয়, এয়া এড’নিছেই৷ আটাইতকৈ সুন্দৰ গ্ৰীক পুৰুষ! প্ৰতিগৰাকী গাভৰুৰ স্বপ্নৰ পুৰুষ৷
হয়তোবা স্বৰ্গৰ পৰা নামি আহিছে কোনোবা এফ্ৰ’ডাইটিৰ সান্নিধ্য বিচাৰি৷
ঘাম, পাউদাৰ, সস্তীয়া পাৰফিউম আৰু ডিজেলৰ সংমিশ্ৰিত বিৰক্তিকৰ গোন্ধৰ মাজত এক ফুৰফুৰীয়া সুগন্ধি হৈ এডনিছে মোৰ কাষৰ খালী হৈ থকা ছিটটোত বহিবলৈ অনুমতি বিচাৰিছিল৷ এক লহমাৰ বাবে মই যেন বাছখনৰ অনান্য মানুহখিনিৰ উপস্থিতি পাহৰি গৈছিলোঁ৷ মই অলপ চাপি গৈ তেওঁক বহিবলৈ চকুৰে ইংগিত দিছিলোঁ৷ মই চাই ৰৈছিলোঁ তেওঁৰ দুচকুলৈ৷ বিদ্যুৎ তৰংগ এটি বৈ পৰিছিল হৃদয়লৈ৷ তন্ময় হৈ চাই ৰলোঁ বগা টি-চাৰ্টৰ তলত বহল বুকুখন, সৱল পেশীৰ বাহুদুটা আৰু দীঘল ডিঙিটোলৈ৷ এয়া দেৱদূত৷ কোনোবা হয়তো দেৱলোকৰ শাপিত পুৰুষ৷ বাষষ্ঠি বছৰীয়া জীৱনটোত দেখা আটাইতকৈ সুদৰ্শন পুৰুষ৷ মই প্ৰেমত পৰা নাইতো...! লাভ এট ফাৰ্ষ্ট ছাইট...! নিজকে নিজে প্ৰশ্ন কৰিলোঁ৷
হা হা হা... সম্ভৱ জানো! ড০ মিহিৰ চৌধুৰীৰ পত্নী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, দুজনীকৈ ছোৱালীৰ মাক এজনীয়ে বাষষ্ঠি বছৰ বয়সত পুনৰাই প্ৰেমত পৰিব পাৰে নে...! তাকো পঁচিছ কি ছাব্বিছ বছৰীয়া যুৱক এজনৰ প্ৰেমত!
অসম্ভৱ..৷
বাছখনে এতিয়া নতুন গতি এটা লৈছে৷ গছ-গছনি, ঘৰ-দুৱাৰ, পথাৰবোৰ পাৰ হৈ হৈ গৈ আছে৷ আৰু মোৰ মনে গতি লৈছে ল’ৰাজনৰ নেদেখা-নজনা জীৱনটোৰ প্ৰতি৷ যিমানেই বাছখনে ঠাইবোৰৰ নাম লিখা থকা দোকান পোহাৰৰ ছাইনব’ৰ্ডবোৰ পাৰ হৈছিল, তিমানেই কিবা এটা দুখবোধ হৈছিল৷ কাৰণ সময়বোৰ পাৰ হৈ গৈ আছিল৷
কি নাম ল’ৰাজনৰ ?
মই সুধিলোঁ নিজকে৷
এড’নিছ ৷
উত্তৰ আহিল ভিতৰৰ পৰা৷
মোৰ বাবে এই যুৱকজন এড’নিছেই ৷
: “য়হাঁ ছে পাণবাৰী কিতনা দূৰ হ্যেঁ?”
এডনিছে মোক সুধিছিল ৷
মই কিনো উত্তৰ দিম সেই মুহূৰ্তত মনলৈ অহা নাছিল ৷
মোৰ উত্তৰৰ অপেক্ষাত মোৰ চকুলৈ চাই আছিল৷ উত্তৰ দিছিলোঁ সময়ৰ লেখেৰে৷
: এঘণ্টাৰ বেছি লাগিব৷
থোকাথুকি হৈ ওলাইছিল নেকি মোৰ মাতটো!
পানীৰ বটলটো খুলি মোলৈ আগবঢ়াই দিছিল৷
বটলটো লওঁতে মোৰ আঙুলিকেইটাই তেওঁৰ আঙুলিক স্পৰ্শ কৰিছিল৷ অনুভৱ কৰিছিলোঁ এক ঐশ্বৰিক প্ৰশান্তি৷ হৃদয়ৰ প্ৰতিটো কোণেই ভৰি উঠিছিল এই অনুভূতিৰে৷ এয়া প্ৰেম নে অন্তহীন প্ৰশান্তিৰ এক স্বৰূপ !
অলপ পৰৰ আগৰ ৰ’দ, গৰম আৰু বিৰক্তিৰ ঠাই ল’লেহি গভীৰ শীতলতাই৷ চকু দুটা মুদ খাই আহিল৷
বাছখন গৈ আছিল৷ লাহে লাহে বাছখনে পাখি মেলিলে৷ শীতল বতাহ এছাটিয়ে দেহ- মন শীতল কৰি তুলিলে৷ ঘন শুকুলা ডাৱৰৰ মাজে মাজে বাছখন গৈ থাকিল৷ এখন নীলা চাদৰ হৈ পৰি আছিল নৈখন৷ এডি’নছৰ ইংগিতত বাছখনে ডেউকা জপাই ৰৈ গ’ল৷ চকু মেলি দেখিলোঁ,
সৌৱা এটা সেউজীয়া উপত্যকা৷ ৰাস্তাৰ দুয়োকাষে সেয়া প্ৰসাৰিত সেউজীয়া৷ সেউজীয়াখিনিৰ ঠিক মাজেৰে পাৰ হৈ গৈছে এক নীল জলধাৰা৷ দূৰৈৰ পাহাৰখনৰ পৰা হয়তোবা নামি আহে প্ৰতিদিনে এসোঁতা হেঙুলীয়া লৈ৷ এড’নিছে মোৰ হাতত ধৰি ক’লে, -
“ব’লা অলপ সেউজীয়া সামৰি লওঁ৷”
দুয়ো নামি আহিলোঁ৷
পাহাৰৰ নামনিত সৌৱা শাৰী শাৰী এজাৰ৷ বেঙুনীয়াই মোক হাত বাউলি দি মাতিছে৷ মই এড’নিছক এজাৰবোৰলৈ আঙুলিয়াই দেখুৱাই দিবলৈ লওঁতেই তেওঁ মোৰ গাত এসোপামান সেউজীয়া সানি দিলে৷ সদ্য যৌৱনপ্ৰাপ্ত কিশোৰী এজনী হৈ খিলখিলাই হাঁহি দিলোঁ৷ এজাৰলৈ হাত মেলিলোঁ৷ এড’নিছে বেঙুনীয়া এসোপা মোৰ চুলিত গুজি দিলে৷ সেউজীয়াৰ মাজে মাজে দুয়ো খোজ কাঢ়ি গৈ থাকিলোঁ৷ বতাহত উৰি থকা মোৰ শাৰীৰ আঁচলখন এখন সোণোৱালী দলিচা হৈ পৰিল৷ দলিচাৰ ওপৰত সিঁচৰতি হৈ পৰিল বেঙুনীয়া এসোপামান ৷ বেঙুনীয়া! মোৰ প্ৰিয় ৰং৷ এফ্ৰ’ডাইটিৰো প্ৰিয় ৰং বেঙুনীয়া...৷ এড’নিছে এই মুহূৰ্ততো এফ্ৰ’ডাইটিৰ কথাই মনলৈ আনিছেনে...! নাই নাই, এতিয়া এড’নিছ মোৰ সান্নিধ্যত৷
“ পাহাৰখনৰ সিটো পাৰে কি আছে?” মোক সুধিলে তেওঁ৷
“সপোন এটা আছে৷ যি সপোন বৰষুণৰ সৈতে নামি আহে৷” -মই কলোঁ৷
“ বৰষুণ আহিবনে? ”
“ প্ৰকৃতি আৰু পুৰুষৰ মিলন হ’লেই ধৰালৈ নামি আহে সপোনৰ বৰষুণ৷” -মই কলোঁ৷
“আহাঁ, আমি বৰষুণক মাতি আনো৷” -তেওঁ ক’লে৷
মই ৰাগ মলহাৰ গালোঁ৷ এড’নিছে সন্মোহিত চাৱনিৰে মোলৈকে চাই থাকিল৷ লাজৰ আৱৰণ এটাই মোক আৱৰি ধৰিলে৷ আকাশৰ নীলা খিনিয়ে লাহে লাহে কজলা বৰণ ল’লে৷ কোমল কোমল টোপালবোৰে দুয়োকে সাবটি ধৰিলে৷ দুয়ো হাত আকাশলৈ মেলি দি আমি পূৰ্ণ হৈ পৰিলোঁ৷ পৰিপূৰ্ণতাৰে ভৰি পৰিলোঁ ৷
পাহাৰখন নৈখনৰ কাষলৈ আহিল৷
“এফ্ৰ’ডাইটি… আহাঁ আমি পাহাৰৰ সিপাৰলৈ যাওঁ ৷”
মোৰ হাতত ধৰি এড’নিছে ক’লে৷
“মই নে? মোক কৈছা নে!” -মই আচৰিত হৈ সুধিলোঁ৷
“অ’ তোমাকেই কৈছোঁ৷ আৰুনো কোন আছে ইয়াত!”
নদীৰ পানীত এক প্ৰতিচ্ছবি ভাহি উঠিল ৷ এয়া দেখোন এক অপূৰ্ব সুন্দৰী নাৰী!
কোন এয়া! এফ্ৰ’ডাইটি!
এডনিছৰ প্ৰাণৰো অধিক এফ্ৰ’ডাইটি!
আস, মই এফ্ৰ’ডাইটি ৰূপ পালোঁ৷ প্ৰেম আৰু আশাৰ দেৱী এফ্ৰ’ডাইটি৷
নিজৰ ৰূপত নিজে মুগ্ধ হৈ পৰিছোঁ৷
দুয়ো পাহাৰ বগালোঁ৷ উজ্জ্বল জ্যোতিৰে ভাস্বত হৈ পৰিছিল আকাশ৷ দুবাহুত সামৰি লৈ এডনিছে মোক এপাহ ফুলৰ সুবাস ল’বলৈ দিলে৷
এয়া দেখোন এড’নিছৰ দেহৰ সুবাস!
মই তেওঁৰ মুখলৈ চালোঁ৷
“মোৰ মৃত্যুৰ পাছত মোৰ সুবাস তুমি এইপাহ ফুলতে পাবা৷”
“তুমি এনে কথা নক’বা এড’নিছ৷ তোমাৰ অবিহনে মোৰ জীৱন অৰ্থহীন৷”
“কিন্তু, মোৰ মৃত্যু যে অৱশ্যম্ভাৱী৷ মই শাপিত৷ তোমাৰ দুবাহুত মোৰ মৃত্যু যে নিশ্চিত৷”
“নাই নাই, এয়া মিছা৷ তোমাৰ মৃত্যু নহয় এড’নিছ৷ তোমাক জীয়াই ৰাখিম৷”
“এয়াই দেৱতা জিউছৰ ইচ্ছা সোণজনী৷ চোৱাঁ, এৰিয়াছৰ ছলনাত সৌৱা মোৰ মৃত্যুদূত উপস্থিত হৈছে৷
আস, সেয়া বনগাহৰিটো মোৰ পিনেই চোঁচা মাৰি আহিছে ৷ বিদায় এফ্ৰ’ডাইটি, বিদায়…৷”
… পাণবাৰী বাজাৰ, পাণবাৰী বাজাৰ… নামা আছে, নামি লওক…
তীক্ষ্ণ তথা কৰ্কশ মাত এটাত চক্ খাই উঠিলোঁ৷ পাণবাৰী মদজিদৰ সন্মুখতে বাছখন ৰৈ গ’ল৷
বেগটো কান্ধত তুলি লৈ তেওঁ ছিটৰ পৰা উঠিল৷ তেওঁৰ যোৱা ক্ষণটোত বিহ্বল হৈ পৰিছোঁ নেকি মই! নিজকে সুধি চালোঁ৷
বিদায় পৰত এবাৰো নোচোৱাকৈ, এষাৰ মাতো নিদিয়াকৈ তেওঁ গুচি যাব নেকি!
ক্ষণিকৰ ব্যৱধান৷ তেওঁ ঘূৰি চালে৷
“বিদায় এড’নিছ৷”
মই ক’লোঁ৷
“তাহেৰ৷ তাহেৰ মহম্মদ৷”
হাঁহি এটা মাৰি তেওঁ ক’লে৷
হয় হয়৷ তাহেৰ৷
“বিদায় তাহেৰ৷”
নালাগে তুমি এড’নিছ হ’ব৷ নালাগে কোনো শাপগ্ৰস্ত জীৱন জীবলৈ৷
গৌৰীপুৰ পাওঁতে প্ৰায় সাঁজ লাগিছিল৷ কিনকিনিয়া বৰষুণ এজাকে দুপৰীয়াৰ উত্তাপখিনি প্ৰায় শীতল কৰি পেলাইছিল৷ মিহিৰ ৰৈ আছিল মোৰ বাবে ৷ ছিটবেল্টডাল বান্ধি লৈ মই মিহিৰৰ মুখলৈ চালোঁ৷ কিবা এটা হিন্দী গানৰ কলি গুণগুণাই মিহিৰে গাড়ী ষ্টাৰ্ট দিছিল৷
গ্লাছখন নমাই দিয়াত বৰষুণৰ ছিটিকনি আহি মোৰ মুখত পৰিল৷ এড’নিছলৈ মনত পৰি গ’ল ৷
নহয়, তাহেৰৰ মুখখন মনলৈ আহিল৷
কিবা এক অজান অবুজ ভাললগাই শিহৰণ তুলিলে মনটোত ৷
“জানা মিহিৰ, আজি বাছত খুব হেণ্ডছাম ল’ৰা এজন লগ পালোঁ৷ আজিলৈকে ইমান সুন্দৰ যুৱক দেখিছোঁ বুলি মনে নধৰে৷”
“মোতকৈও হেণ্ডছাম নে?” -মিহিৰে স্বভাৱসুলভ হাঁহি এটাৰে সুধিলে৷
গিয়েৰত থকা হাতখনৰ ওপৰত মৃদু চাপেৰে মোৰ হাতখন ৰাখি ক’লোঁ৷
“ওহোঁ, কেতিয়াও নহয়৷”
**********
ঠিকনা :
গোলকগঞ্জ, ধুবুৰী
ভ্ৰাম্যভাষ - ৯৭০৬৯১১৫৩৩
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)