৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জীৱন বিচাৰি

লেখকঃ পাপৰি গোস্বামী • প্ৰকাশিতঃ ২৮ ডিচেম্বৰ, ২০২৪
১২ মিনিট পঠন • ২৩১৬ বাৰ পঢ়া হৈছে

 পাপৰি গোস্বামী

 

মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও  ঘৰ নিৰ্মিয়মান অৱস্থাত আছিল৷  অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট ঠিকনালৈ লৈ আহিছিল৷  পুৰণি কাঠৰ  দুমহলীয়া ঘৰটোৱেই আমি বিচাৰি অহা ঠিকনাটো৷ প্ৰকাশৰ সৈতে মোৰ বিয়াৰ চাৰি মাহো হোৱা নাছিল তেতিয়া৷ প্ৰকাশৰ ট্ৰেন্সফাৰৰ খবৰটো পাই দেউতাই ফোনযোগে জনাইছিল যে চহৰখনত দেউতাৰ সম্পৰ্কীয় মোমায়েকৰ এটা ঘৰ আছে৷ এনেয়ে তাত কোনো নাথাকে এতিয়া৷ ঘৰটো চোৱা-চিতা  কৰাৰ বাবে  ল’ৰা এটা ৰাখি থৈছে৷ মাজে মাজে মোমায়েকে ব্যৱসায়ৰ কামত অহা-যোৱা কৰি থাকে৷ তাত গৈ পাই যেন জোঁৱায়েকৰ সৈতে মই গৈ এবাৰ দেখা কৰোঁ৷ তিনিটা কোঠালিৰ ভাড়াঘৰটো থান-থিত লগাই আমি দেউতাই দিয়া ঠিকনামতে ককাদেউতা মানে দেউতাৰ সম্পৰ্কীয় মোমায়েকক দেখা কৰিবলৈ আহিছিলোঁ৷ 

       

অটোচালকক বিদায় দি গেটখন খুলি ভিতৰলৈ সোমাই অলপ অপ্ৰস্তুত হ’লোঁ৷ দিনৰ এঘাৰ বজাতো ভিতৰখন প্ৰায় অন্ধকাৰ৷ কলিং বেলটো বজাই দিয়াত এজন  পঁচিশ-ছাব্বিশ বছৰীয়া ল’ৰাই খটখটিৰে নামি আহিল৷ আমি দেউতাৰ মোমায়েকৰ মানে মোৰ ককাদেউতাৰ লগত মোৰ সম্পৰ্কৰ কথা কোৱাত আথে-বেথে মাতি ওপৰলৈ লৈ গ’ল৷ প্ৰথম কোঠাটো আলহী বহা কোঠা৷ তাতেই আমাক বহিব দি ক’লে যে ককাদেউতা অলপ দৰকাৰী কামত ওলাই গৈছে৷  আধাঘণ্টামান পিছতে আহি পাব৷ আমি যোৱা কথাটো হয়তো দেউতাই জনাইছিল৷ ভগীৰথ, মানে ল’ৰাজনৰ কথাবতৰাৰ পৰা তেনে অনুমানেই হ’ল৷ ককাদেউতাই হেনো সেইদিনা ৰাতিয়েই কলকাতালৈ যাব৷ অলপ সময় পিছতে ভগীৰথে চাহ-জলপানেৰে ভৰা ট্ৰে এখন আনি সন্মুখৰ টেবুলত থ’লে৷ বৰ কথকী ল’ৰাজন৷ কথাই কথাই ওলাল যে, ভগীৰ ঘৰ প্ৰকাশহঁতৰ মোমায়েকৰ কাষৰ গাঁওখনতে৷ 

কমেও পঞ্চাশবছৰীয়া ঘৰটো দেখিলে এনে লাগে যেন কেৱল ব্যৱসায়িক স্বাৰ্থতহে ঘৰটো  সজা হৈছিল৷ সাধাৰণতে, পুৰণি অভিজাত পৰিয়াল কিছুমানৰ কাঠৰ দুই-তিনিমহলীয়া ঘৰবোৰ যেনেধৰণৰ হয়, এই ঘৰটো ঠিক তেনে নাছিল৷ তলৰ মহলাত কোঠা বুলিবলৈ কেৱল এটাই৷ এফালে দুটা গা ধোৱা ঘৰ আৰু শৌচালয়৷ বাকী অংশ খালী৷ হয়তো গাড়ী ৰাখিবলৈ ব্যৱহাৰ হয়৷ তলত থকা কোঠাটো বেচ ডাঙৰেই৷ ষ্টোৰৰুম হিচাপে ৰখা হৈছে৷ কাষেৰে ওপৰ মহলালৈ কাঠৰ খটখটি৷ ওপৰত  তিনিফালে দীঘল বাৰাণ্ডা লোহাৰ ৰেলিং দিয়া৷ এফালে খোলা৷ পাকঘৰটো মিলি মুঠতে পাঁচটা কোঠা৷ প্ৰতিটো কোঠাৰ পৰাই বাৰাণ্ডালৈ একোখন দুৱাৰ৷ অৰ্থাৎ, কোঠাবোৰ কোনোটোৰ লগতে কোনোটো সংলগ্ন নহয়৷

 

ককাদেউতালৈ অপেক্ষা কৰি থকা সময়খিনিতে প্ৰকাশৰ লগত ভগীৰথৰ বন্ধুত্ব হৈ গৈছিল৷ মই বাৰাণ্ডালৈ ওলাই আহি চাৰিওফালে চাই থাকোঁতে হঠাতে এটা কোঠাৰ দুৱাৰ খুলি এগৰাকী পুৰুষ ওলাই আহিল৷ মই চক্ খাই উঠা বুলি গম পাই তেওঁ বৰ নম্ৰভাৱে মোৰ মুখলৈ চাই লাহেকৈ ক’লে, ‘ছৰী’৷  অবিনস্ত্য কেকোঁৰা দীঘল চুলিৰে পিন্ধনত জিনছ্ আৰু জোখতকৈ ডাঙৰ বগা কামিজ৷ বয়স হয়তো চল্লিছৰ ওচৰে পাজৰে৷ হাতত কাগজৰ দীঘল নুৰা আৰু কান্ধত দীঘল কাপোৰৰ মোনা এটা লৈ মানুহজনে এইবাৰ ভগীক চিঞৰি তেওঁৰ যে আহোঁতে পলম হ’ব কৈ কৈ খৰধৰকৈ খটখটিৰে নামি গ’ল৷ ভগীয়ে  মানুহজন যোৱাৰ পিনে চাই কিবা ভোৰভোৰালে৷ দেখিলেই বুজিব পাৰি যে ভগী মানুহজনৰ প্ৰতি অলপ অসন্তুষ্ট৷

ককাদেউতাই আমাক পাই বৰ ভাল পালে৷ দেউতাৰ সৈতে জড়়িত পুৰণি স্মৃতি ৰোমন্থন কৰিলে৷  এই ঘৰটোৰ বিষয়ে, ভগীৰ পৰিচৰ্য্যাৰ বহু কথা ক’লে যদিও ঘৰটোত থকা তৃতীয় ব্যক্তিগৰাকীৰ বিষয়ে একো নকলে, ময়ো নুসুধিলোঁ৷ পিছলৈকেও তেখেত থকা দিনকেইটাত প্ৰায়েই আমি গৈছিলোঁ৷  পৰিৱেশটো সহজ কৰি তুলিছিল ভগীৰ আত্মীয়তাই৷ দ্বিতীয় নে তৃতীয় দিনা মানুহজনৰ সৈতে ককাদেউতাই চিনাকি কৰি দিছিল৷ তেওঁ এগৰাকী  চিত্ৰকৰ আছিল৷  আৰ্ট স্কুল দুখনমানত ক্লাছ লয়৷ ইতিমধ্যেই চিত্ৰকৰ হিচাপে ৰাজ্যত তেওঁ কিছু খ্যাতি লাভ কৰিছে৷ তাৰোপৰি, কেইবাখনো আলোচনীৰ সম্পাদনাৰ লগতো জড়িত হৈ আছে৷ কোঠাবোৰ এনেয়ে পৰি থাকে বাবে ককাই থাকিবলৈ দিছিল৷  কেৱল খোৱা-বোৱাৰ খৰচ কিবা এটা দিব বুলি বন্দোৱস্ত হৈছিল যদিও চিত্ৰকৰে কেতিয়াও দিয়া নাছিল৷ এই লৈ ভগীৰ অসন্তুষ্টি৷ তাৰোপৰি, ককা নথকা দিনবোৰত চিত্ৰকৰে হেনো ভগীৰ ওপৰত মালিকীস্বত্ব খটুৱাই৷ এয়া ভগীৰ কথা৷

ককাদেউতা নথকাৰ দিনতো ভগীৰ অনুৰোধত ঘৰটোত আমি মাজে মাজে গৈ থাকিলো৷ লাহে লাহে চিত্ৰকৰ আমাৰ সৈতে সহজ হৈ পৰিছিল৷ সন্ধিয়া সময়ত গ’লে তেখেতক প্ৰায়েই ল’গ পাইছিলোঁ৷ কোঠাৰ পৰা ওলাই আহি আমাৰ সৈতে বহে৷ তেওঁৰ কথা-বতৰাবোৰে বিভিন্ন বিষয়ৰ মাজেৰে গৈ গৈ শেষত চিত্ৰক’লাৰ ওপৰতে ৰৈ যায়৷ স্বাভাৱিকতে, প্ৰকাশ বিৰক্ত হয় আৰু তেওঁ ভগীৰ লগত কথা পাতিবলৈ চেলু একোটা উলিয়াই লৈ বাহিৰলৈ ওলাই যায় ৷

   : তুমি   ভিন্সিৰ  ‘ দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’  চিত্ৰখন দেখিছানে?

তেওঁ সুধিছিল৷ ইতিমধ্যে, বয়সত যথেষ্ট সৰু বুলি জানি  ‘তুমি’ সম্বোধনলৈ আহিছিল৷ মই কান্ধ দুটা জোকাৰি কৈছিলোঁ

:  না, মই কেৱল  ‘ম’নালিজা’ আৰু ‘দ্য লাষ্ট চাপাৰ’ এই দুখন হে দেখিছোঁ৷

 :  মোৰ হিচাপে ‘দ্য ভাৰ্জিন অৱ দ্য ৰ’ক’ চিত্ৰখন ভিন্সিৰ  সৰ্বোত্তম কৃতি৷ কিন্তু, তুমি বা বিশ্বৰ প্ৰায় সকলোৱে ভিন্সিক তুমি উল্লেখ কৰা চিত্ৰ দুখনেৰে হে চিনি পায়৷ 

ভেন গ’গৰ পৰা এম এফ হুছেইনলৈকে মহান চিত্ৰকৰসকলৰ জীৱন দৰ্শনৰ সৈতে চিত্ৰসমূহৰ বিষয়বস্তুৰ মিল-অমিলৰ ওপৰত একো একোটা গুৰু গম্ভীৰ বক্তব্য ৰাখে৷ মুৰ দুপিয়াই থকাৰ বাদে একো  কৰিবলগীয়া নাছিল মোৰ৷

  

এদিন আমাক তেওঁৰ কোঠালৈ মাতি  নিছিল৷  এজনীয়া সৰু বিচনা এখন , টেবুল এখন আৰু দুখন চকীৰ বাহিৰে বেলেগ আচবাব নাছিল৷ চাৰিওফালে বিশৃংখলভাৱে পৰি আছিল ৰং, ব্ৰাছ, কেনভাছবোৰ৷ দুখন মান অসমাপ্ত কেনভাছ মজিয়াত পৰি আছে৷ বিচনাখনৰ বিপৰীত দিশৰ বেৰত এগৰাকী  বিশ-একৈশ বছৰীয়া যেন লগা সুন্দৰী নাৰীৰ ছবি৷  চকু দুটা সাগৰৰ দুচামুচ নীলা৷ বগা চেলোৱাৰ কামিজ পৰিহিতা নাৰীৰ নীলা ওৰণাখনে বুকুৰ এফাল ঢাকি আছে৷ ঢৌ খেলা কজলা ঘবৰণীয়া দীঘল চুলি, কাণত মুক্তাৰ কাণফুলি৷ স্নিগ্ধ, সৌম্য ৰূপ এটা৷ বিশৃংখলতাৰে ভৰি থকা কোঠাটোত যেন খাপ নোখোৱা কিবা এটা৷ 

  : কোন এখেত?

  ছবিখনলৈ চাই থাকি মই সুধিছিলোঁ৷ 

: এয়া মোৰ প্ৰেমিকা৷ মোৰ প্ৰেৰণা৷ মোৰ কৰ্ম, মই জীয়াই থকাৰ প্ৰেৰণা৷ 

এক প্ৰকাৰ নাটকীয় ভংগীৰে তেওঁ কৈছিল৷ মনতে তেওঁৰ সৈতে ছবিৰ নাৰী গৰাকীৰ বয়স মিলাই চাইছিলোঁ৷ ভগীয়ে চাহ লৈ আহিছিল৷ 

 :  ইহ, বেটা চল্লিছ বইছৰা বুঢ়া এটা৷ তাক আৰো লাগে আশ্বৰ্য্য ৰাইক৷  দুইদিন পাছত দেৱদাস হৈ ঘূৰি ফুৰবি যা... ৷ 

ভগীয়ে ভোৰভোৰাইছিল৷ ভগীৰ কথাকেইটাই আমাক বহুদিনলৈ হাঁহিৰ খোৰাক দিছিল৷ ভগীয়ে কোৱা মতে, ছোৱালীজনীয়ে হেনো চিত্ৰকৰৰ পৰা প্ৰশিক্ষণ লৈছিল৷ সেয়াই আৰম্ভণি, মাহেকে পষেকে ছোৱালীজনীয়ে ইয়ালৈ আহে৷ সেই দিনবোৰত চিত্ৰকৰে পাকঘৰত ভগীৰ ঠাই লয়৷ প্ৰেমিকাক সন্তুষ্ট কৰাৰ চেষ্টা কৰে৷ খোৱা-শোৱা বাদ দি বহুকেইখন ছবি কেৱল ছোৱালীজনীৰ বাবেই আঁকিছে৷ পিছে ছোৱালীজনীয়ে হেনো চিত্ৰকৰক জখলা হিচাপেহে ব্যৱহাৰ কৰিছে৷ 

প্ৰায় এবছৰত ঘৰটো আৰু ভগীৰথ আমাৰ আপোন যেন হৈ পৰিছিল৷ ইতিমধ্যে, প্ৰকাশৰ পুনৰবাৰ ট্ৰেন্সফাৰৰ অৰ্ডাৰ হৈছিল৷ এইবাৰ পোষ্টিং অসমৰ বাহিৰত হৈছিল৷ ঠাইখন এৰাৰ আগদিনা শেষৰবাৰৰ বাবে ঘৰটোলৈ গৈছিলোঁ৷ ককা নাছিল৷ ভগীৰ কাৰণে কিবা কিবি উপহাৰ লৈ গৈছিলোঁ৷ ভগীয়ে শেষৰ বাৰৰ বাবে জুতি লগাকৈ মাছৰ টেঙা আৰু কলফুলৰ ঘণ্ট ৰান্ধি খুৱাইছিল৷ ৰাতি ভালেমান হৈছিল৷ বহুপৰ ৰৈ আছিলোঁ চিত্ৰকৰৰ বাবে৷ কিন্তু তেখেত আহি নোপোৱাত আমি গুচি আহিলোঁ৷ পিছদিনা, ভগীয়ে আমাক বিদায় দিবলৈ আহি এটা পেকেট মোৰ হাতত দি কৈছিল, 

“বুঢ়াটুই দিছি দেখুন তুমাক গেলি”৷ 

দুখন তেখেতৰ সম্পাদনাত প্ৰকাশিত আলোচনী৷ তাৰ মাজত এখন তেওঁ নিজে অঁকা ছবি৷ তলত সৰুকৈ লিখা আছে “দ্য ভাৰ্জিন অৱ দ্য ৰ’ক”, জাষ্ট ট্ৰায়িং৷. 

বহুদিনলৈ ভগীৰ সৈতে ফোনেৰে যোগাযোগ চলি আছিল৷ চিত্ৰকৰৰ ওপৰত তাৰ বিৰক্তি হয়তো চৰম পৰ্য্যায় পাইছিল৷ ভগীৰ কথাবোৰত গম পাইছিলোঁ৷ তাৰ পাছত লাহে লাহে যোগাযোগ কমি আহিছিল৷ লেণ্ডলাইন ফোনবোৰো নোহোৱা হ’বলৈ ধৰিছিল৷ এবাৰ ঘৰলৈ যাওঁতে শুনিছিলোঁ ককাদেউতা হাৰ্ট এটেক হ’ল৷ ঘৰটোৰ স্বত্ব লৈ পৰিয়ালৰ মাজতে কিবা কেছ  চলি আছে৷ ভগীৰথে  হেনো  গুৱাহাটীত অটোৰিক্সা চলায়৷  পিছত বহুবাৰ চেষ্টা কৰিও ভগীৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ৷ 

 

প্ৰায় বাইছ বছৰ পিছত ঘটনাক্ৰমে ঠাইখনলৈ আহিলোঁ৷ বহুত সলনি হৈছে ঠাইখন৷ মনত পিছে পুৰণি কথাবোৰ সজীৱ হৈ পৰিল৷ পুৰণি কাঠৰ দুমহলীয়া ঘৰটোৰ ঠাইত এতিয়া বাৰমহলীয়া এপাৰ্টমেণ্ট এটা৷ কাষৰ ঘৰবোৰো চিনিব নোৱাৰা৷ চিত্ৰকৰৰ আৰ্ট স্কুলখন এতিয়াও তেনেদৰেই আছে৷ আমাৰ সন্মুখেৰে কেইটামান ল’ৰা-ছোৱালী ওলাই গ’ল৷ হয়তো  ক্লাছ শেষ হৈছিল৷ সোমাই গ’লোঁ৷ বাইছ বছৰ আগত যেনেদৰে পাইছিলোঁ, ঠিক তেনে হৈয়েই আছে তেখেত৷ দুটাকৈ যুগে যেন একো প্ৰভাৱ পেলাব পৰা নাই তেখেতৰ ওপৰত৷ আমাক দেখি উৎফুল্লিত হৈ উঠিল৷ ভগীৰ কথাও ওলাল৷ দুটা কোঠাৰ ঘৰটোৰ এটা কোঠাত আৰ্ট ক্লাছ কৰে৷ আনটোত তেওঁৰ ব্যক্তিগত অকলশৰীয়া জীৱন৷ একেই বিশৃংখল কোঠা এটা৷ এচুকত ৰন্ধা-বঢ়াৰ ব্যৱস্থা৷ দৈন্যতাৰ চিন পৰিস্ফুট৷ মোৰ মন গৈছিল তেওঁৰ প্ৰেমিকাৰ বিষয়ে জানিবলৈ৷ কোঠা দুটাৰ চাৰিওফালে চকু ফুৰালোঁ৷ বিচাৰি থকা ছবিখন নেদেখিলোঁ৷ হঠাতে এখন কেনভাছত কিশোৰী এগৰাকীৰ অসম্পূৰ্ণ ছবি৷ চকু দুটা চিনাকি চিনাকি লাগিল৷ মনত পৰাৰ দৰে মই তেওঁৰ চকুলৈ চালোঁ৷

 “মোৰ প্ৰেমিকা৷ মোৰ তপস্যা৷ জীয়াই থকা বাসনা” তেওঁ ক’লে৷ একেই নাটকীয় ভংগীৰে৷  চকু দুটাত এক উজ্জ্বল তিৰবিৰণি৷ 

 “অৰ্ধ সম্পূৰ্ণ যে..!” 

নিজেই যেন নিজকে ক’লোঁ৷ 

“এইখন কেতিয়াও সম্পূৰ্ণ কৰা নহ’ব৷ আৰু  সম্পূৰ্ণ নোহোৱালৈকে মোৰ তপস্যা চলি থাকিব৷” 

তেওঁৰ উত্তৰত অন্তহীন উদ্দীপনা৷ 

সন্মোহিত হৈ চাই ৰ’লোঁ৷ প্ৰেমে কি কৰিব নোৱাৰে..! 

উভতি আহি থাকোঁতে প্ৰকাশে ভগীৰথে  কোৱাৰ দৰে কৈ  হাঁহিলে , “বেটা ষাঠি বইছৰা বুঢ়া, তাক লাগে আলিয়া ভট্টক”৷ 

মই তেতিয়া চিত্ৰকৰৰ তিৰবিৰাই থকা চকু দুটাত জীৱনটো বিচাৰি আছিলোঁ৷ 

                  

*****

ঠিকনা :

 

পাপৰি গোস্বামী 

গোলোকগঞ্জ, ধুবুৰী 

ফোন নম্বৰ : ৯৭০৬৯১১৫৩৩

                    ৭০০২৬২০৫০০

 

প
লেখকৰ পৰিচয়

পাপৰি গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)