৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰেম আৰু পক্ষী

লেখকঃ ড° ৰঞ্জিত দত্ত • প্ৰকাশিতঃ ২৭ মে’, ২০২৫
২ মিনিট পঠন • ৩৬৮৮ বাৰ পঢ়া হৈছে

মূল : ডব্লিউ বি য়েটছ

অনুবাদ : ড° ৰঞ্জিত দত্ত

নাটকখন চাই থকাৰ নিচিনাকৈয়ে

পাৰ হৈ গ'ল ক্ষণবোৰ।

 মোৰ প্ৰজ্ঞা 

আনিব পাৰে মাথোঁ  প্ৰেমেহে।

এই সকলোবোৰ কিন্তু

মোৰ  মাৰ মানসিক সজাগতাৰহে

এটি অংশ,

যদিও মই কব পাৰোঁ

এই সকলোবোৰ

তথাপি তাৰ বাবে প্ৰশংসা কেৱল তেওঁৰেহে।  

এগৰাকী ৰজাৰ দৰেই 

তেওঁ সুখী আছিল,

কিন্তু ম্লান হৈছিল লাহে লাহে 

প্ৰেমৰ জ্যোতিহে।

বিশ্বাস কৰিছিল প্ৰতিটি শব্দই,

বিশ্বাস কৰি  কৈছিলোঁ সকলো,

মই প্ৰশংসা কৰিছিলোঁ

তেওঁৰ দেহ আৰু তেওঁৰ  মনক

যেতিয়ালৈকে এক  আত্মগৌৰৱে

উজলাই তুলিছিল

তেওঁৰ দুচকু,

আনন্দত হৈ উঠিছিল

তেওঁৰ গালদুখন সেন্দূৰীয়া,

আত্মগৰ্বৰ আভাৰে জিলিকি উঠিছিল

তেওঁৰ পদধ্বনি।

তথাপি,

এই সকলো প্ৰশংসাৰ পৰা

আমি একোকে নাপালোঁ

চৌদিশে  আন্ধাৰ

মাথোঁ আন্ধাৰ।

এটি শিলৰ দৰেই নিশ্চুপ হৈ

মই বহি পৰিছিলোঁ

যদিও একো কোৱা নাছিল তেওঁ,

যদিও  জানিছিলোঁ

প্ৰেমৰ শ্ৰেষ্ঠতাখিনিৰ মৃত্যু হবই,

নোহোৱা কৰিব নোৱাৰি সেয়া

অতি নিৰ্মমভাৱে;

সেয়া প্ৰেম নাছিল 

সেয়া আছিল 

এটি অসংযত  সৰু  পক্ষীৰ

এক কৰুণ ক্ৰন্দন।

দলিয়াই পেলালোঁ বতাহত

তেওঁৰ সেই স্বপ্নোপম চন্দ্ৰমাক।

ড
লেখকৰ পৰিচয়

ড° ৰঞ্জিত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)