৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নাও বাই বাইজেনটিয়ামলৈ

লেখকঃ অনুভৱ তুলসী • প্ৰকাশিতঃ ২৭ মে’, ২০২৫
২ মিনিট পঠন • ৪৭৫ বাৰ পঢ়া হৈছে

  মূল :  W.B. Yeats

অনুবাদ : অনুভৱ তুলসী


এইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু,

যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই

–সৌ মৃত্যুমুখী প্ৰজন্ম যত –গীত-মাত মুখৰ

পাহাৰী-প্ৰপাতী চামন, মেকৰেল মেটমৰা সাগৰ

উৰণ বুৰণ গজন ভ্ৰমণ, জীৱ মাত্ৰকে কৰ্মমগন

হৈছে যত সৃজন, জন্মবেলা জন্মে, মৰণপৰত মৰে

সব উদাসী সেই ইন্দ্ৰিয়সংবেদী সংগীতৰ জালবন্দী

বয়সৰ আঁচোৰ নপৰা সৃজনীকল্পৰ সব শিল্পকীৰ্তি

এক বয়োবৃদ্ধ লোক, লেখৰো নহয় জোখৰো নহয়

বিবৰ্ণ কোট জীৰ্ণ পটলুং খুঁটিত ওলমি থাকে, যদি

আতমাই হাতচাপৰি বাই নাগায় গান, কণ্ঠ উজাৰি

কটাকানি সী সী প্ৰস্তুত কৰা জঙ্গম সাজক শুনাবলৈ

তাত নেথাকে গানৰ স্কুল, নেথাকিলেও নাই, পিছে,

নিজৰে চাৰু-কাৰু কীৰ্তিচিহ্নৰ অধ্যয়ন হ’লে আছে

সেই হেতু সাতসাগৰ সিপাৰলৈ মোৰ এই নাও বোৱা

আহি আহি পৱিত্ৰপুৰী বাইজেনটিয়াম ওলোৱা

দেৱতাৰ বাবে কৰা হোমৰ অগনি মুগ্ধ অ’ ঋষিগণ

এক সুবৰ্ণ খচিত প্ৰাচীৰ চিত্ৰত আছে যেনেকৈ অংকিত

ঘৃতাগ্নি এৰি আঁহাচোন, চক্ৰাকাৰে আৱৰ্তিত

হে ওজা গায়কগণ মোৰ অন্তৰাত্মাক শিকোৱা গীত-মাত

ক্ষীয়মান হিয়াখনি মোৰ, স্পৃহা আক্ৰান্ত,

যুটি দিয়া মুমূষুৰ্ এক পশুৰ লগত

যি নিজৰ বিষয়ে নেজানে একো আৰু সামৰি-সুতৰি

লোৱাচোন বেগতে চিৰন্তনৰ নিয়াৰিত

এবাৰ ওলাব পাৰিলে নলওঁ পুনু অবধাৰিত আকৃতি

নধৰো নধৰো ৰূপ এই জগতৰ জীৱ-জন্তু একোৰে

সোণ ৰূপ হাতুৰীৰে পিটি গ্ৰীচদেশৰ সোণাৰীয়ে গঢ়া

যিকোনো ৰূপকে ল’বলৈ ৰাজী আছো মই

যি জগাব পাৰে কলমটিয়াই থকা এক সম্ৰাটক

সোণৰ গছৰ ডালত বহি লৈ জুৰিম গীত

বাইজেনটিয়ামৰ প্ৰভুঈশ্বৰ ঈশ্বৰী সকলক শুনাবলৈ

পাৰ হৈ যোৱা, পাৰ হও হও, আহি থকা কালৰ সংগীত

অ
লেখকৰ পৰিচয়

অনুভৱ তুলসী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)