৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ত্ৰিপুৰাই ৰিঙিয়ায়

লেখকঃ অংগনা চৌধুৰী • প্ৰকাশিতঃ ২৪ ফেব্ৰুৱাৰী, ২০২৪
৬ মিনিট পঠন • ৪২৭৯ বাৰ পঢ়া হৈছে
ত্ৰিপুৰাই ৰিঙিয়ায়
ডাঙৰকৈ চাওক (Zoom)

 অংগনা চৌধুৰী

 

বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷ আগৰতলাৰ মাজ মজিয়াতে থকা ‘সোণাৰ তড়ী’ নামেৰে এখন হোটেলত আমাৰ বাবে ৰূম আগতীয়াকৈ অনলাইন যোগে বুকিং কৰি থৈছিলোঁ৷ সেয়ে বিমান বন্দৰৰ পৰা টেক্সী লৈ চিধাই তালৈ গ’লোঁ৷ প্ৰথমে গা-পা ধুই সতেজ হৈ ইলিচ মাছৰ চৰ্চৰী আৰু মূৰ্গী মাংসৰ তৰকাৰীৰে ভাতসাঁজ উদৰ পূৰাই খাই ল’লোঁ৷ তাৰ পাছত অ’ট’ এখন লৈ হোটেলৰ পৰা সামান্য দূৰত থকা আখাউৰা সীমান্তলৈ ঢাপলি মেলিলোঁ ভাৰত-বাংলাদেশ সীমান্তত হোৱা পেৰেড চাবলৈ৷ যদিও ইয়াত ৱাগাহ বা আট্টাৰি সীমান্তত চোৱা ভাৰত-পাকিস্তানৰ পেৰেডৰ দৰে বিশাল আয়োজন কৰা নহয়, তথাপি সেইদিনা আমি এক সুন্দৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’লোঁ৷ তাৰ পাছত আমি গ’লোঁ চহৰৰ কেন্দ্ৰত থকা উজ্জয়ন্তা পেলেচলৈ৷ ১৯০১ চনত মহাৰাজা ৰাধাকিশোৰ মাণিক্যই এই আটকধুনীয়া প্ৰাসাদটো নিৰ্মাণ কৰোৱাইছিল৷ ইয়াৰ ভিতৰত এটি মিউজিয়ামো আছে৷ মিউজিয়ামত ত্ৰিপুৰাৰ ঐতিহ্য সম্বলিত প্ৰায় সকলো বস্তুৱেই আটোমটোকাৰীকৈ সংৰক্ষণ কৰি ৰখা হৈছে৷ মিউজিয়ামটো চাই, ফুলনি বাগিচা, বিজুলী বাতিৰে সুসজ্জিত চৌহদটোত ঘূৰি আৰু শুভ্ৰৰঙী উজ্জয়ন্তা পেলেচৰ কাৰুকাৰ্য দেখি আমি মুগ্ধ হ’লোঁ৷ তাতে চাৰে ছয় বজাৰ পৰা গধূলি লাইট এণ্ড ছাউণ্ড শ্ব’ও হয়৷ পেলেচৰ লগতে এখন কেফেও আছে৷ তাতে গৰম গৰম কফি আৰু কাটলেটেৰে গধূলিটো মুখৰিত কৰি আমি অনাই-বনাই চহৰখনতে কিছু ফুৰিলোঁ আৰু তাৰ পাছত হোটেললৈ বুলি বাট পোনালোঁ৷ পাছদিনাৰ দিনজোৰা ভ্ৰমণসূচীয়ে আমালৈ বাট চাই আছিল, সেয়ে শৰীৰটোক কিছু জিৰণি দিয়া উচিত৷





পাছদিনা পুৱা ব্ৰে’কফাষ্ট কৰি উঠি আমি দিনটোলৈ ওলাই যাবলৈ সাজু হ’লোঁ৷ হোটেলৰ পৰাই আমাক গাড়ী এখন ঠিক কৰি দিলে৷ আমি প্ৰথমে যাম গোমতী জিলাত থকা ত্ৰিপুৰা মাতাৰ মন্দিৰলৈ আৰু তাৰ পাছত যাম চিপাহীজালা জিলাত থকা নীড়মহললৈ৷ আমি থকা অঞ্চলৰপৰা নীড়মহল প্ৰায় ষাঠি কিলোমিটাৰ নিলগত৷ গৈ থাকোঁতে বাটতে ত্ৰিপুৰা মাতাৰ মন্দিৰো পাই যায়৷ ১৫০১ চনত মহাৰাজা ধন্যমাণিক্যই এই মন্দিৰ স্থাপন কৰে৷ বহুতে এই মন্দিৰক ‘মাতাবাড়ী’ বুলিও কয়৷ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ পূৰ্বেই ত্ৰিপুৰা মাতাৰ আবিৰ্ভাৱ হৈছিল বুলি ত্ৰিপুৰী লোকসকলে বিশ্বাস কৰে৷

আমি গৈ পাওঁতে তাত পূজা দিবলৈ অহা বহু লোকৰ সমাগম দেখা পাওঁ৷ অৱশ্যে খু্উব চিজিলভাৱে শাৰী পাতি সকলোৱে ভোগৰ বস্তু আগ বঢ়াইছে আৰু মাতাৰ মূৰ্তি দৰ্শন কৰিছে. আমি অকল জবাফুলৰ মালা অৰ্পণ কৰাত সোনকালেই দৰ্শন কৰি আশীৰ্বাদ ল’ব পাৰিলোঁ৷

মাতাবাড়ীৰ পৰা আমি ৰাওনা হ’লোঁ নীড়মহললৈ৷ নীড়মহলটো ৰূদ্ৰসাগৰ হ্ৰদৰ মাজত অৱস্থিত৷ ১৯৩০ চনত এই প্ৰাসাদৰ নিৰ্মাণ আৰম্ভ কৰোৱাইছিল মহাৰাজা বীৰ বিক্ৰম বাহাদুৰে৷ চাৰিওফালে পানী আৰু তাৰ মাজত সুন্দৰভাৱে নিৰ্মিত শুভ্ৰৰঙী প্ৰাসাদটো৷ পাৰৰ পৰা অলপ সময়ৰ মূৰে মূৰে ডাঙৰ ডাঙৰ মটৰ ব’ট অহা-যোৱা কৰি থাকে৷ টিকট কাটি আমিও তেনে এখনত উঠি পৰিলোঁ৷ সিটো পাৰে নামি নীড়মহলত সোমাবলৈ পুনৰ টিকট কাটিব লাগ৷ ভিতৰলৈ গৈ বেছ ভাল লাগিল৷ মহলৰ ভিতৰতো ধুনীয়া বাগিচা আছে৷ মহলৰ ভিতৰৰ কোঠালিবোৰত, বাৰাণ্ডাবোৰত ঘূৰি থাকোঁতে ৰজা-ৰাণী থকা অতীতৰ দিনবোৰ কেনে ৰোমাঞ্চকৰ আছিল সেই কথা বাৰে-বাৰে মনলৈ আহিছিল৷



নীড়মহলৰ ভিতৰৰ পৰিৱেশ আকৰ্ষণীয় কিন্তু বাহিৰৰ পৰিৱেশটোহে মোৰ বেছি ভাল নালাগিল৷ এনে এক ঐতিহ্যময় ৰূদ্ৰসাগৰ হ্ৰদটোৰ আধাতকৈ বেছি অংশ মেটেকাৰে ভৰ্তি আৰু তাত স্থানীয় লোকে মাছ পোহাৰ ব্যৱসায় কৰিছে৷ পঁচা মাছৰ দুৰ্গন্ধকে আদি কৰি মাছমৰীয়াসকলে গা-পা ধোৱা সকলো কৰ্ম তাত কৰা দেখিলোঁ৷ ব্যৱসায়ৰ যোগেদি লাভৱান হোৱাটো নিশ্চয়কৈ ভাল কথা৷ কিন্তু পৰিৱেশ বিনষ্ট কৰি নহয়৷ তদুপৰি হ্ৰদৰ পাৰে পাৰে বনভোজৰ দলসমূহক বনভোজ খাবলৈ অনুমতি দিয়াত ছাউণ্ড বক্সৰ বিকট শব্দ, নৃত্য-গীতে ঐতিহ্যমণ্ডিত স্থানখনৰ শান্তি বিঘ্নিত কৰিছে৷ তেনে ঠাইত ৰান্ধি-বাঢ়ি হপি-হুলস্থূল কৰি বনভোজ খোৱা কিমান সমীচীন সেয়া কৰ্তৃপক্ষই অলপ ভাবি চালে ভাল হয়৷

নীড়মহলৰ পৰা ওলাই আহি আমি বাটৰ কাষৰে এখন খুবেই সাধাৰণ যেন দেখাত কিন্তু যথেষ্ট চাফ-চিকুণ হোটেলত সোমালোঁ দুপৰীয়াৰ ভাতসাঁজ খাবলৈ৷ কাট্‌লা মাছৰ তৰকাৰী, আলু ভাজি, ফুলকবিৰ আঞ্জা, ধনিয়াৰ চাটনি আৰু ধোঁৱা উৰি থকা গৰম গৰম ভাতসাঁজ খাই যে কেনে তৃপ্তি লাগিছিল ভাষাৰে বুজাব নোৱাৰোঁ৷

ওভতাৰ সময়ত শালগছৰ অৰণ্যৰ মাজে মাজে পাহাৰীয়া একা-বেঁকা পথেৰে গধূলিৰ বা গাত সানি আমি হোটেল পালোঁহি৷ বাটত এম্প’ৰিয়াম এখনত সোমাই কিছু হস্তশিল্পৰ বস্তু কিনিলোঁ স্মৃতিচিহ্ন হিচাপে৷ তাত বাঁহ-বেতেৰে নিৰ্মিত অজস্ৰ বস্তু পোৱা যায়৷ বেগৰ পৰা শ্ব’পিচলৈকে, টেবুল মাটৰ পৰা পেঞ্চিলবক্সলৈকে– সকলো বাঁহ-বেতেৰে নিৰ্মিত বস্তু এম্প’ৰিয়ামসমূহত পোৱা যায়৷

পাছদিনাখন পুৱা গাড়ী নলৈ অট’ এখন ল’লোঁ, কাৰণ ওচৰে-পাজৰেহে অলপ সময় ঘূৰিম, তাৰ পাছত এয়াৰপ’ৰ্টলৈ নিবলৈ আগেয়ে ঠিক কৰি থোৱা গাড়ীখনে আমাৰ হোটেললৈ আহি আমাক লৈ যাব৷ পুৱা প্ৰথমে গ’লোঁ এক বৌদ্ধ বিহাৰলৈ যাক বেণু বিহাৰ বুলিও কয়৷ তাৰে শান্ত পৰিৱেশত কিছু সময় অতিবাহিত কৰি বৰ ভাল লাগিল৷ তাৰ পৰা আমি আহিলোঁ শ্ৰীজগন্নাথ মন্দিৰলৈ৷ মন্দিৰৰ গোটেই চৌহদত শ্ৰীকৃ্‌ষ্ণৰ মহিমাৰ কথা মূৰ্তিৰে বৰ্ণনা কৰা হৈছে৷ মূৰ্তিসমূহ সঁচাকৈয়ে খুব সুন্দৰ আৰু জীৱন্ত৷ চৌদিশ কীৰ্তনেৰে মুখৰিত৷ তাতে কিছু সময় কীৰ্তন শুনি পৰম শান্তি লভিলোঁ৷ উভতিবৰ পৰত তাতে সেৱা কৰি আশিস ল’লোঁ৷



ত্ৰিপুৰাখন এৰি আহিবৰে হ’ল৷ ভাপা ইলিচ আৰু ডাব শিংৰিৰে তৃপ্তিৰে দুপৰীয়াৰ ভাতসাঁজ খাই বিমানবন্দৰলৈ ৰাওনা হ’লোঁ৷ আমাৰ তিনিদিনীয়া চুটি ভ্ৰমণটিৰ অন্ত পৰিল৷ মনত সামৰি আনিলোঁ গাতে লাগি থকা ধুনীয়া ৰাজ্যখনৰ বহু ভাললগা স্মৃতি৷        

অ
লেখকৰ পৰিচয়

অংগনা চৌধুৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)