৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কণ কণ কবিতা

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ২৯ জানুৱাৰী, ২০২২
২ মিনিট পঠন • ৬১৭ বাৰ পঢ়া হৈছে

গায়ত্ৰী দেৱী বৰঠাকুৰ


(এক)

চিক্ চিক্ চিকা
তুমি বোলে  ভালপোৱাঁ খাৰুপেটীয়াৰ  জিকা ।
কোৱাঁচোন কোৱাঁ,  ৰেলগাড়ীৰ  কেইটা বাৰু  চকা 
ক'ব নোৱাৰিলে ককায়ে দিব তোমাক বাৰটামান ঢকা।

(দুই)

মিউ মিউ মেকুৰী
ক'ৰ পৰা নো  আহিলা বাৰু ফেঁকুৰি ফেঁকুৰি ।
কেঁকুৰিটো পাৰ হৈয়ে যাবা তুমি  চেঁকুৰি 
এগালমান মাছ পাবা - একুৰি বা  দুকুৰি ।

(তিনি)

খেক্ খেক্ বান্দৰ 
তোমাক বোলে  নকৰে  কোনেও আদৰ।
গছে- গছে জঁপিয়াই লাগে যদি তোমাৰ ভাগৰ 
আমাৰ ঘৰলৈ আহিবা, দিম  ভজা  পাপৰ ।

(চাৰি)

বে বে ছাগলী
সঁচাই জানো হোৱাঁ তুমি বাৰু ইমান  আজলী?
খাই তহিলং কৰি সকলোৰে পাচলি
সদায় তুমি  ঘৰলৈ  ঘূৰাঁ  তিনি-গধূলি।

(পাঁচ)

ভৌ ভৌ কুকুৰ
চোৰ আহিলেই মাৰাঁ তুমি পোনেই  চেঁকুৰ।
বাটে-ঘাটে  বহাঁ তুমি পকাই নেগুৰ 
চাবা দেই, গাত লাগিব এসোপা  ভেঁকুৰ ।
    
(ছয়)

হোঁৱা  হোঁৱা  শিয়াল
কেনেকৈ থাকাঁ হাবিত- ইমান জয়াল?
কিয়নো বিচাৰাঁ  বাৰু হাঁহ- পাৰৰ গড়াঁল 
তোমাক ভয়ত ৰাতি বাঢ়ে চবৰে  জঞ্জাল ।

(সাত)

হিঁ হিঁ ঘোঁৰা 
থিয়ৈ  থিয়ৈ তুমি বাৰু কেনেকৈনো  শোৱাঁ ?
বুটমাহ খাই তুমি কিয়  ইমান  ভাল পোৱাঁ
আমাকো দিবাচোন  কেতিয়াবা এপোৱা- দুপোৱা।

(আঠ)

টোৰ্ টোৰ্ ভেকুলী 
অ'মিক্ৰণৰ ভয়তে এৰিলা চাগে পঢ়াশালি ।
ঘৰত থাকা অনবৰতে  ম'বাইলত গে'ম খেলি
টোপনি ধৰে অনলাইন ক্লাছত  সদায় তোমাৰ গধূলি।



ঠিকনা : তেজপুৰ
শোণিতপুৰ-784001 
8822943064
গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)