৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দুখে কেওড়া

লেখকঃ কুমুদ ঘোষ, সত্যেন চৌধুৰী • প্ৰকাশিতঃ ২৬ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১৬২৮ বাৰ পঢ়া হৈছে

মূল : ৰামকুমাৰ মুখোপাধ্যায় 

অনুবাদ : কুমুদ ঘোষ, সত্যেন চৌধুৰী

(নৱম খণ্ড)

বুদ্ধিজীৱী

বুদ্ধি দ্বাৰা নিজহিতাহিতজ্ঞানবান্‌৷ “মনুসংহিতা”৷


– ‘বুদ্ধি’ হ’ল পৰম ধন৷ সেইটো নাথাকিলে কালিদাসৰ নিচিনাকৈ যিটো ডালত বহি আছে সেইটোকেই কাটিব৷ আৰু বুদ্ধিৰ কথা যদি কয় তেনেহ’লে গোপাল ভাঁড়ৰ তুলনা নাপাব৷

– সেইবোৰ কথা ক’বলৈ গ’লে এখন মহাভাৰত হ’ব৷ কথা এষাৰ শুনক৷ গোপালৰ দেউতাক মৰিল৷ তাতে কিযে দুঃখ গোপালৰ৷ ৰঙিয়াল মানুহজনৰ বুকুখন চকুপানীত ভাহি গৈছে৷ মাক-বাপেক হ’ল মূৰৰ ওপৰৰ চাল৷ সেয়া আঁতৰি গ’লে তপা মূৰৰ ওপৰত নঙঠা আকাশখন৷ ধুমুহা, ৰ’দ, বৰষুণ চব নিজে চম্ভালে৷ শ্মশানঘাটৰ পৰা যেতিয়াই  ঘৰমুৱা হ’ল ধাৰণা হ’ব বয়স কুৰি বছৰ বাঢ়ি গ’ল৷ ‘বাপুকণ’ বুলি মাতিবলৈ কোনোৱেই নাথাকিল৷

– হয় হয়, গাঁৱৰ মানুহে কান্দিছিল বুইছে৷ বুকু ভাঙি কান্দিছিল৷ কন্দাৰে কথা, মানুহজনক আৰু কালিৰ পৰা দেখা পোৱা নাযাব৷ তেজ-মঙহৰ মানুহ ধোঁৱা হৈ গ’ল৷ কিন্তু হিংসাকুৰীয়া মানুহো থাকে৷ তেনেকুৱাই এজন মানুহ আছিল গাঁৱত, বামুণ চুবুৰীত৷

– নহয়, আহিছিল৷ সেয়া কিযে গুড়সনা মিঠা মিঠা কথা৷ গোপালক কৈছিল, ‘তোৰ দুখত মোৰ বুকুখন ফাটি গৈছে অ’ গোপাল৷ কান্দোন আহিছে৷’ গোপালে বুজি পাইছিল এয়া হ’ল ডাঙৰ মানুহৰ মিছা চলনা৷ গোপালে ক’লে, ‘হয়, দেউতাই মোক কৈছিল, তোৰ দুখত শিয়াল-কুকুৰেও কান্দিব৷’ গোপালৰ বুদ্ধিটো দেখিলে?

– ‘বুদ্ধিজীৱী’ কথাষাৰ শুনিছোঁনে নাই সুধিছে? নাই, হেৰি শুনা নাই৷ তবে চব জাতিৰ ভিতৰত শ্ৰেষ্ঠ বুদ্ধি হ’ল নাপিতসকলৰ৷ তেওঁলোকৰ স’তে কোনোৱে প্ৰতিযোগিতা কৰিব নোৱাৰিব৷ নাপিত আৰু শিয়াল একেলগ হ’লে সেয়া খেলাৰ নিচিনা খেলা হ’ব৷ অমূল্য ওজাই বোলে চকৰী ফেঁটীও কাবু কৰে, চাওক এবাৰ৷

– কিহৰ মাংস খাইছে? কপৌৰ৷ এই আবেলিপৰত সৰু লৰাটোৱে ধৰিছে৷ ক’লে, ‘বাবু আহিব, ৰান্ধি দে৷’ হাড়িয়াৰ স’তে খুব জমিব৷ খোৱা ভাল, বুুদ্ধি খোল খায়৷ ব্যঞ্জনৰ ভিতৰত শ্ৰেষ্ঠ কপৌৰ মূৰৰ ব্যঞ্জন, যিমানে খাব সিমানে মূৰে কাম কৰিব৷ দুমাহ খালে ঘাগু হৈ যাব৷

– নহয়, কৃষিজীৱী শুনা নাই৷ ‘কৃষক’ শুনিছোঁ৷ কিতাপত লেখা আছিল৷ ‘খেতিয়কহঁত’ক কিতাপত ‘কৃষক’ বোলে৷

– অ’ বুজিছোঁ৷ কেৱল ‘কৃষক’, ‘নাপিত’, ‘বামুণ’ বুলিলে নাঙঠ নাঙঠ লাগে৷ ওৰণি এখন লাগিব৷ ‘কৃষকজীৱী’, ‘নাপিতজীৱী’, ‘বামুণজীৱী’ হ’লে কথাটো শুনিবলৈ ভাল, ওজনতো বাঢ়িল৷ পঞ্চু মেদাই পানী দি এনে ষড়যন্ত্ৰ কৰিব যে আধাকেজি পুৰৈশাক ডগা-পাল্লাত এক কেজি দেখিব৷

– তেওঁৰ নাম নাজানিম নে, কি যে কয়! বিদ্যাসাগৰ মেদিনীপুৰৰ মানুহ, মোৰ সৰু ল’ৰাটোৰ শহুৰেকৰ ঘৰৰ দেশ৷

– হয়, হেৰি, তেখেত আছিল দয়াৰ সাগৰ৷ খুব দান-তান কৰিছিল৷ এতিয়া মানুহৰ দিয়াৰ মন নাই৷ বৰপণ লৈছে লাখ টকা আৰু খুৱাবৰ সময়ত পনীয়া দাইল আৰু টেঙা৷

–অঁ, শ্ৰমজীৱীৰ আকৌ ভাগ আছে৷ বেছ, বেছ৷ যিজনে খেতি কৰে তেওঁ ‘কৃষিজীৱী’, ‘কৃষকজীৱী’ বুলিলে নহ’ব৷ যিজনে চুলি কাটে তেওঁ ‘ক্ষৌৰজীৱী’৷ ভাল কিন্তু জেলেপিৰ মেজাজ টান হৈ গৈছে৷ বাৰু, হনুমানক মানুহে ‘চিৰজীৱী’ বোলে, কথাটো সঁচানে?

– ঠিকেইতো, এয়া হ’ল শাস্ত্ৰৰ কথা৷ শাস্ত্ৰৰ এক কথাৰ সাতটা অৰ্থ, কোনটো বুজিব বুজক৷ ধৰক হনুমানৰ কিমান নাম - মুখপোৰা, কলখকুৱা, বান্দৰ৷ জিতেন দাসৰ এটি পোহনীয়া বান্দৰ আছিল৷ তাক মাতিছিল ‘সোণ’ বুলি৷ এতিয়া নিজৰ বান্দৰক আপুনি ‘সোণ’নে ‘হীৰা’ বুলিব তাত কাৰো একো কোৱাৰ কথা নাই৷

– যাৰ যিটো নাম পছন্দ সেইটো ক’ব, লাখ কথা এক কথাত ক’লে৷ মোৰ ঘৈণীক কোনোৱে ‘ফুল’ বোলে, কোনোৱে ‘ফুলু’৷

– আচল নাম কি সুধিছে? সেইয়া হ’ল ‘ফুলেশ্বৰী’৷ বিনোদৰ শাহুৱেকে নেপালৰ মাক বোলে৷ কোনো কোনোৱে দুখেৰ মাইকী বুলিও কয়৷

– মই? হেৰি ‘ফুলু’ আৰু ‘ফুলি’ দুয়োটাই বোলোঁ৷ বিপাকত পৰিলে মানুহে ঘৈণীয়েকক ‘মা’ও বোলে৷

– শুনা নাই? শুনক৷ গোপালৰ এজনী গৰু আছিল৷ গোপালে নিজ হাতেৰে তাক চোৱা-চিতা কৰিছিল৷ এদিনাখন পথাৰলৈ চৰিবলৈ গৈ আৰু উভতি নাহিল৷ ওৰে দিন হাইৰাণ হৈ বিচাৰি সন্ধ্যাপৰত গোপাল ঘৰলৈ উভতিল৷ চোতালত বহি ল’ৰাটোক ক’লে, ‘এবাৰ হাবিৰ আশে-পাশে চাই আহচোন ভাই৷’ কথা শুনি গোপালৰ ঘৈণী অগ্নিশৰ্মা হৈ পৰিল৷ ক’লে, ‘নিজৰ ল’ৰাক কোনোবাই ভাই বোলেনে?’ গোপালে ক’লে, হেৰি গোপালে কি বুলি ক’লে কওকচোন বাৰু?

– নোৱাৰিলে নহয়নে? গোপালে ক’লে, ‘খীৰতী গাইজনী হেৰালে এনেকুৱা হয় মা৷’

– হয়, বুদ্ধিজীৱীৰ কথা আৰু ক’ম, তাৰ আগতে দুয়োজনে অলপমান ডিঙিত ঢালোঁ আহক৷ আজিৰ চাটনিকণ খাই সুখ পাব৷ কপৌৰ মাংস বৰ মিঠা৷ মাজে মাজে পোৰা জলকীয়া ডোখৰ জিভাত লগাই লওক৷ হেৰি, আপুনি বাৰু বুদ্ধিজীৱী নেকি?

– নাই, নাই, হাঁহিলে নহ’ব৷ পাঁচজনে কয় আপুনি বগা পোছাকৰ পুলিচ৷ মই কওঁ, একো নাজানো৷ মানুহৰ স’তে কথা নাপাতিলে কেনেকৈ জানিব বাৰু কোন কি? চকুৰে চাই চোৰক ধাৰণা হ’ব সাধু, সাধুক চোৰ৷ কত মানুহক দেখিলোঁ হৰিভকত হৈ সোমাই শালপতি হৈ ওলায়৷

– মই কি সুধিছে? ক’ম? যাত্ৰাদলৰ বিবেক৷ কওক, ভুল কৈছোঁনেকি? গোঁফ নাই, ফুলা-ফুলা চকু-মুখ৷ চুলি পাতল কিন্তু নকল চুলি লগালে কোনোৱে ধৰিব নোৱাৰিব৷ আৰু শুনক, বিবেকবোৰেইতো বুদ্ধিজীৱী৷ ৰজাই কৰ্ম কৰিব, খলচৰিত্ৰই বাধা দিব আৰু বিবেকে ভৱিষ্যৎ কৈ যাব৷ তেওঁৰ জ্ঞানৰ জোখ নাই৷ আপুনিও বিদ্যাৰ ভৰেৰে ভৰা ভদ্ৰলোক৷

– ‘বিদ্যেবোঝাই বাবুমশাই’ পদ্যটো? পঢ়া নাই, শুনিছোঁ। সাক্ষৰতাৰ ছোৱালীজনীয়ে কৈছিল৷ শুনক৷ এবাৰ এজন ভদ্ৰলোক কিতাপ-পত্ৰ লৈ নাৱত উঠিল৷ নাৱৰীয়াক নানান গণ্ডগোলীয়া প্ৰশ্ন কৰিলে, ‘সূৰ্য ঘূৰে নে পৃথিৱী ঘূৰে’, ‘জোৱাৰ-ভাটা কিয় হয়?’ নাৱৰীয়াৰতো বিদ্য নাই, ভেবা লাগি চাই ৰৈছে৷ বিদ্বানজনে ক’লে, ‘হেৰ’ নাৱৰীয়া, তোৰ জীৱনটো বাৰ অনাই ফাঁকি৷’ সিফালে বতৰ গোমা, নাও ডুবোঁডুবোঁ৷ নাৱৰীয়াই ভদ্ৰলোকজনক সুধিলে, ‘সাঁতুৰিব জানেনে ডাঙৰীয়া?’ ভদ্ৰলোকজনে মূৰ জোকাৰিলে, ‘নাজানো৷’

– কাৰ লেখা সুধিছে? ক’ব নোৱাৰিম৷ মুৰ্খ মানুহ হেৰি৷

– সুকুমাৰ ৰায়? আপুনি গল্পটো জানে? সেয়াতো জানিবই৷ বিপদৰ কথা বাৰু ঢাক খাই থাকেনে!

– কেনে লাগিছিল সুধিছে? বৰ বেয়া৷ এয়াতো ভৱ-সংসাৰৰ খেলা যে গৰমকালি বৰদৈচিলা আৰু বাৰিষাত বান৷ কিমান নাও যে ইফালে-সিফালে লুটি খায় কি ক’ম আপোনাক৷ ল’ৰা-ছোৱালী পৰ্যন্ত পানীত ডুব যায়৷ তেনেকৈ ডুবিলে সাঁতোৰ জানিলেও উঠিব নোৱাৰিব৷

– কিয় লুটি খায় সুধিছে? ইমান মানুহ উঠিলে বিপদ চম্ভালিব কেনেকৈ? পানীৰ সোঁতত বিপদো আছে৷ মানুহ মৰে, নাৱৰীয়াও মৰে৷ তবে আপোনাৰ ৰায় মহাশয়ে কামটো ভাল নকৰিলে৷ কি ঘটিল সেই খবৰটো নিদিলে৷ নাৱৰীয়া-লেচিৰ মাজত যে কিমান ৰকমৰ কাজিয়া-পেচাল হয় – দাম লৈ, মাল লৈ, নাও এৰাৰ সময়ক লৈ৷ মন থাকিলে মালিন্য হ’ব কিন্তু কোনোৱে মৰিবলৈ নকয়৷ মৰণৰ গালিতকৈ আৰু গালি নাই৷ ৰায় ডাঙৰীয়াই মাজ নদীতে নাও এৰি গুচি গ’ল, এয়া কেনেধৰণৰ কথা!

– হয়, পদ্য, তাতেনো কি? পদ্য মাতি গছত তুলি মৈখন কাঢ়ি ল’বনে? মাজৰাতি বেলগছত বহুৱাই পলাই আহিবনে? সীতা জুইত পুৰিব আৰু পদ্যফাঁকি সামৰি পেলাবনে? দ্ৰৌপদীৰ কাপোৰ খোলা দেখুৱাব আৰু দুঃশাসনৰ উৰুভঙ্গ নেদেখুৱাবনে? আধাখিনি কথা পেটত আৰু আধাখিনি কথা মুখত? মুকলিকৈ ক’ব নালাগিবনে?

– হয়, বুদ্ধিজীৱী৷ নহয় নহয়, এতিয়াও বিষয়টো পৰিস্কাৰ নহ’ল৷ বিদ্যা আৰু বুদ্ধি এক হ’ব কেনেকৈ?

– একেই বুলি কৈছে? মোক সহজ-সৰল মানুহ পাই আপুনি ভুল বুজনি দিছে৷ মই সঁচা কথা ক’বলৈ গ’লে সৰু মুখেৰে ডাঙৰ কথা কোৱা হ’ব৷ বিদ্যা আৰু বুদ্ধি এক হয়নে? অহা-যোৱা কৰা বাটৰ দাঁতিত থকা লোহা-লক্কৰ, বালি-চিমেণ্টৰ দোকানখন দেখিছেনে? সেইখন মদন ৰায়ৰ৷ আগতে মানুহৰ ঘৰত মজুৰিত খেতি-বাতি কৰিছিল৷ প্ৰায় পোন্ধৰ বিঘা খেতি, এক হালতে তুলিছিল৷ তবে আনৰ হাতত নাঙলৰ মুঠি ধৰাই খেতিত লাভ নহয়৷ ব্যৱসায় কৰাৰ কথা ভাবিছিল৷

– নহয়, নহয়৷ ভাবিলে আৰু কৰি পেলালে, হেৰি এনে বাৰু হয়নে! বহিবলৈ ঠাই লাগে৷ কি ব্যৱসায় কৰিব তাৰ হিচাপ লাগে, হাতত টকা লাগে৷ মদন মোৰ সখা৷ সেয়ে মনৰ কথা কৈছিল৷ আলিবাটৰ কাষৰ বৰগছজোপাৰ শিপাত দুয়োজন বহিছিলোঁ৷ মদনৰ অভ্যাস আছিল কেইজন বাছত উঠিল আৰু কেইজন নামিল তাৰ হিচাপ ৰখা৷ গ’লে দেখিব বৰগছজোপাৰ গুৰিত দহ-পোন্ধৰ-বিছ-বাইছ এনেকৈ প্ৰতিদিনৰ হিচাপ লিখা আছে৷

– পঢ়া-শুনা কিমান কৰিলোঁ সুধিছে? মই তিনিদিন গৈছিলোঁ, মদন এবছৰমান৷ তাৰ পাছত দুয়োজনৰেই আকৌ মিলন হ’ল খালৰ কাষত৷ সিহঁতৰ নিজৰ গৰু-ছাগলী লৈ সি গৈছিল, মই আন পাঁচজনৰ গৰু-ছাগলী চৰাইছিলোঁ৷ মদনে বিদ্যাসাগৰৰ বৰ্ণপৰিচয় শেষ কৰিছিল৷ যোগ-বিয়োগতো তাৰ বৰ মগজ আছিল৷ এতিয়াও মুখে মুখে কৈ দিব৷

– আহিছোঁ আহিছোঁ, বিদ্যালৈ আহিছোঁ৷ আমাৰ গাঁৱৰ বিদ্যাসাগৰ হ’ল বিশু চৌধুৰী৷ ইংৰাজী, বাংলা, অঙ্ক চবতেই পথম৷ ডাঙৰ স্কুলৰ পৰীক্ষাত পথম হৈছিল৷ সেয়া একেবাৰে হৈ-চৈ কাণ্ড৷ কালীপুৰ কলেজত পঢ়াইছিল৷ কেইদিনমান হ’ল ৰিটাৰ হোৱা৷ মুখেদি সদায় সৰস্বতীৰ বাণী ওলাইছিল৷ কেৱল মদনক দেখিলে ‘চালা, হাৰামি’ বুলি বু-বু-বা-বা কৰে৷

– কৈছোঁ, সেই ঘটনা কৈছোঁ৷ আগেয়ে গাঁৱৰ ভিতৰখন আছিল জনসমাগমপূৰ্ণ৷ তাতেই হাট, তাতেই দোকান-বজাৰ৷ এতিয়াৰ মৰা চেহেৰা দেখিলে নুবুজিব এদিন গাঁৱৰ ভিতৰখন কেনে আছিল৷ আৰু তেতিয়া বাছ চলাচল কৰা পথৰ দাঁতিতে আছিল মুকলি ঠাই, একাষে লাইবেৰি আৰু পচাৰ চাহৰ দোকান৷ যিসকল বাছৰ পৰা নামিছিল বা উঠিছিল তেওঁলোকেও কেতিয়াবা কেতিয়াবা পচাৰ দোকানত চাহ-তাহ খাইছিল৷ বিশু চৌধুৰীৰ পৰা পচাই চাহৰ দাম নলৈছিল৷ বিশুহঁতৰ মুকলি ঠাইতেই পচাৰ চাহৰ দোকান৷ লাইবেৰিও সেয়ে৷

– নাই নাই, বিশু চৌধুৰীহঁতৰ খেতি-বাতি তেতিয়া নাছিল৷ কিনা চাউল খোৱা৷ মদনে সেই কথা বিশুক কৈছিলোঁ৷ কলেজৰ ইমান টকা অথচ কিনা চাউলৰ ভাত! মদনৰ দুখতে বিশু মাটি বিচাৰি ওলাল৷ বিচাৰিলেই বাৰু মাটি পায়নে? তিনি বছৰে খৰ-বাৰিষা একো নাই, কোনে বেচিব মাটি? শেষত মদন নিজেই ৰাজী হ’ল৷ বামুণৰ উপকাৰ সি কৰিবই৷ তিনি বিঘা খেতিৰ মাটিৰ বিনিময়ত ছবিঘাৰ মুকলি ঠাইডোখৰ কিনি ল’লে৷ মদনে বাঁহৰ গোলা কৰিব৷

– নাই নাই, গোলা নুখুলিলে৷ মাটিক পানী খুৱালে আৰু বৰগছৰ গাত নম্বৰ লিখি গ’ল৷ নম্বৰ বাঢ়িছে - দহ, বিছ, ত্ৰিছ৷ বাছ চলাচৰ কৰা পথৰ দাঁতিত পঞ্চায়ত অফিচ হ’ল, বেঙ্ক হ’ল, কলিকতাৰ বাছৰ ইষ্টপ হ’ল৷ মুকলি ঠাইডোখৰৰ এচুকত মদনে ইটা-বালিৰ দোকান তৰিলে৷ বাকীখিনি মাটি তিনিকঠাকৈ ভাগ কৰি পেলালে৷ বছ, কুৰি হাজাৰ টকা কঠা হ’বলৈকে নাপালে৷ বাহিৰৰ মানুহে ঘৰ সাজিলে৷ গাঁৱৰ ভিতৰৰ মানুহে পথৰ দাঁতিত ঘৰ সাজিলে৷ ভাই-ভতিজাহঁতৰ মুখত জুই, পথৰ দাঁতিৰ পকা ঘৰত শুব৷ মাষ্টৰ, হেমপথি ডাক্তৰ, পঞ্চায়তৰ পধান চবৰে ঘৰ উঠিল৷ মদনে ইটা-বালি, চিমেণ্ট-ৰড চব দিলে৷ সিফালে বিশু চৌধুৰীৰ মাটি ভাগ-ৰেক’ৰ্ড হৈ গ’ল৷ এতিয়া কওক, ‘বুদ্ধিজীৱী’ আৰু ‘বিদ্যাজীৱী’ এক কথানে? শপত খাই কওকচোন বাৰু বিশু ‘বুদ্ধিজীৱী’ নে মদন?

– হয়, সঁচা কথা, মাটি-বাৰী কিনা-বেচা হৈছে ব্যৱসায়৷ তবে কওকচোন বাৰু সবাতোকৈ ডাঙৰ ব্যৱসায়ী কোন?

– টাটা-বিৰলা? তেওঁলোকে মাটিৰ ব্যৱসায় কৰেনে? টাটা কোম্পানীয়ে লোহা-লক্কৰৰ বেপাৰ কৰে বুলিহে জানো৷ টাটাৰ কাৰখানাতে পঞ্চু নাপিতে কাম কৰিছিল৷ পঞ্চু নাপিতৰ বিয়াৰ সময়ত গোটেই গাঁওখনে তিনিদিন উদৰ পূৰাই খাইছিল৷ ৰান্ধনি আহিছিল চুঁচড়োৰ পৰা৷ যিহে খাহী ৰান্ধিছিল ভাবিবও নোৱাৰিব৷ খেলিমেলি কৰিছিল তিতা আঞ্জাখনত৷ ৰং বগা আৰু গুড়ৰ সোৱাদ৷ ভাল নালাগিব৷ কিন্তু সেয়াতো ক’ব পৰা নাযাব৷ মান-সন্মানেৰে মাতি নিছে, আপুনিও তাৰ মান ৰাখিব লাগিব৷ পঞ্চুৱে আহি সুধিলে, ‘কেনে ৰান্ধিছে অ’ দুখে?’ ক’লোঁ, ‘তোমাৰ ৰান্ধনিৰ হাতখনত মৌ-জোল আছে৷’ এইবাৰ যি বুজে বুজক৷

– হয় হয়, টাটা৷ টাটাই মাটি বেচা-কিনা কৰাৰ কথা ক’ব নোৱাৰিম৷ বিশুৰ মুকলি মাটি আৰু মদনৰ খেতি-মাটি অদল-বদল কৰাৰ কথা কৈছিলোঁ৷ এইবাৰ আন এজনৰ কথা শুনক৷ তেওঁৰ যেনে বিদ্যা, তেনে বুদ্ধি৷

– নাম সুধিছে? কৈছোঁ৷ নাম ক’লেই চিনি পাব, ডাক্টৰ বিধান ৰায়৷

– নহয় নহয়, বিধান ৰায় গাঁৱলৈ মাটি কিনা-বেচা কৰিবলৈ অহা নাছিল৷ মানুহৰ মুখত শুনিছোঁ মদনে যিদৰে মুকলি মাটি কিনিছিল, বিধান ৰায়েও তেনেকৈ অসাৰুৱা মাটি কিনিছিল৷ তাত এতিয়া বিৰাট চহৰ, নাম বিধান নগৰ৷ শশী চৌধুৰীৰ পুতেকে তাতেই মাটি কিনিছে, কঠাত লাখ লাখ৷ বিধান ৰায় মদনতকৈ একাঠি ওপৰত৷

– অ’, বিধান ৰায়ে কিনা নাছিল বুলি কৈছে? সেয়া চৰকাৰী মাটি? এহ্‌ আপুনি বেছ ধেমালি কৰিলে৷ মৰল দাসৰ মাটিতো মৰলহঁতৰেই হ’ব৷ এতিয়া হয়তো নন্দী, পাল অথবা চৌধুৰীহঁতে দুই-পাঁচবিঘা কিনিছে৷

– হয়, স্কুল-কলেজৰ নাম ডাঙৰ ডাঙৰ মানুহৰ নামত হয় বুলি শুনিছোঁ কিন্তু মাটিও হ’য়নে? ৰেক’ৰ্ডৰ সময়ত নাম লৈ খেলিমেলি নহ’বনে? মালিক আৰু আধিয়াৰৰ মাজত বিধান ৰায় সোমাই পৰিব, ঘটনাটো ক’ৰ্ট-কাছাৰীলৈ যোৱাৰ আগতে সমাধান হ’বনে?

– সেয়া হয়, ক’ৰ্টৰ কথা কেনেকৈ জানিব? উকীলসকলে জানে৷ কিন্তু সকলোৱে জনা নাই৷ আধা উকীলে জানে৷

– হেৰি, আধাইতো হ’ব৷ এটা মামলাৰ দুজন উকীল৷ তাৰ মাজৰে এজন জিকে, এজন হাৰে৷ যিজন হাৰিল তেওঁ ঘটনাটো ভালকৈ বুজিব নোৱাৰিলে৷ বুজি পালে বাৰু কোনোবাই হাৰিব বিচাৰেনে?

– বুদ্ধিজীৱীসকলৰ স’তে আম-জনতাৰ কোনো সম্বন্ধ নাই৷

– কেৱল আম কিয় জাম, কঁঠাল, বেল কাৰো স’তে কোনো সম্বন্ধ নাই৷

– তেওঁলোক ডাঙৰ মানুহ, সৰস্বতীৰ বাহন৷ পানীত চৰিছে কিন্তু গাত পানী লগা নাই৷ দেখিলে দূৰৈৰ পৰাই সেৱা কৰোঁ৷ শৰীৰৰ খবৰ-খাতি লওঁ৷

– ইয়াতেই সম্বন্ধ হৈছে নেকি বুলি সুধিছে?  কাইলৈ পুৱাৰ পৰা আপোনাক ‘খুলশালি’ নে ‘ভাগিন’ বুলিম বাৰু?

– হেৰি,  খং কৰিমনো কিয়?  কথা কম অথচ মনৰ কথাষাৰ নক’মনে? বিশু ডাক্টৰক চিনি পায়নে? গো-বদ্য৷ আমাৰ কাষৰ ঘৰৰ নোদোৰ ঘৈণীজনীৰ লগত অলপমান খেলিমেলি সম্পৰ্ক আছে৷ এয়া সম্পৰ্ক,  সেয়া ভালেই হওক অথবা বেয়াই হওক৷

– হয়, সম্পৰ্ক হ’ল খুৰা-খুড়ী, মামা-মামী, বন্ধু-বান্ধৱ৷ নাড়ীৰ সম্পৰ্ক৷ আপুনি আহিলে, হাড়িয়া খালে, তাৰ পাছত মাজৰাতি ঘৰৰ তিৰোতাজনীক টানিবলৈ গ’ল, এইটো সম্পৰ্ক নহয়৷ ইয়াক বোলে লম্পটামি৷ নহয়নে বাৰু?

– হেৰি, আৰু বিৰ্‌বিৰ্‌ নকৰিব, বহুখিনি গিলিলে বুইছে৷ আপোনাৰ কিন্তু বেছ বুদ্ধি৷ আপুনিও বুদ্ধিজীৱী৷ ভগৱন্তইহে আপোনাৰ স’তে মোৰ সাক্ষাৎ কৰাইছে৷ আপোনাক মোৰ বৰ দৰকাৰ৷

– কিহৰ দৰকাৰ বুলি সুধিছে? কৈছোঁ৷

– নাই নাই, টকাৰ দৰকাৰ নাই৷ দৰকাৰ লোন৷ এতিয়া আৰু দেহত বল-শকতি নাই৷ বেঙ্কৰ মেনেজাৰক কৈছিলোঁ ছাগলী পাঁচজনী পুহিম৷ সেইখিনিকে ইফালে-সিফালে লৈ ঘূৰি ফুৰিম৷ ডাঙৰ হ’লে বেচা-কিনা কৰিলে হাতলৈ দুপইচা আহিব৷ মেনেজাৰক কৈছিলোঁ, ‘দুহাজাৰমান টকা লোন দিয়ক৷’

– নাই নাই, মেনেজাৰে ‘নহ’ব’ বোলা নাই৷ মুখ খুলি ‘হ’ব’ বুলিও কোৱা নাই৷ বঙলা-ইংৰাজীৰ চাউল-দাইল মিহলাই যিখিনি ক’লে সেয়া আপুনি নিজৰ ধৰণেৰে বুজি লওঁক৷

– ক’লে বোলে অনুমতি লাগিব৷ পোন পথমে ভাবিছিলোঁ পুলিচৰ, পাছত বুজিলোঁ পঞ্চায়তৰ৷

– আপুনি দেখিছোঁ সকলো জানে৷ এইবাবেই কয়, বিদ্যাতকৈ ডাঙৰ আন একা গুণ নাই৷

– হয়, পঞ্চায়তলৈ গ’লোঁ৷ দুদিন মিটিং হৈছিল বাবেই কথা পতা নহ’ল৷ এদিন বুধবাৰে দেখা হ’ল৷ সভাপতিয়ে ক’লে বেঙ্ক হৈছে দিল্লীৰ বিষয়৷ কেন্দ্ৰই চব ঠিক কৰে৷ তাৰ পৰা উভতি আকৌ এদিন মেনেজাৰৰ ওচৰলৈ গ’লোঁ৷ বেছি কথা নুশুনিলে৷ মোৰ মুখৰ পৰা মাত ওলাল কি নোলাল, মেনেজাৰে ক’লে – বাজপেয়ীয়ে বাৰু ছাগলী কিনি দিবনে?

– কথাষাৰ আকৌ পঞ্চায়তৰ সভাপতিক ক’বলৈ গ’লোঁ৷ সভাপতি নাছিল৷ এজন মেম্বৰে মেনেজাৰৰ কথাষাৰ শুনি দাঁত খৰকিয়াই খৰকিয়াই ক’লে, ‘কুকুৰহঁতে দেশখন আমেৰিকাৰ হাতত তুলি দিছে, তাতে আকৌ বৰ বৰ কথা!’

– হয় হেৰি, তাৰ পাছতো তিনি-চাৰিবাৰ আৰ-তাৰ দুৱাৰে দুৱাৰে গ’লোঁ৷ শেষত সেমেকা পাপৰটো হৈ পৰিলোঁ বুইছে৷

– আপুনিনো আৰু কিডাল কৰিব! কিন্তু বেঙ্ক আৰু পঞ্চায়তৰ নিচিনাকৈ আপোনাৰ কথাতো বেছ মেৰপেঁচ৷ ৰৌ-বৰালি বুলি কাকো বুজিবলৈ নিদিলে৷ আপোনাৰ বুদ্ধি সিহঁততকৈ তিনিখাপ ওপৰত৷ মোৰ স’তে এবাৰলৈ বেঙ্ক আৰু পঞ্চায়তলৈ যাবনে? দেউতাৰ শপত, লোনৰ টকাৰে হাড়িয়া নাখাওঁ৷

(আগলৈ)

ক
লেখকৰ পৰিচয়

কুমুদ ঘোষ, সত্যেন চৌধুৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)