অৰূপজ্যোতি হাজৰিকা
য’লৈকে যাওঁ ত’তে দেখা পাওঁ
ভোকৰ তাড়নাত পৰি থকা
ঈশ্বৰৰ অভিশাপ
ভোক ছলনাময়ী
ভোক মমতাবিহীন
কোনোবাই কিনি আনে ভোক
কোনোবাই বিক্ৰী কৰে ভোক
ভোকৰ বাবে অৰণ্যৰো হয় উচুপনি
সঁচাকৈ কিনা-বেচাৰ মাজতে চলে ভোকৰ ত্ৰিভুজ
ভোক এনেকুৱা নহয় যে
মাছ-মাংস বজাৰত পিয়াপি দি ফুৰে
শূন্যৰ পৃথিৱীত উৰি ফুৰে
ভোকৰ বাবে লোভ
লোভৰ বাবে পাপ
এক অসমাপ্ত ৰাসায়নিক প্ৰক্ৰিয়া
ভোকৰ বাবে আইৰ অসুখ
ভোকৰ বাবে সমাজৰ অসুখ
অফিচ, ক’ৰ্ট, কাছাৰী সকলোতে
ভোকে খেদি ফুৰে নিৰীহ-নিপানী জীৱবোৰ
অভিজাত্যৰ বাবে ভোক বিলাসিতা
দুখীয়াৰ বাবে ভোক পেটৰ ক্ষুধা
যান্ত্ৰিকতাৰ পৃথিৱীত ভোকে খেদি ফুৰে
ভোগৰ ৰক্তবীজ
সেই ভোক গুচাবলৈ
মানুহৰ যেতিয়া উপায় নাথাকে
অসুৰৰ হাতত বিক্ৰী কৰে নিজৰ শৰীৰ
চলাই নিয়ে ভোকৰ পৃথিৱী
***
ঠিকনা: টীয়ক পৰ্বতীয়া, যোৰহাট
ডাক: জখৰীয়া, পিন:৭৮৫১১২
ম’বাইল:৯৯৫৪৯৭৮৩৮১
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)