৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কথকী চৰাইবোৰ মৰাৰ পাছত

লেখকঃ মনোজ নেওগ • প্ৰকাশিতঃ ২৭ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ৮৬৫ বাৰ পঢ়া হৈছে

মনোজ নেওগ

 

 

কথাত কথা বাঢ়ে

কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল।

নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ

আচলতে আমি আমাক খামুচি ৰাখিব নোৱাৰা শূন্যতাই সঁচা

 

জানানে, এদিনৰ নিস্ফল দিৱসত কতখন অৰণ্য জ্বলি গ’ল

সাগৰীয় ধুমুহাত বুৰ গ’ল কতখন জাহাজ

এতিয়া অস্বীকাৰ কৰিব নোৱৰা ভ্ৰমৰ দৰে আহে মই মৰি যোৱাৰ খবৰ

অথচ গম পাওঁ, বাওঁ জেপত ঢপঢপাই থাকে আধাপোৰা ঘৰচিৰিকা চৰাই

 

তোমালোকে কি পুহি আছা মনত

তাচপাতৰ ৰজা নে গোলাম

শূন্য দেশ নে বিদ্বেষ পুহিছা বুকুত

জনাৰ কোনো উপাই নাই

গাৰ মঙহ কামুৰি খাই যোৱা সকলো ভোকাতুৰ আছিল নে নৰখাদক

জনাৰ কোনো উপাই নাই

 

কোনে ক’ব এতিয়া

কথাত কথা বাঢ়েনে__

হুদু পৰা গছত ৰঙা ফুল ফুলেনে__

বাচোঁতে বাচোঁতে বাচনিৰ ৰাজনীতিত কপালত ফুটা আঁচনিৰ ধূলিৰে পুতি পেলাইছে  জুইবোৰ, তেজবোৰ, ঘৰৰ মূধচবোৰ, অফিচৰ ফাইলবোৰ, গছবোৰ


মৰণ কাতৰ চিঞৰবোৰ

 

কথকী চৰাইবোৰ মৰি সৰাপাত হোৱাৰ পিছত এই কথাবোৰ কোনে ক’ব 

জিভাখনেই এতিয়া বন্ধকত!

 

ঠিকনা :

মনোজ নেওগ

যোৰহাট

ম
লেখকৰ পৰিচয়

মনোজ নেওগ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)