৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জোন

লেখকঃ হিল্লোলজ্যোতি সিংহ • প্ৰকাশিতঃ ২১ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ৩২৮৭ বাৰ পঢ়া হৈছে

হিল্লোলজ্যোতি সিংহ


নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে

এঢোক গধূলি গিলি

হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক

আৰু মই হৈ পৰিছিলোঁ

কণা কলা বোবা কোঙা ক্লীৱ

ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ

এযুগৰো ওপৰকাল…

 

এদিন ইকৰাৰ বেৰৰ জলঙাৰে

সোমাই অহা জোনে

জোকাৰি দিলে মগজৰ স্নায়ুৰ স্পন্দন

আৰু মই হৈ পৰিলোঁ

কণা কলা বোবা কোঙা জীৱ

এতিয়া মোৰ দুচকুত জীপাল জোনাক─

জোনৰ বাহিৰে একো নেদেখোঁ

এতিয়া মোৰ কাণত বাজি থাকে কেৱল

জোনৰ মৰমিয়াল মাত─ বাকী একো নুশুনো

জোনে আহি কাষত বহিলেই

ইথাৰত কঁপি উঠে ওঁঠ─ ভাষা হেৰায়

জোনে পাৰি দিয়া বিছনাত সাৰে শুই থাকোঁ

বাগৰ নসলোৱাকৈ

 

 

ঠিকনাঃ

Prof. Hilloljyoti Singha

Department of Zoology

Bodoland University

PO Rangalikkhata (Debargaon)

KOKRAJHAR 783370

BTR, Assam

Email: singha.hilloljyoti@gmail.com

Phone: 9435120076, 9101165234

 

হ
লেখকৰ পৰিচয়

হিল্লোলজ্যোতি সিংহ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)