৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দুটা গোলাপৰ কবিতা

লেখকঃ হৰেকৃষ্ণ ডেকা • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২৪
২ মিনিট পঠন • ১৭২৫ বাৰ পঢ়া হৈছে

 হৰেকৃষ্ণ ডেকা

(১) ৰঙা গোলাপ 

"Love thou the rose, yet leave it on its stem.’’

 Edward G. Bulwer-Lytton.

যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷

কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷

তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷

কলোঁ, বৰষুণে লৈ আহক এই সাতোৰং৷

দেখাই নাছিলোঁ পাতৰ আঁৰত ৰৈ আছিল গোলাপ ৷

তাই পোহৰৰ পৰা ল’লে সেই সাতোৰং

আৰু মোৰ চকুলৈ ছটিয়াই দিলে কেৱল এফাকু ৰঙা ৷

ক’বই নোৱাৰিলোঁ কেতিয়া তেজত সোমাল ৷

মোৰ তেজৰ সোঁতত তেতিয়াৰ পৰাই ঘূৰি আছে

ৰঙা গোলাপৰ হাঁহি

তেজৰ কণিকাৰ সতে’।

আৰু আজি

সেই হাঁহি দেখোন কৃষ্ণচূড়াতো মিলে

বহাগে বহাগে

কবিৰ চকুৰ বাবে ৷

    ----

(২) ক’লা গোলাপ

আপুনি ক’লা গোলাপ ভাল পায়নে?

ক’লী ছোৱালীজনীয়ে সুধিলে।

তেওঁ থমকি ৰ’ল। কোনেও চকু নিদিয়া

অকলশৰীয়া ক’লী ছোৱালীজনী।

তেওঁ ক’লে, মই ক’লা গোলাপ ভাল পাওঁ।

কিয় জানানে?

ক’লা গোলাপ বৰ আপুৰুগীয়া।

তাইৰ মুখত এটা উজ্জ্বল আভা ফুটি উঠিল,

যেন ৰঙা গোলাপৰ ৰং।

মনলৈ অহা উপমাটো ভুল । তেওঁ তৎক্ষণাত বুজি পালে।

ক’লী ছোৱালীজনী!

এপাহ উপমাবিহীন ক’লা গোলাপ।

কোনেও চকু নিদিয়া অপৰূপা।

---

হ
লেখকৰ পৰিচয়

হৰেকৃষ্ণ ডেকা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)