৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এমুঠি হেমন্ত

লেখকঃ মন্দিৰা গগৈ • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২৪
২ মিনিট পঠন • ৪২৬১ বাৰ পঢ়া হৈছে

 মন্দিৰা গগৈ


পাতনি :

- কি দি যাবা ?

- ঝুক’ভেলীৰ ৰামধেনুখন আৰু শিৰুই লিলি ফুল এপাহ !

- কি লৈ যাবা ?

- দুচকুত ঝুক’ভেলীৰ ক্ৰুছডাল আৰু এমুঠি হেমন্ত !

...

এই পৃথিৱীত কত যে ভ্ৰম ! ভ্ৰমত সত্যৰ আদি আৰু অন্ত । উৰি থাকে স্মৃতিৰ কুঁহিপাত ভোক, ভাগৰ আৰু ধূলিৰ বৰষুণত ।

তেজৰ জাতিংগাত পহৰা দিয়ে আকাশৰ নীৰৱতাই ! এটা তৰাই আন এটা তৰালৈ কঢ়িয়ায় কাৰ বুকুৰ হুমুনিয়াহৰ অৰণ্য !

শেহনিশাৰ উচুপনিত বুৰ যোৱা সময়ৰ স্বৰলিপি !

পাহৰি যাওঁ আহাঁ আমি আমাৰ চিনাকি মাথোঁ

এটুকুৰা মেঘে কাঁচি এখন হৈ আন এটুকুৰাক ৰেপি থকা সময়ৰ

মই এৰি আহিলোঁ অনেক বাট। সৰা সময়ৰ শেষহীন কাহিনী নিলিখিলোঁ কাহানিও গছপাত এখিলাত ! নক’লো কোনো ঋতুৰ উচপিচ আদৰণিত

অন্তহীন যুঁজত বুকুত বৰফৰ বাগিচা ! ওঁঠত দিনান্তৰ ছায়া ! নকঁপে তথাপি আঙুলি তছনছ সময়ৰ হিচাপত ! ম্ৰিয়মান সকলো হালধীয়া

মই যে নহয় মাথো মই ! প্ৰতিটো খোজত ওপঙি আছে অনিচ্ছাকৃত অনেক সংগীত ! টুকুৰা টুকুৰ ফেঁচা এটাৰ চকুৰ শাণিত চাটুকাৰিতা

এই দিন

এই পুৱা

পানী টান চেঁচা

এই সময় বেলি এই পৃথিৱী উদাস হৈ পৰিলেও

তোমালৈ থৈ যাম সান্নিধ্যৰ থাপনাত

শুভকামনাৰ তিনিপাহ বকুল

এমুঠি হেমন্তৰ জোনাক

ম
লেখকৰ পৰিচয়

মন্দিৰা গগৈ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)