৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জন অৰণ্য

লেখকঃ ৰুদ্ৰ সিংহ মটক • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৬৭৪ বাৰ পঢ়া হৈছে
জন অৰণ্য 
জন অৰণ্য

উশাহ লোৱা টান উশাহ সলোৱাও টান
ভয়-অবিশ্বাস-ধৰ্ষণ, ক'লা দিন ক'লা ৰাতি

প্ৰায়ে ফাদিল নোহোৱাকৈয়ে থাকি যায় 
ৰাতিৰ সাধু বগাঘোঁৰাৰ পিঠিত বুঢ়া ডাঙৰীয়া

অসম্ভৱ  
অসম্ভৱ

অসহায় বনকৰা নাৰী, কাৰ আগত ৰটে বদনাম 
মালিক মহানগৰৰ নাম কৰা  উকীল কোম্পানীৰ  অভিযন্তা

কিবাকৈ ফাদিল হ'লেই যে বলিৰ পঠা 
ধপধপাই থকা জীয়া মঙহ  ৰঙা  তেজৰ পানীয়  উল্লসিত  
নৰখাদক

স্তন জিভা কাটি পেলায় ছুৰীৰে
গজালেৰে ফুটাই দিয়ে  আলজিভা 

মনোৰমা 
মনোৰমা

কচোন, কেনেকৈ সহিছিলি নৰক যাতনা
তীক্ষ্ণ, জোঙা দাঁত দীঘল নখৰ ধেমালি

আ: কনচেনট্ৰেশ্যন কেম্পতকৈও  জঘন্য
সভ্যতাৰ ইতিহাসত ক'লা অধ্যায় আদিম বৰ্বৰতা

যোনিত ৰাইফলৰ সংগীনৰ তপ্ত 
চুমা, বুলেটৰ  জুই-আঙঠিৰ  দাগ 

সন্মান বদনাম ৰঙাঘৰৰ ইমান ভয় পাপিষ্ঠৰ
ধৰ্ষিতাৰ পৰিয়ালৰ ওপৰতো ৰাতিৰ এন্ধাৰত  আক্ৰমণ চলে
দলবদ্ধ  হায়েনাৰ

জালত নপৰে ৰৌ-বৰালি, হাঁহি হাঁহি সাৰি যায় 
আইনৰ জলঙাৰে

নুনুমায় যাজ্ঞসেনীহঁতৰ দুখৰ চকুপানী যাতনাৰ জীয়াতু
সলনি  নহয়  ৰাতিৰ ইতিহাস

ঠিকনা :
লাৰিকা গ্ৰীনভেলী
আজাৰা, হাটখোৱাপাৰা
পিন-৭৮১০১৭, গুৱাহাটী
ফোন, ৭০০২৩০৩৮৮২

ৰ
লেখকৰ পৰিচয়

ৰুদ্ৰ সিংহ মটক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)