৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ড্ৰেছিং টেবুল

লেখকঃ প্ৰাঞ্জল হাজৰিকা • প্ৰকাশিতঃ ৩০ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৮৫৬ বাৰ পঢ়া হৈছে

প্ৰাঞ্জল হাজৰিকা

এলাগী হোৱা টেবুলখনত

আজিকালি জেঠি বগায়, মকৰাই ঘৰ সাজে ।

কাঠেৰে সজোৱা দুটা দ্ৰয়াৰ আৰু মুখবোৰ দেখাপোৱাকৈ আইনা এখনৰ সৈতে 

এখন চাৰিঠেঙীয়া ভঙা পুৰণি ড্ৰেছিং টেবুল আমাৰ ঘৰতো আছে

এতিয়া ঘুণে ধৰিছে ।

আইতা থকালৈকে বেছ আলপৈচানৰ মাজেৰে টেবুলখনে আমাৰ ঘৰৰ এটা কোঠালিত দিন কটাইছিল, 

কথা পাতিছিল ঠিক মুখামুখিকৈ আৰু 

গোপন কথাবোৰ ফাদিল নকৰাকৈ নিজৰ মাজতে ৰাখিছিল ।

এতিয়া ঘুণে ধৰিছে

বয়সৰো থাকে কথা

লাহে লাহে সময়ক জুখিব পৰাকৈ এখন নতুন আটকধুনীয়া ড্ৰেছিং টেবুলে কোঠালিটো দখল কৰিলে 

আৰু পুৰণি টেবুলখনৰ বাবে এডোখৰ নতুন ঠাই যোগাৰ কৰিবলৈ আমিও চেষ্টা নকৰা নহয়

টেবুলখনক

এবাৰ এফালে আৰু এবাৰ আনফালে টানোতেই

এদিন আইতাৰ বয়সৰ  চাৰিঠেঙীয়া টেবুলখনৰ এটা ঠেং ভাঙিল  

তেতিয়াৰে পৰা ভগা টেবুলখনৰ আইনাত ঘৰচীয়া কুকুৰটোৱে ভুকে 

বনৰীয়া চৰাইবোৰ কাষ চাপি আহে 

কোনেও নেদেখাকৈ ।

শুনিছোঁ

বজাৰত পুৰণি আইনাৰ দৰ বাঢ়িছে

এটা গুজৱ ওলাইছে 

তাত হেনো নিজকে লুকুৱাব পাৰি ।

ঠিকনা :
মৰিগাঁও, ৱাৰ্ড নং ৮
প
লেখকৰ পৰিচয়

প্ৰাঞ্জল হাজৰিকা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)