৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ডাঠি তান চৰণে পৰিয়ো

লেখকঃ অলকা মহন্ত বৰুৱা • প্ৰকাশিতঃ ২১ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ২৬৪৩ বাৰ পঢ়া হৈছে

ভৈয়াই শুন

আমাৰ কওঁ 

ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁ

আঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁ

নিয়াৰিত থৈ আমি গঢ়ি পিটি উলিয়াওঁ কাঁহী-বাটি

হাফৰত ৰঙাৈক জ্বলা শালখৰিৰ লগতে ক'লা হয় আমাৰ হাত

গাৰ তেজ ঘাম হয়

তথাপি 

শুন ভৈয়াই

প্ৰতিবাৰেই মূল মৰা বাবদ হাত নেকাটিবলৈ মহাজনৰ ভৰিত পৰোঁ

ভঙা কাঁহৰ বজাৰত  জুই লাগিছে...

কেঞাই চোবালে আমাৰ জীৱন

ভাগীয়াহঁত ঐ

আটি আটি বান্ধ পেটত গামোচা

সাৰাহ পাতেৰে বহল হৈ যোৱা কাঁহচলাৰ দৰেই 

চেপেটা লাগক ঘৰ-ঘৰোৱাহৰ পেট

ভৈয়াই অ'

কঁহাৰৰ দুখ কোনেও নপতিয়ায়

সামান্য কাণভেৰীয়া মই

পাঁচোটা বছৰৰ ধাৰ মাৰিব পৰা নাই..

তেজৰ হেঁপাহত কত ৰাতি সামৰি থৈছোঁ জৰী

এঙাৰ বেপাৰীৰ দৰে

অ' ভৈয়াই

পোহ যাব পৰা নাই 

আমাৰ হকে মতা মাতবোৰ দুৱাৰ দাং দি ভিতৰত সোমাল

কেঁচামাল নো কি

জগতখনেইচোন কেঞাৰ হাতত

তই আৰু মইনো কোন

ভাস্কৰবৰ্মাৰ কংসপাত্ৰত ধুলিৰ চামনি

ৰাইজখনক সুধিবিচোন 

কি কৰিনো আমি তৰোঁ

কি হ'ব আজোককাৰ দিনৰ বিদ্যাৰ

ধনৰ লোভ কাৰনো নাই

হুজুৰৰ দল ডাঙৰ 

কাঁহৰ লগতে কুন্ৱাদো দেহাবোৰ

ভাগীয়াৰ লগতে ঘৰে-ঘৰোৱাহে

লুইততে জাহ যাওঁ !

ঠিকনা :

বামুণীমৈদাম,গুৱাহাটী-২১

অ
লেখকৰ পৰিচয়

অলকা মহন্ত বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)