৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এজামচন্ (Assumption)

লেখকঃ সুশান্ত বৰা • প্ৰকাশিতঃ ২৪ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ৩৪৭ বাৰ পঢ়া হৈছে

 সুশান্ত বৰা

 

ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ

আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ  ছেপ্টেম্বৰ,

বৰষুণ হ’ব পাৰে

মোৰ পিঠিত ঘামচি পকিছে৷


খিৰিকীৰ আইনাত এজনী শালিকীয়ে নিজৰ স’তেই চেকচেকাইছে,

মই তাইক আঙুলিৰে চোওঁতে

বৰষুণৰ ৰাতিৰ দৰে তাইৰ উমাল শৰীৰে মোক নিমন্ত্ৰণ জনালে,

মোৰ এটা চুমা খাবলৈ মন গ’ল, 

তাই মোক যোৱাৰাতিৰ কথাবোৰ মনত পেলাই দি ফুচফুচালে, যদি সাৰ পায় তোমাৰ পত্নী,

মই তাইৰ কৰ্কশ ওঁঠ দুটালৈ চাই খিৰিকীখন খুলি দিলোঁ

আৰু তাই মোক ধন্যবাদ এটাও নজনোৱাকৈ পাখি কটালি বহিলগৈ গছৰ ডালত

যেন অস্পৃশ্য হাতৰ চুৱা ধুই ৰ’দৰ পাতত মেলি দিছে ডালি ডালি চুলি ৷


মই ছেপ্তেম্বৰৰ সাম্ভাৱ্য সন্ধিয়াটোলৈ আগবাঢ়িলোঁ য’ৰ পৰা 

মোৰ পত্নীয়ে সন্দিহান ডাউকৰ চকুৰে মোলৈ চাইছিল,

ক্ষণিকলৈ মই ডালি হৈ পৰিলোঁ


আমি চোতাললৈ ওলাই আহিলোঁ আৰু আঁউসী উদযাপনৰ অৰ্থে সম্পূৰ্ণ নাঙঠ হ’লোঁ,

গালাৰ নিতম্বত হাত থ’লোঁ

তেওঁ ধৰিলে মোৰ আঙুলিত,

মই জনাই নাছিলোঁ আঁউসীৰ চোতাল ইমান কুশলী আৰু আকলুৱা বুলি !


তেওঁৰ মুখখন চাবলৈ মোৰ বৰকৈ মন গৈছিল

এজাক দুষ্ট জোনাকীয়ে ন কইনাৰ দৰে তেওঁক আৱৰি বৰক বাধা দিলে,

মই প্ৰাৰ্থনা কৰিলোঁ 


হে’ মেঘ এজাক বৰষুণ আনা আৰু দুষ্ট জোনাকীজাকক লুকুৱাই ৰাখাঁ৷


ঠিকনা :

যোৰহাট 

ফোন : ৯১০১৫৩৬১০৯

স
লেখকৰ পৰিচয়

সুশান্ত বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)