৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কল্প-কথা

লেখকঃ ৰশ্মিৰীয়া গগৈ‍ • প্ৰকাশিতঃ ২৯ ছেপ্টেম্বৰ, ২০২১
২ মিনিট পঠন • ২৮৮৫ বাৰ পঢ়া হৈছে

ৰশ্মিৰীয়া গগৈ

যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ

য’ত সমানে ছাঁ আৰু পোহৰ

সমান ভূত আৰু ভৱিষ্যতৰ ওজন

তুমি কৈছা - নক্ষত্ৰ মৰিলে আকৌ ওপজে

কৃষ্ণ গহ্বৰৰ ক’লাতো থাকে নতুনৰ দুৱাৰ

জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই

সুদীৰ্ঘ দিন লেপি আছোঁ ঘোপমৰা এন্ধাৰ

তুমি কৈছা- ব’লা কথা পাতোঁ

পোহৰৰ, গল্পৰ, কবিতাৰ

বুকুত ভঙাহাড়ৰ উখহা জোৰা

কেনেকৈ পাতোঁ তিৰবিৰ কথা

বতাহৰ আঁহে আঁহে বহি থাকে কাফকা।

ভঙুৱা জিভাৰে কি কথা পাতিলোঁ মনত নাই

চকুত উপঙিছে মৰা শামুকৰ খোলা

আন্ধাৰতে কাষৰীয়া অৰণ্য কঁপিছে

মোৰ লৰকালৈ মনত পৰিছে।

ঘটনা হিচাপে বিশেষ একোৱেই ঘটা নাই

আহিবলগীয়া ৰেলখন আহি প্লেটফৰ্ম পাইছেহি

নিঃসাৰ হৈ পৰি থকা চিৰিবোৰ জী উঠিছে

এটা মেটাফ’ৰ বিচাৰোঁ ব’লা

আন্ধাৰতে আঁউসী মৰা

অন্যথা এডাল জিলিকা সূচক!

ৰ
লেখকৰ পৰিচয়

ৰশ্মিৰীয়া গগৈ‍

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)