৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

লেণ্ডস্কেপ

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ২৯ মাৰ্চ, ২০২১
৩ মিনিট পঠন • ২২১৭ বাৰ পঢ়া হৈছে

গায়ত্ৰী দেৱী বৰঠাকুৰ 

(এক)

কুৰি শতিকাটো

উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ

ইপিঠি-সিপিঠি আছিল

 

এটি মুদ্ৰাৰ দৰে খলকনি

সুক্ষ্ম ঝনঝননি

 

উজ্জ্বলতাত

তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি

 

(দুই) 

চোৱাঁচোন মাটিছ

মানুহ বোৰে  কিছুমান কথা ক'ব লাগে বাবেই কৈ থাকে

 

তুমি আৰু ডেৰেইন

হোনো বন্যপ্ৰাণী

 

কি কৰিবা টেমছ

মাটিছ নিৰুপায়

 

পাহৰি যোৱা সকলো। পৰিহাসো

 

দুখৰ সকলো স্মৃতি ধুই নিব পৰাকৈ

শক্তিশালী সময় তোমালোকৰ পক্ষতে আছিল

 

(তিনি) 

টেমছৰ বোঁৱতী পানীৰ শপতে

যি ছবি আঁকিলে

ডেৰেইনক

হুইচলাৰ, মনেটৰ কান্ধত কান্ধ থ'ব পৰাকৈ

ওখ কৰি তুলিলে

 

ইউকেলিপটাছ তোমাৰ দুচকুত টেমছৰ প্ৰতিচ্ছবি

চহৰীয়া জীৱনৰ সজীৱ-সতেজ-তীক্ষ্ণ

সংমিশ্ৰণ 

ৰূপ-ৰস-গন্ধ

 

(চাৰি) 

ডেৰেইন

তুমি ঠিকেই কৰিছিলা

ৰঙৰ উজ্জ্বলতা আৰু পৰম্পৰাগত কৌশলেৰে

অথিৰ জীৱনৰ থিৰ যান্ত্ৰণাবোৰ

ঢাকি থৈছিলা 

 

(পাঁচ) 

লেণ্ডস্কেপে ৰঙেৰেই মাতে আজিও 

গছবোৰে শিপাৰে খামোচে

সেউজীয়াৰ শিপা-গভীৰতাৰে গছে ৰঙৰ পৃথিৱীক আৱৰে

 

অভিজ্ঞতাৰ ৰঙে

জীৱন বৃক্ষক যে আৰু অধিক তাত্পৰ্য্পূৰ্ণ কৰি তোলে

কালজয়ী ছবি আঁকে

 

(ছয়)

পূৰ্ণগ্ৰাস গ্ৰহণৰ দৰে

চেজানে

গিলি থ'ব পৰা নাছিলে

তোমাৰ প্ৰাকৃতিক পৰিঘটনাৰাজি

 

ঘনক দূৰৈত কিউবিজিম

  

(সাত)

বন্ধুত্বৰ গভীৰ এনাজৰীৰে মাটিছে

তোমাক ভাল পাবলৈ  শিকাইছিলে

সুকুমাৰ পৃথিৱীৰ বিশালতা গাঁঠি দিছিলে 

তোমাৰ হৃদয়-তুলিকাত 

ৰঙৰ সীমাহীন ব্যাখ্যাত তুমি

চাতক  হৈ পি খাইছিলা

অপাৰ ৰঙৰ অসীম অমিয়া সুধা

 

সৰ্বশেষত ডেৰেইন

জীৱন মাৰ্চেলিৰ এক তৈলচিত্ৰ 

এক লেণ্ডস্কেপ*  

 

*এণ্ড্ৰে ডেৰেইনৰ শিল্পকৰ্ম লেণ্ডস্কেপৰ আধাৰত।

ঠিকনা:

তেজপুৰ।

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)