৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভোগালী

লেখকঃ ৰাজীৱ বৰা • প্ৰকাশিতঃ ২৯ জানুৱাৰী, ২০২১
২ মিনিট পঠন • ১১৫২ বাৰ পঢ়া হৈছে
ৰাজীৱ বৰা

আহুকাল খেদিবলৈ উদং গাৰে মেজি পুওৱা ভাল

(এইষাৰ লৈ নিয়ম নমনা নতুনৰ আহুকাল)

শুকান লকচা বনৰ দলিচা পাৰি কঁপি থাকিলোঁ

পুহ-মাঘৰ গোটেই নিশা পুখুৰীপৰীয়া পথাৰত
ভেলাঘৰত কেইবাটাও কঁপনি— হাঁহ চুৰিৰ দায়
প্ৰথমটো চুৰটৰ তাপ আৰু ধোঁৱাৰ বিজ্‌বিজনি

জীৱনৰ মাঘত নিৰামুহীয়া নহৈ

মঙহৰ সোৱাদ লৈ বাঢ়ি থাকিল দিন
এতিয়া সোলা মুখ, ডিঙিত খাহীৰ হাড়
ভোগৰ চাকনৈয়াৰ পৰা উধাব নোৱাৰিলোঁ
ভোগলৈ হাউলি সাঁচনলৈ পিঠি
বৰঘৰ খুঁচৰি কোনোবাই লৈ গ’ল
ঐতিহ্য-সংস্কৃতি লোটা-ঘটি-বাটি
‘ভাঙি-গঢ়ি খুন্দি-পিটি বণিকে
সেয়া আমালৈকে আগবঢ়ায়
অলাস্য আৰু ভোগৰ আধামুদা চকুৰে তৃপ্ত মই
দৃশ্য-দৃশ্য-দৃশ্যৰ আটাহ। বাকচত চকু গুজি ৰাইজ
নিচাৰ নৰ্দমাত ভোগালী মোৰ অভিযোগ নাথাকে
উদং পথাৰত বাহৰ কাঠীৰ ম’হযুঁজ

কঙালীত ৰঙালী৷ কাতিত ভোগালী পুহত উষ্ণতা

ব’হাগত কুঁৱলী। কুঁৱলী তলত নিস্তেজ বেলি
বাকচটোৱে দেখুৱাই আছে। মই চাই আছোঁ...
শ্ৰব্য ৰূপ
ৰ
লেখকৰ পৰিচয়

ৰাজীৱ বৰা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)