মনোজ নেওগ
চেঁচা।
সাবটি শুবলৈ মানুহৰ গাৰ দৰে কাঠৰ তাপ নাই।
মানুহ।
কাঠ। অৰণ্যত মৰাগছৰ ঠাণি কঁপাই কৰতীয়াল বতাহ।
অযথা
হেজাৰ মাত হেৰোৱা দিনত হাজিৰাৰ খীণ মাত এটা
শিলিখা
সোৱাদৰ এটা মাত
— চম্পা অ’, নিৰাপদ নহয় নগৰ। শলখা দিয়া দুৱাৰ। পোহৰতে
ঘূৰিবি। জানই নহয় অথাই জীৱনৰ অ’লৈ-ত’লৈ ভৰি।
...
আপুনি
জানেনে
কৈ
মৰা মানুহ এনেকৈ কিয় মৰে নকৈ
...
চকুলৈ চালোঁ ঘৰশূন্য পোহৰ
বুকুলৈ
চালোঁ, ৰুকি খোৱা দুফাল বেল
চম্পা
নুফুলা এদিন
নৰ্দমাৰ
পানীত চম্পা ফুলি আছিল
একোটা
মাখি যেন একোখন যুঁজাৰু বিমান
চেঁচা!
কাছুটি হেৰুওৱা বুঢ়ী এজনীয়ে মাটিত বাগৰি চিঞৰি আছিল
‘‘সাবটি শুবলৈ চম্পাৰ লগতে মোকো জুই একুৰা দে!’’
শ্ৰব্য ৰূপ
ম
লেখকৰ পৰিচয়
মনোজ নেওগ
অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।
এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)
মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)