৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মিৰি নাও-ফিৰি নাও

লেখকঃ দিলীপ ফুকন • প্ৰকাশিতঃ ২৯ ডিচেম্বৰ, ২০২০
২ মিনিট পঠন • ৩৫০ বাৰ পঢ়া হৈছে

 দিলীপ ফুকন

বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই

লাগি আছিল মিৰি নাও-ফিৰি নাও৷

চৰ্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও

নাইবা নৈৰাত্মা নাৱৰীয়া৷

প্ৰাচীন পুৰুষ এই নাৱৰীয়াই

কোনোকালে লৌহিত্যত স্নান কৰা নাই

অথচ ঘূলিত পৰা ম’হৰ দৰে

প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷

তেওঁৰ হাড়ৰ মাজেৰে সৰকি যায় প্ৰলয় পয়োধি জল

বুকুত আদিগন্ত বালিৰ বিস্তাৰ৷

এই বিধ্বস্ত শৰীৰ সোলকাই থৈ

তেওঁ হৈ পৰে ৰূপকাৰ, ৰূপ লয় ঘাটৈৰ

আৰু কণ্ঠত বাজি উঠে এখনি ৰামধন গগণা:

ফিৰি নাও - ফিৰি নাও – ফিৰি নাও ...

ফিৰি – ফ্ৰী – বিনামূলীয়া?

চঞ্চল ছাগ-বৎসৰ দৰে উল্লসিত যাত্ৰীহঁত নাৱত উঠে

এহালি পানীপৰুৱাই টানি নিয়ে নাও

গুৰি ব’ঠাই পানী কাটে জীৱনমুখী কবিতাৰ৷

পাৰ নৌ পাওঁতেই নাৱৰীয়াই পুনৰ পিন্ধি লয়

পৰিত্যক্ত শৰীৰ আৰু সকলোৱে শুনা পায়

এক পুৰাতন থিয় গৰাৰ মহানাদ : মিৰি নাও – মিৰি নাও –মিৰি নাও ...

খ্যাতিহীন কবিয়ে কয় :

এই আৰ্তি মহাদিগন্তত ঠেকা খাই

যাৰ বুকুত প্ৰতিধ্বনিত হ’ল

তেওঁ আজিও বিচাৰি ফুৰে সেই নাৱৰীয়াক৷

শ্ৰব্য ৰূপ
দ
লেখকৰ পৰিচয়

দিলীপ ফুকন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)