৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ইমানবোৰ

লেখকঃ অনুভৱ তুলসী • প্ৰকাশিতঃ ২০ ডিচেম্বৰ, ২০২০
২ মিনিট পঠন • ৩৮৯ বাৰ পঢ়া হৈছে

অনুভৱ তুলসী

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

শঙ্কুমুনি অৱস্থান— উৰুসন্ধি কলাফুল কেঁচাপাট কটি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে  

অশ্বচক্ৰ অৱস্থান— কাষলতি কাণপটি গলধন থুঁতৰি

আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে

ভ্ৰমৰঙ্গ অৱস্থান— তলুৱা আঙুলি নখচন্দ্ৰ চুলি—

তিলৰ পেটৰ তেল উৰহ ওকণী

মই উমানতে কিবা এটা কৈ দিম

হাঁহিয়াতৰ পাত্ৰ হ’ম

তুলা-ধুনাৰ এই বতৰত

ভূমি-ভূমাৰ উৰ্বৰতাৰ

পৰিমাপ স্কেলৰ ফাকটি

একেলেথাৰিয়ে ভূত-ভেটি খেলিয়েই আছোঁ  

নাটকৰ কোনো এক উষ্ম অৱস্থানত

হাৰি আছোঁ হাৰি হৰি ধৰাশায়ী

মোৰ মূৰে কাম নকৰা হৈছে

পাকভোঁহৰ অৱস্থান— বোকা পানী এঠা-বেথা

আপুনিয়েই কওকচোন

শ্ৰব্য ৰূপ
অ
লেখকৰ পৰিচয়

অনুভৱ তুলসী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)