৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শীতৰ এটা ৰাতি

লেখকঃ মামণি দাস • প্ৰকাশিতঃ ২০ ডিচেম্বৰ, ২০২০
২ মিনিট পঠন • ২৭৭৪ বাৰ পঢ়া হৈছে

মামণি দাস

কি ক’ব খুজিছিলোঁ
নক’লোঁ
শুনিবলৈ ব্যাকুল শ্ৰোতা‌ এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন
ইমান ঠাণ্ডাত জুই একুৰাৰ আগত
ধোঁৱা ফুৱাই ফুৱাই
কোনেও নুশুনিলেও এনেয়ে ক’লোঁ
এই ঘন কুঁৱলীখিনি মোৰ অনীহা
নিজতকৈ মুগ্ধ শ্ৰোতা কোনো নাই
তথাপি পুহৰ এন্ধাৰত কল্পনাৰ খেলখন খেলি থকাৰ মাজত
বিৰক্ত হৈ উঠোঁ
বিৰক্ত হ‌ওঁ এই ভাবিয়েই যে
এই মুহূৰ্তত ভাবি থকা কথাটো
নিজৰ লগত খেলা আমোদজনক খেল এটাৰ বাদে একোৱেই নহয়
শ্ৰোতাহীন কথাবোৰ কিয় আখজা
অলীক আৰু অৰ্থহীন
কিছু দেৰিৰ আগলৈকে মোৰ কাষত কোনো নাছিল
কোনো নথকাটোৱেই বিচাৰিছিলোঁ
শুনিব খোজা কোনোবা থকা হ’লেও মই চাগে কিছু জেদী হ’লোঁহেঁতেন
পুহৰ এই কঁপি থকা জুইকুৰা
মোৰ অস্থিৰতাৰ অনুবাদক ...
শীতৰ ছবি এখন মনলৈ আহিলত
বিস্মৃতিত ভোগা মানুহৰ থৰ চকুবোৰ
মনত পৰি
ক’ম বুলিও নক’লোঁ
স্মৃতিত ভুগি ভুগিয়ে মানুহ বিস্মৃতিত ভোগে
মই যেনিবা স্মৃতিহীন কাঙাল ...
আঁতছিগা কথা এগাল পাগুলি সেকি থকা
হাত দুখন
গালতে থৈ
শীতৰ ৰাতি এটা কটাই দিছোঁ।
শ্ৰব্য ৰূপ
ম
লেখকৰ পৰিচয়

মামণি দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)