৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিবৃত্তি

লেখকঃ বেদান্ত নাথ • প্ৰকাশিতঃ ২৮ মে’, ২০২৫
১১ মিনিট পঠন • ৯৩৭ বাৰ পঢ়া হৈছে

 বেদান্ত নাথ

 

: অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা‌ মানুহ এজন অনবৰতে সোমাই থকাটো‌ ভাল নেদেখি৷ এইটো‌‌ এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো‌ মন কৰিছে৷ 

ঘৰৰ মালিকৰ ধীৰ অথচ বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ কাণত‌ যেন‌ গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান আৰু লাজত তাই‌ যেন সেই মুহূৰ্ততে মাটি ফাটি তললৈ সোমাই যাব৷ তাই অকলে থাকে বুলিয়েই কেতিয়াবা ৰাতি গা বেয়া হ’লে ঔষধ আনি দিয়া, ঘৰুৱা অনুষ্ঠানত  লগে-ভাগে এসাজ খাবলৈ মতা মৰমিয়াল মানুহজনে মুখলৈ নোচোৱাকৈ টান কথা কেইষাৰ শুনাই দিলে৷ লাজ, অপমান, ক্ষোভ‌ সকলো‌‌ সামৰি তাই বিছনাতে পৰি থাকিল বহু দেৰি৷ দেউতাকৰ ওপৰতো তাইৰ ক্ষোভ হ’ল ৷‌ মাক নোহোৱাকৈ ডাঙৰ হোৱা তাইৰ বিয়াখনৰ প্ৰতি দেউতাকে কোনো দিনে আগ্ৰহ দেখুওৱা নাই ৷ তাই নিজে আগবাঢ়িব খুজিলেও আওপকীয়াকৈ বাধাহে দিছে৷ দেউতাকে বিচাৰে তাই দেউতাকৰ লগতেই থাকক৷ তাইৰ শাৰীৰিক, মানসিক প্ৰয়োজনবোৰৰ প্ৰতি, ভৱিষ্যত নিৰাপত্তাৰ প্ৰতি দেউতাক সম্পূ্ৰ্ণৰূপে উদাসীন৷ 

এবছৰৰ আগতেহে বিদিশাই চাকৰিটোত যোগদান কৰিছিল৷ দেউতাক দুদিন থাকি ভাৰাঘৰটো ঠিক-ঠাক কৰি দি উভতি গৈছিল৷ মালিকজন‌ মৰমিয়াল ৷ দুমহলীয়া ঘৰটোৰ ওপৰৰ মহলাত তাই আৰু দুটা পৰিয়াল, তলত মালিক আৰু ঘৈণীয়েক৷ ল’ৰা-বোৱাৰী চাকৰি সূত্ৰে দূৰৈত থাকে৷ অফিচৰ ষ্টাফ কেইজনো‌ বিদিশাৰ ভালেই লাগিছে৷ গুৱাহাটীত নতুন বুলিয়েই তাইক সকলোৱে মৰম কৰে৷ বিশেষকৈ শইকীয়া ছাৰে৷ তাইৰ দায়িত্ববোৰ বুজাই দিয়াৰ লগতে তাই যাতে কোনো ধৰণৰ অসুবিধাত নপৰে তাৰ বাবে প্ৰতি মুহূৰ্ততে খবৰ‌ ৰাখিছে মানুহজনে৷ মানুহজন অলপ হোজা৷ এই কেইদিনতে তাই মানুহজনৰ বিষয়ে বহুখিনি জানিব পাৰিছে৷ ছোৱালীজনী অলপতে কলেজ এখনত এঢকত সোমাইছে৷ ল’ৰাটোৱেও কলেজ পাছ কৰি উঠি য়ুনিভাৰ্ছিটিত নাম লগাইছে৷ 

মানুহজনী ভাৰাঘৰকেইটা, মহিলা সমিতি আদিক লৈ ব্যস্ত৷ সুখী সংসাৰ এখনৰ গৰাকী মানুহজন৷ অফিচত বাহিৰত মানুহে তেওঁক সমীহ কৰি চলে৷ চাকৰিত যোগদান কৰাৰ কিছুদিন পাছত দেউতাকে তাইক তেওঁৰ হাততে গতাই থৈ গৈছিল৷ তেতিয়াৰ পৰা তেৱেঁই তাইৰ লিগেল গাৰ্জেন৷ তাইক ইফালে সিফালে লৈ যোৱা, বজাৰ-সমাৰ কৰি দিয়া, অফিচলৈ আহোঁতে লৈ অহা৷ অফিচৰ পৰা ঘূৰি যাওঁতে গাড়ীৰে তাইৰ ভাড়াঘৰত নমাই থৈ যোৱা৷ দুপৰীয়া টিফিন খাবলৈ লৈ যোৱা৷ মুঠৰ ওপৰত শইকীয়া ছাৰ তাইৰ ছিনিয়ৰতকৈ বেছি তাইৰ বন্ধু হৈ উঠিল৷ সৰু সৰু কথা এটাৰ বাবেও তাই শইকীয়া ছাৰৰ ওপৰতে নিৰ্ভৰ কৰা হ’ল৷ তেৱোঁ তাইক লৈয়ে ব্যস্ত থাকে৷ তাইৰ লগত আচুতীয়াকৈ অলপমান সময় কটাবলৈকে যেন তেওঁ অজুহাত বিচাৰি থাকে৷ তাইক বেলেগ বেলেগ ৰেস্টোৰাঁলৈ লৈ যোৱা৷ শ্বপিং মলত দামী দামী কাপোৰ কিনি দিয়া৷ বন্ধৰ দিনটো বাহিৰত দৰকাৰী কাম আছে বুলি ঘৰৰ পৰা ওলাই গৈ তাইক চিনেমা দেখুৱাবলৈ লৈ যোৱা৷

তাইক লৈ লং ড্ৰাইভলৈ যোৱা‌ ... 

মফছলীয় চহৰখনত সাধাৰণ জীৱন শৈলীৰে ডাঙৰ-দীঘল হোৱা বিদিশাক মানুহজনে মহানাগৰীয় ৰাগি লগা স্বপ্নময় জগত এখনলৈ ধীৰ গতিৰে সুমুৱাই লৈ গ’ল৷ ৰিক্সাত উঠি কলেজলৈ অহা-যোৱা কৰা ছোৱালীজনী গাড়ী নহ’লে এখোজো ক’লৈকো ওলাব নোৱাৰা হ’ল৷ শ্বপিং মল নহলে সৰু-সুৰা দোকানত থিয় হ’বলৈকে মন নোযোৱা হ’ল৷ তাইৰ উৰ্পাজনৰ অনুপাতে তেওঁ চাহিদা বঢ়াই গৈ থাকিল৷ ভ্ৰমৰ পৃথিৱী এখনত প্ৰৱেশ কৰিলে তাই৷ অস্পষ্ট৷ ধূসৰ৷ তাইৰ চাৰিওফালে এখন জালৰ সৃষ্টি হ’ল ৷ তাইক আৱৰি জালৰ সূতাবোৰ ক্ৰমাৎ বিস্তৃত হৈ গৈ থাকিল৷ আগতে অফিচৰ পৰা তাইক ঘৰৰ গেটত নমাই থৈ যোৱা মানুহজন এতিয়া তাইৰ ৰূমত এঘণ্টা বহি দেৰিকৈ ঘৰলৈ ওভতা হ’ল৷ বাহিৰত টিফিন খোৱাতকৈ দুপৰীয়াটোত সময় অকণ উলিয়াই তাইক লৈ ৰূমলৈকে অহা হ’ল৷ বন্ধ কোঠাৰ আন্ধাৰত দুয়োৰে মাজত থকা সংযমৰ সীমাৰেখাডাল সম্পূ্ৰ্ণৰূপে মচ খাই নোহোৱা হৈ পৰিল৷ তাইৰ জীৱনত তেৱেই প্ৰথম পুৰুষ হৈ আহিল৷ তেওঁ মানুহৰ চকুত তেওঁৰ সুখী সংসাৰখনৰ সৰ্ম্পূণ ওলোটা ছবি এখন তাইৰ আগত উদঙাই দেখুৱালে৷ বৈৱাহিক জীৱনৰ মনোমালিন্য, অসন্তুষ্টি, প্ৰভূত্বশালী, অসহিষ্ণু, প্ৰচুৰ বস্তুবাদী পত্নীৰ প্ৰকৃত ছবিখন উদঙাই তেওঁ তাইক আৱেগিক কৰি তুলিলে৷  তাইৰ নিজকে উপন্যাসৰ কোনো নায়িকাৰ দৰে  লগা হ’ল .....

মাকৰ অবিহনে অকলে অকলে ডাঙৰ হোৱা বিদিশাই নিজকে ইমান দিনে কঠোৰ সংযমৰ ভিতৰতে আৱদ্ধ ৰাখিছিল৷ দুই এটা ল’ৰা ওচৰ চাপিবলৈ চেষ্টা নকৰা নহয় তাইহে মুঠেও গুৰুত্ব নিদিলে৷ তাই ভাবিছিল দেউতাকে উচিত সময়ত উচিত সিদ্ধান্ত ল’ব৷ সময় বাগৰিল৷ লগৰ ছোৱালীবোৰ এজনী এজনীকৈ বিয়া হৈ গ’ল৷ তাইৰহে কথাবোৰ কোনো ফালে আগ নাবাঢ়িল৷ 

নতুনকৈ গাৰ্লছ কলেজখনত যোগদান কৰা সহকাৰী অধ্যাপকজনে বিদিশালৈ বৰকৈ মন মেলিছিল৷ সহকৰ্মী নীতা বাইদেৱেই তেওঁৰ দূৰ সম্পৰ্কীয় ল’ৰাটোক বিদিশালৈ আনিছিল৷ দেউতাকে  অকণো আগ্ৰহ নেদেখুৱাত ভাল সম্বন্ধ এটা আৰম্ভ হোৱাৰ‌ আগতেই শেষ হৈ গ’ল৷ তেতিয়াৰ‌ পৰা নীতা বাইদেৱেও‌ তাইক বেয়া পোৱা হ’ল ৷ 

অকল নীতা বাইদেৱেই নে? অফিচৰ সকলোৱে তাইক এতিয়া বেয়া চকুৰে চায়৷ নতুনকৈ অহা অফিচাৰজনৰ কথা বতৰাৰ ইঙ্গিত তাই মন কৰিছে৷‌ ‌খঙত ক্ষোভত কেতিয়াবা আগ্নেয়গিৰি এটাৰ দৰে ফাটি পৰিবৰ‌ মন যায় বিদিশাৰ৷ সচাকৈয়ে তাইৰ চৰিত্ৰৰ স্খলন হৈছে নেকি ? হ’ল যেনিবা তেওঁৰ বয়সৰ ব্যৱধান বহুত বেছি ! প্ৰেমত সকলো বৈধ! তাইৰ প্ৰেমৰ প্ৰৱিত্ৰতাকলৈ প্ৰশ্ন কৰাৰ অধিকাৰ আছেনে কাৰোবাৰ ?

এই সকলোবোৰৰ বাবেও তাই জানো অকলেই দায়ী‌ ! 

তাই ক্ৰমাৎ বিদ্ৰোহী হৈ উঠিল৷ আনদিনাৰ দৰে তাই সন্ধিয়া ওলাই নগ’ল৷ বিছনাতে পৰি থাকিল গোটেই সন্ধিয়াটো৷ তেওঁ বাৰে বাৰে কল কৰি থকাৰ পাছতো মোবাইলটো ছাইলেণ্ট কৰি আঁতৰাই থ’লে৷ তাই এই সৰ্ম্পকটোৰ পৰা মুক্তি পোৱাৰ চেষ্টা যে কৰা নাই তেনে নহয়‌৷ বহু ৰাতি তাই উজাগৰে পাৰ কৰিছে৷ চকুত চিন্তাই কৰাল বান্ধিছে৷ মনেৰে তাই বহু যোজন‌ আতৰি গৈও ঘূৰি আহি আকৌ একেটা বৃত্তৰ ভিতৰতে সোমাই পৰেহি৷ বাৰে বাৰে চেষ্টা কৰিও, অনুচিত বুলি প্ৰতি মুহূৰ্ততে উপলব্ধি কৰিও তাই নিজক আঁতৰাই আনিব পৰা নাই৷‌ তাই কেইবাবাৰো তেওঁক একেলগে থকাৰো প্ৰস্তাৱ দিছিল৷ বয়সৰ বৃহৎ ব্যৱধান তাই মানি লৈছে‌৷ তাই তেওঁৰ বাবে সকলো ত্যাগ কৰিবলৈও সাজু৷ ফেটী সাপৰ নেগুৰত ভৰি পৰাৰ দৰে তেওঁ জাপ মাৰি উঠে তেতিয়া৷ তেওঁ তাইৰ আজীৱন বন্ধু হৈ থাকিব খোজে৷ তাইক দামী দামী ৰেষ্টুৰেণ্টলে লৈ যাবলৈ, অন্ধকাৰ কোঠাত তাইক সাবটি ল’বলৈ, তাইৰ ভিতৰত গৰম বীৰ্য ঢালি দিবলৈ তেওঁ সাজু হৈ থাকে কিন্তু তাইক সমাজৰ ওচৰত স্বীকৃতি দিবলৈ‌ তেওঁ ৰাজি নহয়৷ নিজৰ প্ৰতিষ্ঠা তেওঁ কোনোপধ্যেই এৰিব নোৱাৰে৷ সন্তানৰ সমুখত, পত্নীৰ সমুখত তেওঁ মহান হৈ‌ থাকে অথচ বন্ধ‌ কোঠাত তাইৰ সমুখত অন্য এজন‌‌ মানুহ হৈ উঠে৷ তাইক আৱেগৰ জৰীৰে বান্ধি ৰাখে‌‌ তেওঁ ৷‌ তাই সকলো  জানিও বুজিও  তেওঁৰ দুবাহুত আত্মসৰ্মপণ কৰে৷‌ কাৰণ তেওঁ যে তাইৰ প্ৰেম৷ তাইৰ যৌৱনৰ প্ৰথম পুৰুষ৷ অৱজ্ঞা কৰিব খুজিও তাই নোৱাৰে ৷ তাইৰ‌ সেই দুৰ্বলতাৰেই সুযোগ লয় তেওঁ‌৷

কেইদিনমানৰ পৰা তাই মন কৰিছে তেওঁ অলপ অন্যমনস্ক হৈ থকা হৈছে৷ বাহিৰলৈ তাইক লৈ ওলাই যাবলৈ সংকোচ কৰা হৈছে‌৷ অফিচত নজনোৱাকৈ তেওঁৰ কোঠাত সোমাই গ’লে তেওঁ অপ্ৰস্তুত হৈ উঠে৷ সোনকালে তাইক লৈ ৰূমত সোমাব পাৰিলেই যেন ৰক্ষা পৰে অনবৰতে তেনে এক ভাবেই তেওঁ‌ কঢ়িয়াই ফুৰা হৈছে ৷

তাই কাৰণ নোসোধা নহয়৷ তেওঁ দহটা বাহানা দেখুৱাই৷ ছোৱালীজনীক চাবলৈ ল’ৰা অহাৰে পৰা তেওঁৰ পৰিৱৰ্তন বিদিশাই লক্ষ্য কৰিছে ৷

ছোৱালীজনীৰ বিয়াৰ কথা যিমানেই আগবাঢ়িছে সিমানেই তেওঁৰ অস্থিৰতা বাঢ়িছে৷ বিয়া এখন‌ বুলিলে কিমান কাম৷‌ কিমান যা-যোগাৰ‌৷ ভাগে ভাগে দায়িত্ববোৰ ভগাই দিয়া৷ 

তাৰ মাজতে ছোৱালীজনীক লৈ গাঁৱৰ সত্ৰত শৰাই এভাগ দি অহা ৷ কামবোৰ যাতে সুকলমে হৈ যায় তাৰ বাবে তেওঁ চেষ্টাৰ ত্ৰুটি ৰখা নাই৷ ইমান দিনে প্ৰায় নিলগে-নিলগে থকা পৰিয়ালটোৰ ওচৰ চাপিবলৈও তেওঁ সংকোচ কৰা নাই৷ সন্তানৰ কাৰণে কিমান কি যে কৰিব লাগে মানুহে! সকলো আৱেগ, অভিমান জলাঞ্জলি দিছে৷ অথচ মনৰ অস্থিৰতাক ঢাকি ৰাখিবলৈ তেওঁ যেন পৰা নাই৷ প্ৰচণ্ড শীতত লঠঙা গছ এডালৰ শুকান পাত এখিলাৰ দৰে‌ তেওঁ কঁপিছে৷ নিজৰ আলসুৱা ছোৱালীজনীৰ সুখৰ সংসাৰ এখনৰ বাবে‌ সামৰ্থ্যৰে‌ ঢুকি পোৱা সকলোখিনি কৰি উঠি আন এজনী ছোৱালীৰ বাবে অন্তহীন একাকিত্বৰ দুৱাৰ এখন খুলি দিছে৷ অকলশৰীয়া ছোৱালীজনীয়ে বিশ্বাসত তেওঁক সৰ্বস্ব সঁপি দি অন্ধকাৰ গহ্বৰ এটালৈ সোমাই গৈ আছে৷ তেওঁ বৰ অসহায় অনুভৱ কৰিছে৷‌ উচিত- অনুচিত, পাপ-পূণ্যৰ দোমোজাত তেওঁ দুলি আছে৷ তেওঁ‌ যেন‌ নিজেই এখন‌ কোনো কালে শেষ নোহোৱা যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে... 

গোটেই ৰাতিটো বিদিশা বিছনাত ইকাটি-সিকাটি কৰিয়ে পাৰ কৰিলে৷ লাজ-অপমান, চিন্তা আৰু হতাশাই তাইক গোটেই ৰাতি জুমুৰি দি থাকিল৷ একো এটা ৰান্ধি খাবলৈও মন নগল৷ শেষ নিশাৰ ফাললৈহে চিলমিলকৈ অলপ টোপনি আহিল তাইৰ ৷খিৰিকীৰ পৰ্দাৰ ফাকেৰে সোমাই অহা ৰাতিপুৱাৰ প্ৰথম ৰ’দছাটি মুখত পৰাত বিদিশা খকমককৈ সাৰ পাই উঠিল৷ ৰাতি একো এটা নোখোৱাত তলপেটৰ পৰা ভোক এটা উজাই আহিছে৷ লৰালৰিকৈ বিছনা এৰি তাই বাথৰূমত সোমাল৷ আন দিনা হ’লে ইমান সোনকালে বিছনা এৰাৰ কথাই নুঠে কিন্তু আজি তাই দেৰি কৰিব নোৱাৰে৷

ৰুটি দুখন টিফিনত ভৰাই অফিচলৈ বুলি বিদিশা সাজু হ’ল৷ তাই চিটি বাছতে যাব আজি৷ অসুবিধা হ’ব৷ হওক৷ দুটাকৈ মিছকল৷ ফোনটো এতিয়াও ৰিং হৈ আছে‌৷ নাম্বাৰটো চাই তাই ফোনটো ছাইলেণ্ট কৰি দিলে ..

 

 

ব
লেখকৰ পৰিচয়

বেদান্ত নাথ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)