৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

খালি ঘৰ

লেখকঃ নৃপেন গোস্বামী • প্ৰকাশিতঃ ২৭ নৱেম্বৰ, ২০২১
২ মিনিট পঠন • ৩২৬১ বাৰ পঢ়া হৈছে

নৃপেন গোস্বামী

তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত

শব্দৰ ঢৌ ছিটিকা খবৰ

পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা 

বিলৰ কাষত 

বুজি পোৱা দিনত চেঙা উজায়

চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে

পাব বুলি ভবাটো সমূলি ভুল নহয়

চেঙা এতিয়া আধুনিক কবিতাৰ পুৰণি অলংকাৰ

ৰাতি কালিকা লগা পুখুৰীৰ পাৰত মাছ চৰে

নাম মিছা যদিও মিছা মাছ নে

আৰু খালি ঘৰত শূন্যতাৰ শব্দ শুনি কবি ব্যস্ত

পোহৰৰ খিৰিকীৰে বাগৰি অহা চিত্ৰকল্প পঢ়াত

কবিৰ খালি ঘৰত ম'ৰাই চালি ধৰে

পাৰই দিয়ে ৰুণ

জাগতিক প্ৰতিটো ঘটনা কবিৰ

দৃশ্য-শ্ৰাব্য নাটক

কবি হেৰোৱা বহু কথা এতিয়া কিতাপে কয়

কিন্তু নিখোজ কবিৰ খবৰ মাথোঁ হৃদয়ত

খালি ঘৰটোক নকন্দাকৈ ৰখাটো

মোৰ প্ৰথম কাম

খালি ঘৰটোলৈ আপুনি অকলশৰে আহিব

কলম-কাগজ আপোনাৰ সংগী নহ'লেই

ঘৰৰ মালিক সুখী

আৰু আপুনি খালি ঘৰৰ কবিতা পঢ়িব

ঠিকনা : দুলীয়াজান

ফোন :  ৯৪৩৫৪২৬১৬৩

ন
লেখকৰ পৰিচয়

নৃপেন গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)