৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চক্ৰ

লেখকঃ যশোৱন্ত নিপুণ • প্ৰকাশিতঃ ১৯ নৱেম্বৰ, ২০২১
১৪ মিনিট পঠন • ১৩৬৭ বাৰ পঢ়া হৈছে
চক্ৰ
ডাঙৰকৈ চাওক (Zoom)

যশোৱন্ত নিপুণ


(১)

মানুহ দুঘৰৰ কাজিয়া লাগে মাহেকে-পষেকে৷ কিন্তু কাজিয়া কৰাৰো কিছুমান বিশেষ সময় আছে৷ আবেলি আৰু শনি বা ৰবিবাৰেহে সাধাৰণতে যুদ্ধ চলে৷ কাম-কাজৰ পৰা আজৰি হৈ লৈ দুয়োপক্ষই এঘণ্টা-দুঘণ্টাৰ কাৰণে মহাসমৰত লিপ্ত হয়৷ চুবুৰিটোৰ বাকীসকলেও ভালেই পায়৷ গালি-শপনিবোৰ আৰু ইপক্ষই সিপক্ষৰ বদনাম যেনেকৈহে খোঁচৰে, গোটেই কাজিয়াখনেই এখন সৰস নাটকৰ ৰূপ লয়গৈ৷ দুই-এজন চুবুৰীয়াই ৰাস্তালৈ কিবা কামৰ কাৰণে ওলাই অহাৰ ভাও জুৰি মহাসমৰৰ বীৰ যোদ্ধাসকলৰ লম্ফ-জম্ফবোৰৰ দৰ্শন কৰি নয়ন সাৰ্থক কৰি যায় মাজে মাজে৷ কাজিয়া ভগাৰ পাছত চুবুৰিটো নিজম পৰে, ঠিক দ্বিতীয় দৰ্শনীৰ পাছৰ ভ্ৰাম্যমান থিয়েটাৰৰ মণ্ডপটোৰ দৰে৷ 

প্ৰাইমাৰী স্কুলখনৰ সন্মুখত বহা সন্ধিয়াৰ আড্ডাটোতো ফুচ্‌ফুচ্‌কৈ কাজিয়াখনৰ কাৰণ, ঊদ্দেশ্যৰ বিশ্লেষণ চলে৷

যিয়েই নহওক, কাজিয়াখনৰ এটা বৰ ভাল দিশ আছে৷ ৰেৱতী আইতাৰ, মানে পশ্চিমৰ ঘৰৰ নৰকান্ত খুৰাৰ মাকজনীৰ বয়স হৈছে৷ কথা ক’লেই তেওঁৰ বুকুখন বিষায় হেনো, হাত-ভৰিৰ বিষত থাকিব নোৱৰা হোৱা কথাটো তেওঁ সকলোকে পাৰিলে সদায়েই ক’ব খোজে৷ কিন্তু কাজিয়া লাগিলে তেওঁৰ ডিঙি ফালি এনে সুৱদী, শুৱলা গালি বাহিৰ হৈ আকাশখন চিৰাচিৰ কৰে যে আমি ক’বলৈ বাধ্য হওঁ - আৰু কমেও এবছৰ হাত-ভৰিৰ বিষেই মাত্ৰ নহয়, বেলেগ কোনো অসুখৰ বাপেকৰো সাধ্য নাই আইতাৰ ওচৰ চাপিবলৈ৷ আৰু সঁচাকৈয়ে দুই-তিনিদিনলৈ তেওঁ বুকু ফিন্দাই ঘূৰি ফুৰে৷ যেন ক’ৰবাৰ স্বাস্থ্যনিৱাসত গৈ এমাহমান থাকি শক্তিবৰ্ধক ঔষধ, পথ্য আদি খাইহে ঘূৰি আহিল তেওঁ৷

কিন্তু সিদিনা কাজিয়া লাগিল সোমবাৰৰ দিনা ৰাতিপুৱাই ! কি আচৰিত কথা ! হৰিহৰ খুৰাই থিয় হৈ ভাবিলে৷ ছেঃ ! তেওঁ গৰুহালক পথাৰত এৰাল দিবলৈ ওলালেই নহয়৷ এতিয়া কোনে তেওঁক ক’ব- কাজিয়াত কি হ’ল, কোনে কাক কি বুলি গালি পাৰিলে, কোনে কাৰ কেইপুৰুষ উদ্ধাৰিলে ? ইফালে গৰুহালক গোহালিলৈ ওভতাই নিলেও বেয়া দেখিব ! দুখ মনেৰে তেওঁ পথাৰলৈ গৰুহালৰ সৈতে আগ বাঢ়িল। 

ইফালে কাজিয়াই পূৰ্ণ গতি ল’লে৷

“চালা, মহামাৰীত মৰাহঁত, তহঁতৰ কাৰণে পাণ এজোপাও ৰাখিব নোৱৰা হ’লোঁ৷ কিয় ইমান পাপী অ’ তহঁত ! ইমান অন্যায় কৰি থাক পাপীহঁত৷” নৰকান্ত খুৰাই গগন ফালি গালি পাৰিছে৷

পূবফালৰ পুৰন্দৰ ককায়ো সমানৰ বীৰ৷ তেওঁ চিঞৰিছে, “ঐ ইতৰ প্ৰাণী ! তহঁতৰ কথা দেশৰ ৰাইজে জানে৷ নিজে পাণ কাটি বেলেগক দোষ দিবলৈ আহিছ, নাককটা নিলাজৰ জাত ! কি দৰকাৰ পৰিছে তোৰ বাৰীত সোমাই তোৰ পাণ কাটিবলৈ মোৰ? তোৰ ঘৰত, তোৰ বাৰীত কেতিয়াবা মূতিবলৈও যোৱা দেখিছে নেকি আমাক কোনোবাই ? বদনাম নিদিবি বুলি কৈ দিছোঁ তহঁতক৷” 

তাৰ পাছত ভীষণ কোঢ়াল৷ ইঘৰে সিঘৰক অভিধানতো বিচাৰি নোপোৱা বিশেষণ দি দি গালি পাৰিছে৷ ওচৰ-চুবুৰীয়াই মাজে মাজে নেদেখাকৈ হাঁহিছে৷

চাইকেল মাৰি মাৰি কাষৰ গাঁৱৰে এজন টাউনৰ বজাৰলৈ গৈ আছিল৷ নৰকান্ত খুৰাই তেওঁক আগচি ধৰি ৰখালে৷ “ভাই, মোৰ বুকুত কেনেকৈ ই কুকুৰে কামোৰ মাৰিলে চাই যাহিচোন৷”

মানুহজনে অনিচ্ছা সত্ত্বেও খুৰাৰ ঘৰৰ পিছফাললৈ গ’ল৷ দুই ঘৰৰ সীমাৰ কাষৰ তামোলজোপাত বগোৱা পাণজোপাৰ পাতবোৰ জঁই পৰি গৈছে৷ গুৰিতেই কোনোবাই পাণজোপা কাটি থৈছে৷

 

“তয়ে ক এতিয়া, এনে মানুহৰ কাষত কোনোবা ভাল মানুহ কেনেকৈ তিষ্ঠিব ? মই বুলিহে নমৰাকৈ বাচি আছোঁ৷ পাণকটা শত্ৰুৰ দৰে শত্ৰু নাই জগতত৷”  নৰকান্ত খুৰাই আটাহ পাৰি পাৰি ক’লে৷

“পাণ কটাটো বৰ বেয়া কাম হৈছে৷ কিন্তু কাটিছে কোনে ? তই দেখিছ জানো ?” নিৰপেক্ষ সুৰ এটা আনিবলৈ চেষ্টা কৰি মানুহজনে সৰু সৰুকৈ ক’লে৷

“ই হিংসুকে কি কৰিব নোৱাৰে ? পৃথিৱীৰ চব পচা কাম সিয়েই কৰে৷” নৰকান্ত খুৰাই চিঞৰি চিঞৰি ক’লে৷

“মনে মনে থাক চাল্লা গৰুচোৰ, ইতৰ, নিলাজ৷ ই গৰুচোৰে নিজে পাণ কাটি মোক দোষ দিবলৈ আহিছে৷ মই তাৰ বাৰীলৈ মূতিবলৈকো নাযাওঁ৷ ৰাইজখনে জানে৷” পুৰন্দৰ ককায়ে মানুহজনলৈ চাই ক’লে৷

 

ইফালে ইমান পৰে ৰণত মাত্ৰ এষাৰ-দুষাৰ গালিৰ যোগদান আগ বঢ়োৱা ৰেৱতী আইতাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷ তেওঁৰ কলিজাৰ শক্তি যে কমি যোৱা নাই তাকেই আকৌ এবাৰ প্ৰমাণ কৰি চিঞৰিলে, “সি কুলাংগাৰেতো মিছা মাতিবই৷ ৰাইজখন আছে৷ ইয়াক এৰি নিদিওঁ আজি৷ ই তিৰী বাঁৰী হোৱাৰ আজি ৰাইজে বিচাৰ কৰিব লাগিব৷ লাগিব, লাগিব, লাগিব৷”

বচনফাঁকি পুৰন্দৰ ককাইৰ ঘৈণীয়েক, নিৰজা নবৌৰ গাতহে বেছিকৈ লাগিল৷ খঙত ৰঙা হৈ তেওঁ চিঞৰিলে, “কি ক’লি, চালী পিশাচিনী বুঢ়ী ? তিৰী বাঁৰী হোৱা বুলিছ ! তই নিজে কি অ’ ? তোৰ ভাল গুণৰ কাৰণেহে তোৰ মানুহটো কেতিয়াবাতে মৰি ভূত হয় নে ? চালী শাখিনীয়ে আকৌ বেলেগক গালি পাৰে, লাজো নাই৷”

কাঁড়পাতে ৰেৱতী আইতাৰ বুকুতে লগাতকৈয়ো বেছি দকৈ বিন্ধি গ’ল৷ অলপ সময় তভক মাৰি তেওঁ বজ্ৰপাত পৰা মানুহৰ দৰে থিয় হৈ ৰ’ল৷ বুকুখনত শোক এটায়ো খুন্দা মাৰি ধৰিলে তেওঁৰ৷ চকুপানীবোৰ সৰসৰকৈ ওলাবলৈ ধৰিলে৷ ককা ডেকা বয়সতে স্বৰ্গগামী হোৱাৰ দুখটো তেওঁ আজিলৈকে পাহৰিব পৰা নাই৷ বৰষুণৰ বতৰত তেওঁ পুতেকক কেতিয়াবা আজিও কৈ উঠে, “এই বৰষুণত মানুহজন ভিজিল অ’৷ কি কৰোঁ, কি কৰোঁ অ’ মই!”

 

কাজিয়াৰ মাজতে সেই ঘাটুকুৰাৰ যন্ত্ৰণাটোৱে আকৌ নতুনকৈ সাৰ পাই উঠিল৷ চোতালতে বাগৰি পৰি আইতাই হাও হাওকৈ কান্দিবলৈ ধৰিলে৷ “অ’ মোক কিয় এনেকৈ কামুৰি থাক অ’ ! অ’ মোৰ মানুহটোক কালে লৈ গ’ল৷ অ’ চবেই মনে মনে বৰ ভাল পালে অ’৷ অ’ মোৰ মানুহটো, মোক কিয় এৰি গ’লি অ’৷ …”

গোটেই নাটকখনৰেই যেন ছন্দপতন হ’ল৷ গালি-শপনিবোৰতকৈও ৰেৱতী আইতাৰ হিয়াভগা কান্দোনৰ শব্দবোৰেহে চুবুৰিটো জিনি নিবলৈ ধৰিলে৷ অলপ পাছতে আইতা মূছকঁছ যোৱাৰ দৰে হ’লে৷ নৰকান্ত খুৰা আৰু খুৰীয়েই দাংকোলাকৈ আইতাক লৈ ভিতৰলৈ গ’ল৷

ইফালে পুৰন্দৰ ককাই আৰু নিৰজা নবৌৰো ৰণ জিকাৰ আনন্দতকৈও মনে মনে বেয়াহে লাগিবলৈ ধৰিলে বেছিকৈ৷ বুঢ়ীজনীক তেনেকৈ ক’ব নালাগিছিল পাই৷ এতিয়া সেইটো দুখতেই বুঢ়ীজনীৰ কিবা এটা হ’বলৈ হ’লে সিহঁতকহে পাপে চুব৷ ঘৰৰ ভিতৰলৈ সোমাই ককায়ে নবৌক চকু পকাই ধৰিলে, “কিয় তেনেকৈ ক’লি তই ? বুঢ়ীৰ লগত কাজিয়া কিয় কৰিব লাগে ? এতিয়া কিবা এটা হ’লে গম পাবি৷ এনেয়ে বুঢ়ী কোনদিনা সিফলীয়া হয় তাৰ নাই ঠিক৷”

“বুঢ়ীয়ে আপোনাক তিৰী বাঁৰী হোৱা বুলি গালি পৰা কাৰণেহে ময়ো তেনেকৈ ক’লোঁ৷ তাতেইনো তাইৰ ইমান গাত লাগিব লাগে নে ?” নবৌৱে চিন্তা মিহলি সুৰত ক’লে৷

(২)

 

তাৰ পাছৰ দুসপ্তাহমান ধৰি চুবুৰিটোত লগাতকৈও বেছি শান্তি বিৰাজ কৰিলে৷ ৰাইজে ৰেৱতী আইতাৰ মাতেই শুনিবলৈ নোপোৱা হ’ল৷ পুৱা-গধুলি, মাজতে কেতিয়াবা এবাৰ-দুবাৰহে ঘৰৰ পৰা ওলায়৷ বাকী সময়ত তেওঁৰ সাৰি-শব্দই নাই৷ কম বয়সতে গুচি যোৱা গিৰীয়েকৰ স্মৃতি আৰু নিৰজা নবৌৱে দিয়া আঘাতটোৱে বাৰুকৈয়ে দুৰ্বল কৰি পেলালে তেওঁক৷ নাতিয়েক দুটাক শাসন কৰিবলৈও আজিকালি তেওঁৰ মন নাযায়৷ আগতে গাৰ বিষটোৰ কথা দিনটোত কাৰোবাক এবাৰ হ’লেও কয়৷ কিন্তু এতিয়া সেইবোৰো নোহোৱা হ’ল৷ নিৰজা নবৌৰ মনে মনে বৰ চিন্তা হ’ল৷ এই দুখতেই যদি বুঢ়ী সিফলীয়া হয়, তেওঁকহে পাপে চুব৷ মানুহেও নবৌকেই বুঢ়ীৰ মনত দুখ দি মাৰি পেলোৱা বুলি বদনাম কৰিব৷ নবৌৱে দিনটো কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰে বুঢ়ীৰ মুখৰ পৰা নিৰ্গত এটা চিঞৰ, গালি-শপনিৰ অন্ততঃ এটি টুকুৰা৷ কিন্তু নাই ! তেনে একোৱেই নঘটে !

 

সিদিনা আবেলি আঁহতজোপাৰ তলৰ বাঁহেৰে সাজি লোৱা খাটখনত বহি কেইজনমানে তাচপাত খেলিছে৷ জিৰজিৰ বতাহে খেলুৱৈ কেইজনৰ উদং গাবোৰ গৰমৰ দিনতো শাঁত পেলাই ৰাখিছে৷ খেলুৱৈসকলৰ মাজত নৰকান্ত খুৰা আৰু পুৰন্দৰ ককায়ো আছে৷ দুয়োৰে পিছে মাতবোলহে নাই৷ আৰু এজনে এনেয়ে কাষতে বহি চাধা মলিছে৷ খেলুৱৈসকলৰ চাধাভক্ত কেইজনেও ভাগ ল’ব বুলি কৈ থৈছে৷

 

তেনেতে নৰকান্ত খুৰাৰ ঘৰৰ ফালৰ পৰা কান্দোনৰ শব্দ এটা ভাহি আহিল৷ খুৰীয়ে কান্দিছে ডাঙৰ ডাঙৰকৈ৷ আৰু খুৰাৰ প্ৰাইমাৰী স্কুলত পঢ়া ল’ৰাহালে দেদাউৰিয়াই ঢপলিয়াই দৌৰিছে আঁহতৰ তললৈ৷ চুবৰিটো ৰজনজনাই গৈছে৷

খুৰা কিংকৰ্তব্যবিমূঢ়৷ হঠাৎ কি হ’ল ঘৰত ?

ডাঙৰ ল’ৰাটোৱে খুৰাৰ ওচৰ পায়েই আটাহ পাৰি, মাটিত ভৰি মাৰি, হাত জোকাৰি জোকাৰি ক’বলৈ ধৰিলে, 

“অ’ আইতা মৰিল অ’৷ অ’ মৰিল অ’৷” সৰু ল’ৰাটোৱেও ডাঙৰটোৰ মুখলৈ চাই সমানে ডাঙৰকৈ আটাহ পাৰিছে৷

“কি হৈছে নকৱ কিয় আগতে ?” খুৰাৰো ভয় লাগিল৷

“আইতা মৰি গ’ল৷ বাগৰি পৰি আইতা মৰি গ’ল এ এ এ৷”

 

খাটৰ পৰা জপিয়াই নামি, গামোচাখনৰ আধাখোলা গাঁঠিটো ভালকৈ মাৰি লৈ খুৰাই ঘৰৰ পিনে দৌৰিলে৷ পিছে পিছে ল’ৰা দুটা৷ চাধা মৰাজন আৰু তাচপাতৰ খেলুৱৈ কেইজনো পিছে পিছে গ’ল৷ পুৰন্দৰ ককাই অলপ সময় তভক মাৰি ৰ’ল৷ কিন্তু তেৱোঁ নৰকান্ত খুৰাৰ ঘৰৰ ফালে খোজ ল’লে৷ এনেহেন সময়ত শত্ৰুতাৰ কথা মনত ৰাখি থাকিব নাপায়৷

খুৰাৰ ঘৰৰ পদূলিতে পুৰন্দৰ ককাই থিয় দি ৰ’ল৷

ভিতৰত খুৰাই চিঞৰি কাৰোবাক দবিয়াইছে, “মনে মনে থাক৷ মোৰ মূৰটো গৰম নকৰিবি এতিয়া৷ যা পানী লৈ আহ৷ চকু-মুখত মাৰিব লাগে৷ যা, দেৰি নকৰিবি এতিয়া৷ এনেকৈ ভেঁ-ভেঁকৈ মুখ মেলি দিবহে জানিছ তহঁতে৷”

অলপ পাছতহে কথাবিলাক পৰিষ্কাৰ হ’ল৷ যোৱা কেইদিনমানৰ পৰা ৰেৱতী আইতাই ভালকৈ খোৱা-বোৱা কৰা নাই৷ অনবৰতে কিবা ভাবি থাকে৷ মাজে মাজে বহু বছৰ আগতে তেওঁক এৰি গুচি যোৱা ককাৰ কথা কৈ উচুপি উচুপি কান্দে৷ দুৰ্বলতাৰ কাৰণেই মূৰ আচন্দ্ৰাই কৰি তেওঁ পৰি গৈছিল৷ বোৱাৰীয়েকে তাতেই বৰ ভয় খালে৷ নাতিয়েক দুটাই আইতাকক মৰি যোৱা বুলিয়েই ভাবি লৈছিল৷

পুৰন্দৰ ককায়ে ঘৰলৈ আহি নবৌকো ক’লে কথাটো৷ নবৌৱে কাণ থিয় কৰি ইতিমধ্যে সকলো শুনিছিলেই৷ ৰেৱতী আইতা মৰা বুলি নাতিয়েক দুটাই চিঞৰি চিঞৰি কন্দা শুনি তেওঁ বৰ ভয় খাইছিল৷

“কি কৰিবা এতিয়া ? আমাৰ দোষতেই এইবোৰ হ’ল নেকি অ’ ?” ককায়ে সৰু সৰুকৈ ক’লে৷

“খবৰ এটা লৈ অহাটো ভাল হ’ব নেকি ?” নবৌৱে সুধিলে৷

“কিন্তু যাওঁ কেনেকৈ ? সিহঁতৰ লগত ইমান বছৰে অহা-যোৱা নাই৷”

“এঃ বাদ দিয়ক সেইবোৰ৷ এনেহেন সময়ত সেইবিলাক কথা কোনেও নাভাবে৷”

 

পাছদিনা আবেলি বজাৰৰ পৰা অনা দহটা ৰসগোল্লা আৰু ঘৰৰ গাইজনীৰ আধা লিটাৰমান গাখীৰ লৈ পুৰন্দৰ ককাই আৰু নবৌ ৰেৱতী আইতাৰ বিছনাৰ ওচৰ পালেগৈ৷ নৰকান্ত খুৰাই মনে মনে বৰ ভাল পোৱা নাছিল৷ কিন্তু এনে সময়ত মানা কৰিবও নোৱাৰি৷

“খুৰী অ’। আমি অলপ গাখীৰ আনিছিলোঁ৷ খাবি নে অলপ ? নে কিবা ভাবিবি ?” ককায়ে মোলায়েমকৈ সুধিলে৷

“কি ভাবিম অ’ বাপু ! তয়ো মোৰে এটা চলি দে৷ খাম দে৷” ৰেৱতী আইতাই সেহাই সেহাই ক’লে৷

নিৰজা নবৌৱে একাপমান গাখীৰ খুৱালে আইতাক৷ কাপটো নৰকান্ত খুৰাৰ খুৰীয়েই আনি দিছিল৷ চামোচখনেৰে খুৱাই থাকোঁতে আইতাৰ চকু দুটা পানীৰে উপচি পৰিছিল আৰু এসোঁটা কান্দিছিলও৷ নবৌৱেও চকুৰ পানী ৰখাব পৰা নাছিল৷ তেৱোঁ কান্দিছিল আৰু চাদৰখনেৰে চকুলো মচি মচি গাখীৰখিনি খুৱাইছিল৷

চামোচখনেৰে ভাঙি ভাঙি ৰসগোল্লা দুটাও খুৱাই দিলে নবৌৱে৷

তামোল খাই ওলাই আহোঁতে নৰকান্ত খুৰাক বিশেষ চিন্তা কৰি থাকিবলৈ হাক দিলে ককায়ে৷ আইতাৰ যে বৰ্তমান কোনো বিপদ নাই সেই কথাষাৰতো জোৰ দিলে৷ দুসপ্তাহৰ আগৰ আৰু তাৰো আগৰ কজিয়া-পেচাল, গালি-শপনিবোৰ সকলোৱে যেন পাহৰি গৈছিল তেতিয়া৷

 

(৩)

 

এমাহমানৰ পাছৰ শনিবাৰৰ এটা আবেলি৷

দুপৰীয়া ভাত খাই পুৰন্দৰ ককাই বাৰান্দাতে শুইছে৷ তেওঁৰ উদং গাটো এছাটি বতাহে মাজে মাজে চুই গৈ আছে৷ টোপনিতে তেওঁৰ নাকটোৱে মেঘে গজাদি গাজিছে৷

ঘৰৰ সম্মুখৰ মুকলি ঠাইখনত চুবুৰিটোৰ সৰু ল’ৰাবোৰে ফুটবল খেলিছে৷

হঠাৎ কোনোবাই জোৰৰে বলটোত কিক্ মাৰিলে৷ বলটো উৰি আহি ককাইৰ মূৰতে পৰিল৷ তেওঁৰ টোপনি ক’ৰবালৈ উৰি গ’ল৷

“অই, তহঁতে খেলিবলৈ সময় নাপাৱ ?” উঠি বহি বলটো দলিয়াই দি ককায়ে খুব খঙত আটাহ পাৰি ক’লে, “আৰু ইয়াতেহে মোৰ মূৰ খাবলৈ তহঁতে খেলিবলৈ ঠাই পাৱ৷ তহঁতৰ ঘৰৰ সন্মুখত নেখেল কিয় গৰুহঁত ?”

“বলটো এবাৰহে সিফালে গৈছে৷ তাতেনো কি হ’ল ? আমি ৰাস্তাত খেলিব লাগিব নেকি ?” নৰকান্ত খুৰাৰ চতুৰ্থ শ্ৰেণীত পঢ়া ল’ৰাটোৱে অলপ ডাঙৰকৈয়ে ক’লে৷

“ঐ বিহৰ গুটি ! যমদূতৰ দৰে কথা নক’বি তই৷ ডাঙৰ মানুহৰ লগত কেনেকৈ কথা ক’ব লাগে মাৰ-বাপেৰে শিকোৱা নাই তোক ? লাজ নোহোৱা চলি !”

মুখখন ফুলাই ঘৰলৈ গৈ সি মাক-দেউতাকক কথাটো কৈ দিলেগৈ৷

 

লগে লগে ৰণভেৰী বাজি উঠিল৷

নৰকান্ত খুৰাই চিঞৰিলে, “চালা কুকুৰ৷ মোৰ ল’ৰাক যমদূত বুলি কৱ, বিহৰ গুটি বুলি কৱ তই পাপী৷ চৰকাৰী মাটিত সৰু ল’ৰাকেইটাই তোৰ কাৰণেই খেলিব নোৱৰা হ’ল৷ তই কি মন্ত্ৰী, এম-এল-এ নেকি ? নে তই ডকাইত ?”

“মুখ চম্ভালি কথা ক’বি ঐ চালা ইতৰ৷ তোৰ ঘৰৰ আগত খেলিবলৈ নিদিয় কিয় সিহঁতক৷” ককায়ে ওলোটাই চিঞৰিলে৷

“তাৰ কাৰণে সৰু ল’ৰাকেইটায়ো শান্তিত থাকিব নোৱৰা হৈছে৷ ইমান তাৰ অত্যাচাৰ৷…” ৰেৱতী আইতাই আৰম্ভ কৰিলে৷

আইতাৰ মাতত কোনো দুৰ্বলতাৰ চিন নাই৷ কথাটো অনুমান কৰি নিৰজা নবৌৰ মনটো শাঁত পৰি গ’ল৷ আইতাই গালি পাৰি গৈছে, তেওঁৰ কলিজাটো যে এতিয়াও শক্তিশালী হৈ আছে, তাৰে প্ৰমাণ জলজল পটপটকৈ ওলাই পৰিছে৷ আইতাৰ গালিবোৰ কুলিৰ মাততকৈও মধুৰ হৈ নবৌৰ কাণত পৰিছে৷ হওক তেও, এটা ডাঙৰ মহাপাপৰ পৰা নবৌ যে ৰক্ষা পৰিল৷

শীঘ্ৰেই চুবুৰিটো দুয়োঘৰৰ চিঞৰ-বাখৰেৰে ৰজনজনাই যাবলৈ ধৰিলে৷

 

 

 

ঠিকনা :

P.O. Bamakhata

Via Pathsala

Assam

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

 

PIN 781325

য
লেখকৰ পৰিচয়

যশোৱন্ত নিপুণ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)