৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

যুদ্ধভূমিত জীৱনৰ কবিতা

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২২
৩ মিনিট পঠন • ৭০৪ বাৰ পঢ়া হৈছে


  (এক)

দ্বিতীয় মহাসমৰৰ বিভীষিকা 

পানী কৰি অ’লহা  

নীলকণ্ঠ

বীৰ যোদ্ধা 

 

অ’লহাৰ বাসন্তী  বুকুত ফুলে

মাতৃভূমিৰ স্বৰ্গাদপি গৰীয়সী ভালপোৱা 

কিয়েভত অ’লহা

দুই ওঁঠত দেশপ্ৰেমৰ

নজহা-নপমা  গান

দুৰ্দান্ত অ’লহা

এশটা শৰত সুখেৰে  থাকক (??)

আৰু মাথোঁ দুটা বসন্ত  ৰৈ  

আঠানবৈ বছৰীয়া  অ’লহাই

ৰচক এটি নতুন

জন-গণ-মনৰ কবিতা  

তেজত দৌৰে 

ৰণশিঙা 

বুকুত বাজে

হয় গুৱাহাটী

নহয় ৰঙামাটিৰ 

পাঞ্চজন্য 

 

 (দুই)

চহৰবোৰ জনশূন্য হৈ পৰিছে

মৃতদেহে ছানি ধৰিছে ইউক্ৰেইনৰ আকাশ 

ফ্ৰণ্টলাইনৰ সামান্য আঁতৰত 

এঞ্জেলাই ফুলাইছে এথুপি অপৰিসীম টিউলিপ 

আৰু হাজাৰপাহ বগা গোলাপ অসীম 

তেওঁৰ সুবাসত 

ইউক্ৰেইনৰ ক’লা আকাশত মলমলাইছে 

এপাহ এপাহকৈ শতপাহ সতেজ ফুল 

জীৱনৰ 

আশাৰ 

তোমাৰ

আমাৰ 


( তিনি)

অ’ল্গাৰ আন এটা নাম আই 

কোলাৰ এমহীয়া  ফুলপাহক মাটিত থ’লে পৰুৱাই খায়

মূৰত থ’লে খায়  ওকণিয়ে 

তেজ আৰু বাৰুদৰ মাজত 

মূৰৰ চুলি ছিঙি অ’ল্গাই 

আলফুলে আৱৰি ৰাখিলে ফুলপাহক 

আশীৰ্ৱাদত দিলে জীৱন 

বসুমতী হৈ  সামৰি থ’লে গাখীৰতী বুকুৰ 

কেঁচা ঘাঁ

শুনিছোঁ  যুদ্ধই নিশ্চিত  কৰে  

আমাৰ বুদ্ধত্ব 


( চাৰি)

নাদিয়া আৰু  তেওঁৰ তিনি বন্ধুৰ নামত নাচে ৰাগ আৰু ৰাগিনী

ভায়’লিনৰ সুৰেৰে টোকে ইউক্ৰে’নৰ চকুপানী 

কোনে কয় সংগীত ঔষধ নহয় পৃথিৱীৰ ব্যাধিৰ  

যুদ্ধ  নো তেনে কি?

ৰক্তাক্ত পৃথিৱীৰ 

খোজ পশ্চাদমুখী 

ফুল হৈ ফুলে 

নাদিয়াৰ সুৰ সূৰ্যমুখী 

ইউক্ৰেইনৰ  আকাশ জুৰি

বৈ যায় এজাক বুদ্ধ বতাহ

হাঁহি হাঁহি ...

(সম্প্ৰতি অ’লহা, এঞ্জেলা, অ’ল্গা   আৰু নাডিয়াসহ  চাৰিগৰাকী ভায়লিন বাদকে  দেশভক্তিৰে  দখল কৰিছে বাতৰিৰ শিৰোনাম। )

গ
লেখকৰ পৰিচয়

গায়ত্ৰী দেৱী বৰঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)