৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কালি ৰাতি ১ বাজি ৩২ মিনিটত

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
২ মিনিট পঠন • ৬৮৫ বাৰ পঢ়া হৈছে

 

এতিয়াই যদি মৰি থাকোঁ

আধাবোৰ আধৰুৱা কৰি থৈ

 

নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিব

যিহেতু মানুহ মৰিয়েই থাকে !

 

আঙুলিৰ মূৰত গণিব পৰাকৈ দুজনমানে

কোৱাকুই কৰিব ঋমন ন’ ম’ৰ ! 

আঃ কালি ৰাতি ১ বাজি ৩২ মিনিটত ঠেৰেঙা লগা শোকত মৰি থাকিল পাগলটো !

তই ভালে থাক য’তে আছগৈ ।


এইবুলি কোৱাৰ বাহিৰে থাকিবই বা কি

 

জীৱন-মৃত্যুৰ কছৰৎ

জীয়াই আছোঁ বুলি ক’বলৈ সহজ

কিন্তু জীৱলৈ ?

জীয়াই থকাজনেও নাজানে,

জী আছে

নে মৰিছে মনে মনে !

 

এই যে নিতৌ ক’ৰবালৈ অহা-যোৱা কৰোঁ

এই যে অন্তৰঙ্গ আলাপ কৰোঁ

এই যে হাঁহো

এই যে কান্দো

 

এই যে ‘ধূমপান স্বাস্থ্যৰ বাবে হানিকাৰক’

কথাষাৰ জানিও

খৈনী খাওঁ, চিগাৰেট হোঁপো

মদৰ ভাটিলৈ গৈ মদ খাওঁ

 

সঁচাসঁচিকৈ তোমাক বহুত ভাল পাওঁ

নহ’লে ইমানবোৰ নিচাৰ প্ৰয়োজনেই বা কি !

 

আচলতে,

অজানিতেই পলে পলে পদে পদে খহোঁ ভাগোঁ ভাবোঁ আৰু মৰোঁ ।

 

 

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং :  ১০১

গুৱাহাটী-০৪

ভ্ৰাম্যভাষ : ৬৯০১৮৫৬০৮৫

ৰ
লেখকৰ পৰিচয়

ৰিপুঞ্জয় বৰুৱা ঋমন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)