৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰাম কথা

লেখকঃ অজন্ত কুমাৰ বৰা • প্ৰকাশিতঃ ২৭ এপ্ৰিল, ২০২৪
২ মিনিট পঠন • ৩৮০ বাৰ পঢ়া হৈছে

অজন্ত কুমাৰ বৰা

তুমি ৰাম বোলাঁ নে হৰি বোলাঁ

গড বোলাঁ নে আল্লা বোলাঁ

তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ

যজ্ঞ কৰাঁ নে হজ কৰাঁ

সেয়া তোমাৰ কথা

আমি বাধা নিদিওঁ

প্ৰতিবাদো নকৰোঁ

পিছে  তেজ গ্ৰহণ কৰোঁতে নুসুধিবা

এই তেজ ৰামৰ নে ৰহিমৰ

শিক্ষাদান কৰোঁতে নুসুধিবা

তুমি অমলা নে আমিনা

ভোকাতুৰক এগৰাহ ভাত দিওঁতে নুসুধিবা

তুমি জোছেফ নে এঞ্জেলা

যদি নিৰ্যাতিতা হয়

তোমাৰ ঘৰৰ কাষৰ সীতা

পাৰিলে অকণমান সহায় কৰিবা

পাতাললৈ যাবলৈ বাধ্য নকৰিবা

তুমি ৰাম নে নাথুৰাম

নাজানো

তুমি সুৰক্ষা দিব নোৱাৰিব পাৰাঁ

পিছে জিভা নাকাটিবা

ৰামনামী কাপোৰখন গাত মেৰিয়াই  ল'লেই

তুমি ৰাম নোহোৱাঁ

হজ কৰিলেই তুমি আলিম নোহোৱাঁ

তুমি যিমান ওপৰলৈ উৰিব পাৰাঁ উৰাঁ

সবাৰে ওপৰত মানৱতা

এই কথাটোহে মন কৰিবা

কি প্ৰিয় তোমাৰ

কোৰান  নে গীতা

গো নে গাখীৰ

আমি নোসোধোঁ

তুমিও নুসুধিবা

তুমি মানুহ

তোমাৰ দুটা চকু আছে

দুখন কাণ আছে

আছে এটা বিৱেক

কথাটো ভুলতো নাপাহৰিবা ।।

 ঠিকনা : 

যোৰহাট - ১

ফোন : ৭৬৩৬৮২২৯৮৫

অ
লেখকৰ পৰিচয়

অজন্ত কুমাৰ বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)