৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ... ইত্যাদি

লেখকঃ দেৱাশিস বুঢ়াগোহাঁই • প্ৰকাশিতঃ ২৬ ফেব্ৰুৱাৰী, ২০২১
৩ মিনিট পঠন • ১৯০৩ বাৰ পঢ়া হৈছে

দেৱাশিস বুঢ়াগোহাঁই

এজন কবি আহিছিল,

হাতত আধালিখা কবিতা এটা

কবিতাটোৰ

দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ

দুটামানত হ’মাৰৰ

দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল)

দুটামানত নেডাৰ (স্ফুলিংগযুক্ত)

শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং

হৰিৎ প্ৰান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি...

শাৰীবোৰৰ

কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট

কোনোবাটো ডট কলমেৰে, স্পষ্ট

কোনোবাটো টাইপ কৰা  

ইটোৰ গাত সিটো ভেজা দি থিয় হৈ আছিল শাৰীবোৰ

যেন, পিৰামিডৰ গাঁঠি থোৱা শিলৰ তৰপ। ইটোৰ ওপৰত আনটো। আকাশলৈ অনিৰুদ্ধ গতি...

(পট পৰিল। লাহেকৈ দেখা গ’ল এটা ঠেক উপত্যকা, মাজতে এখন নীলা চাদৰ, অঁকোৱা-পকোৱা।) 

শাৰীটো যেন শুনা শুনা 

পথেৰে বৈ আহিল এখনি জুইৰ নৈ

শ্ল'গান, হা-হুতাহত জুই একুৰাত জঁপিয়াই উঠিল

দাউদাউ শিখাৰ পৰা জুই চুৰ কৰি আনি সজা হ’ল জুইৰ ঘৰ। ওখ ... ওখ ... ত্ৰিভুৱন ওখ!

এদিন সেই ঘৰবোৰৰ পৰাই নিক্ষিপ্ত হ’ল পানীৰ ফোৱাৰা

ব্যাখ্যা দিয়া হ’ল, জুই-পানীৰ মিতিৰালিৰ বোলে সোৱাদ অপূৰ্ব

ক্ষন্তেকলৈ মানুহবোৰ ৰ’ল কিজানি বৰষুণ, ঈশ্বৰৰ(?) আশিস।

পাছ মুহূৰ্ততে মানুহবোৰে পিঠি, বুকু, হাত, ভৰি পাতি দিলে,

জুই নুমাল— তেজ ব’লে— তেজে-পানীয়ে মিলি তেজৰ নৈ হ’ল

হঠাৎ প্ৰাণ পোৱা আন্ধাৰ

পুনৰাই পোহৰ মঞ্চত—

কবিজনে কাগজখন পাতি দিলে

কবিতাটোৰ পৰৱৰ্তী শাৰীকেইটা আঙুলিৰ আগেৰে ওলাল, ৰঙা-বঙা আখৰ

কাগজখন ভিজিল, তেজত। গোটেই কবিতাটো তিতিল উধৰ পৰা মূধলৈ...

কবিজনৰ হাতখন কঁপিছিল নে?

ওঁহো, জনা নগ’ল।

উপত্যকাটোৰ শেষৰকেইটা আখৰ কবিতাটোত ভৰাই তেওঁ বাট ল’লে

গম্ভীৰ, প্ৰশস্ত খোজেৰে।

পিৰামিডটোৰ দুতৰপমান ইটা খহি পৰিল।

শ্ৰব্য ৰূপ
দ
লেখকৰ পৰিচয়

দেৱাশিস বুঢ়াগোহাঁই

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)