৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

লেখকঃ অসমীয়ালৈ ভাবানুবাদ: যশোৱন্ত নিপুণ • প্ৰকাশিতঃ ২৫ ডিচেম্বৰ, ২০২০
৩ মিনিট পঠন • ৩৫১৯ বাৰ পঢ়া হৈছে
No More Cliches
মূল: অক্টাভিঅ’ পাজ
ভাবানুবাদ: যশোৱন্ত নিপুণ
 
ধুনীয়া মুখ
যি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়ে
ঠিক তেনেকৈয়ে
তুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷
 
মোহনীয় হাঁহি
যিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,
আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷
 
তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?
কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?
তোমাৰ সেই যুক্তিহীন ভ্ৰমলৈ
তোমাৰ অবাস্তৱ আকাংক্ষা জগাবলৈ৷
 
কিন্তু আজি মই সেই সদায় কোৱা কথাবোৰ পুনৰাবৃত্তি নকৰোঁ,
আৰু মই এই কবিতাটো তোমাৰ কাৰণে নিলিখিম,
নাই, সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহ’ব৷
 
এই কবিতাটো সেই সকলো নাৰীৰ বাবে
যাৰ সৌন্দৰ্য তেওঁলোকৰ ব্যক্তিত্বত,
তেওঁলোকৰ বুদ্ধিমত্তাত,
তেওঁলোকৰ আচৰণত,
কিন্তু তেওঁলোকৰ কৃত্ৰিম ৰূপত নহয়৷
 
এই কবিতাটো তোমালোক এই নাৰীসকলৰ বাবে,
যিয়ে ছেহেৰাজাদৰ দৰে প্ৰতিদিন সাৰ পায়
এটি নতুন সাধু ক’বলৈ,
এটা সাধু যিয়ে পৰিৱৰ্তনৰ গান গায়,
যিয়ে সেই সংগ্ৰামৰ আশা জগায়:
ঐক্যবদ্ধ প্ৰাণৰ প্ৰতি ভালপোৱাৰ সংগ্ৰাম
এটা নতুন দিনে জাগৃত কৰা প্ৰাণচঞ্চলতাৰ বাবে সংগ্ৰাম
অৱহেলিত অধিকাৰৰ বাবে সংগ্ৰাম
নাইবা মাত্ৰ আৰু এটা নিশা জীয়াই থকাৰ সংগ্ৰাম৷
 
হয়, তোমালোক এখন দুখ-কষ্টৰ পৃথিৱীৰ নাৰীসকলৰ বাবে,
তোমালোকৰ বাবে, চিৰ কোলাহলৰ এই বিশ্বৰ উজ্জ্বল নক্ষত্ৰ
তোমালোকৰ বাবে, এহেজাৰ এনিশাৰ ক্লান্তিহীন যোদ্ধা
তোমালোকৰ বাবে, মোৰ হৃদয়ৰ বন্ধু৷
 
এতিয়াৰ পৰা, মোৰ মূৰটোৱে আলোচনীৰ পাতলৈ জুমি নাচাব,
কিন্তু বুজিবলৈ চেষ্টা কৰিব নিশাটিক
আৰু নিশাৰ উজ্জ্বল নক্ষত্ৰবোৰক,
আৰু সেয়েহে, সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহ’ব৷
----------------------
ঠিকনা:
B-115,
Sanvi Sankalpam,
Nagondanahalli,
Whitefield,
Bangalore,
Karnataka 560067
Ph. No. 8762226348
অ
লেখকৰ পৰিচয়

অসমীয়ালৈ ভাবানুবাদ: যশোৱন্ত নিপুণ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)