৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দুকাপ চাহ

লেখকঃ অসীম তালুকদাৰ • প্ৰকাশিতঃ ২৪ জুন, ২০২৩
৯ মিনিট পঠন • ৪৩১৪ বাৰ পঢ়া হৈছে
দুকাপ চাহ
ডাঙৰকৈ চাওক (Zoom)

 অসীম তালুকদাৰ

 


        পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব হ’ল পানী বেছি হ’ব নেকি ? কোনো কথা নাই, পূবালী অৰ্থাৎ তেওঁৰ পৰিবাৰে চাহ অলপ বেছিকৈ দিলে ভালেই পায়৷ 
        অন্যমনস্কভাৱে তেওঁ পানীখিনিলৈ চাই ৰ’ল৷ পানীখিনি উতলিবৰ উপক্ৰম হৈছে৷ চাহপাতৰ টেমাটো খুলি চামুচখনেৰে দুকাপৰ জোখেৰে চাহপাত লৈ তেওঁ পানীখিনিত দিলে৷ প্লাষ্টিকৰ চামুচখনৰ আচল ৰং কি আছিল তেওঁৰ মনতেই নাই৷ বছৰৰ পাছত বছৰ ব্যৱহাৰ কৰি থকাৰ কাৰণে আচল ৰং নাইকিয়া হৈ এতিয়া ক’লা ৰং ধৰিছে৷ চামুচখন সলাবলগীয়া হৈছে নেকি ? নাই, এইখন চামুচ তেওঁলোকৰ পাকঘৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ একো নহয়৷ যিমান দিন থাকে থাকক৷ পুনৰ চামুচখন তেওঁ টেমাটোত ভৰাই সাফৰখন মাৰিলে৷ এইবাৰ তেওঁ চাহখিনিত অকণমান নিমখ দিলে৷ সৰ্বশেষত তেওঁৰ ছিক্ৰেট ইন্‌গ্ৰেডিয়েণ্ট অৰ্থাৎ আধা চামুচতকৈ অকণমান বেছি জালুকৰ গুৰি উতলি থকা পানীখিনিত ছটিয়াই দিলে৷ অলপ পাছত গেছটো বন্ধ কৰি দুটা কাপত চাহখিনি বাকিলে৷ 

ডেকা কালত গাখীৰ নিদিয়া চাহ পলাশ কাকতিয়ে খাবই নোৱাৰিছিল৷ চাকৰি পোৱাৰ পৰা বিয়া পতাৰ সময়লৈ তেওঁ প্ৰায়েই গাখীৰত পানী নিদিয়াকৈ চাহপাত দি খাইছিল৷ লগতে সেই অনুপাতে চেনি৷ পূবালীৰ অৱশ্যে তেনে কোনো বাচ-বিচাৰ নাছিল৷ কমকৈ গাখীৰ দিয়া, বেছিকৈ গাখীৰ দিয়া, কমকৈ চেনি দিয়া, বেছিকৈ চেনি দিয়া - সকলো ধৰণৰ চাহেই পূবালীয়ে তৃপ্তিৰে খাইছিল৷ বিয়াৰ পাছত এমাহ পলাশ আৰু পূবালী গাঁৱৰ ঘৰত আছিল৷ তাৰ পাছত পলাশৰ কৰ্মস্থলীলৈ আহিল৷ পলাশে অনতিপলমে গম পালে যে ৰাতিপুৱা সোনকালে উঠিবলৈ পূবালীয়ে বেয়া পায়৷ সেয়েহে ৰাতিপুৱাৰ চাহকাপ সদায় পলাশে কৰিবলৈ আৰম্ভ কৰে৷ অৱশ্যে সন্ধিয়া ভাগৰে-জুগৰে অহা পলাশৰ কাৰণে চাহকাপ পূবালীয়ে নিজে কৰিছিল৷ এদিন পলাশৰ এজন চিকিৎসক বন্ধুৱে গাখীৰ দিয়া চাহৰ অপকাৰিতাৰ বিষয়ে বহলকৈ ব্যাখ্যা কৰিলে৷ লগতে চাহৰ লগত কিয় কমকৈ চেনি খাব লাগে সেয়াও সবিস্তাৰে ক’লে৷ তাৰ পাছৰ পৰাই তেওঁলোকে চেনি নিদিয়া ৰঙা চাহ খাবলৈ আৰম্ভ কৰিলে৷ চাহত অকণমান জালুকৰ গুৰি দিয়া নিয়মটো অৱশ্যে পলাশে নিজে নিজে কৰিছিল৷ 

চহৰলৈ অহাৰ দেৰ বছৰমান পাছত পূবালীয়ে মাষ্টাৰ ডিগ্ৰী শেষ কৰিলে৷ তাৰ কিছুদিনৰ পাছত ৰোণিতৰ জন্ম হ’ল৷ ৰোণিত অলপ ডাঙৰ হোৱাৰ পাছত পূবালীয়ে ওচৰৰে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কিছুদিন কাম কৰিছিল৷ তৰালীৰ জন্মৰ কেইমাহমান আগতে তেওঁ সেই চাকৰিটো বাদ দিলে৷ তৰালীৰ দুবছৰীয়া জন্মদিনৰ দিনা স্থানীয় স্কুলখনত শিক্ষয়িত্ৰীৰ চাকৰি পোৱাৰ খবৰটো পাইছিল পূবালীয়ে৷ তাৰ পাছত আঠত্ৰিছ বছৰ বাগৰি গৈছে৷ পলাশ আৰু পূবালী দুয়ো চাকৰিৰ পৰা অৱসৰ পালে৷ সময়ত ৰোণিত আৰু তৰালীৰ বিয়া হ’ল৷ এতিয়া ৰোণিতৰ দুজন ল’ৰা আৰু তৰালীৰ এজনী ছোৱালীও আছে৷ কৰ্মসূত্ৰে সিহঁত বেলেগ বেলেগ ঠাইত থাকে৷ কিন্তু সিহঁতে মাক-দেউতাকৰ খবৰ নোলোৱাকৈ নাথাকে৷ প্ৰায়েই আহি সিহঁত দুই-তিনিদিন থাকি যায়৷ 

ইমান দিনৰ পাছতো ৰাতিপুৱা আৰু সন্ধিয়াৰ চাহকাপ পলাশ কাকতিয়ে নিজেই কৰে৷ অৱসৰৰ পাছত হাতত সময়েই সময়৷ তথাপি চাহকাপৰ দায়িত্ব বেলেগক দিবলৈ তেওঁ ভাল নাপায়৷ আনকি পূবালীৰ মতে গিৰীয়েকে কৰা চাহকাপৰ সোৱাদটো কেতিয়াও কোনেও আনিব নোৱাৰে আৰু সেইকাপ চাহ খালেহে হেনো তেওঁৰ টোপনি ভাগে৷ প্লে’ট এখনত তেওঁ থিন এৰোৰুট বিস্কুট কেইটামান ল’লে৷ ৰাতিপুৱা চাহকাপৰ লগত তেওঁলোকে থিন এৰোৰুট নাইবা অন্য কিবা নিমখীয়া বিস্কুট খায়৷ তেওঁলোক দুয়োজনে সাধাৰণতে বাৰান্দাতে বহি চাহ খায়৷ ট্ৰে’ এখনত কাপ দুটা আৰু বিস্কুটৰ প্লে’টখন লৈ তেওঁ খোজ ল’লে৷ 

পাকঘৰৰ পৰা বাহিৰলৈ যাবলৈ ড্ৰয়িংৰূমৰ মাজেৰে যাব লাগে৷ ড্ৰয়িংৰূমতেই তেওঁলোকৰ কিতাপৰ ডাঙৰ আলমাৰীটো আছে৷ আলমাৰীৰ কাষতেই থকা চোফাখনৰ ওপৰত পলাশ আৰু পূবালীৰ এখন ফ’টো৷ ফ’টোখনলৈ তেওঁ এখন্তেক চালে৷ পলাশৰ মুখত অকণমান হাঁহি বিৰিঙিল৷ তেওঁৰ স্পষ্টকৈ মনত আছে ফ’টোখন আঁৰিবলৈ ৰোণিতে বেৰত যেতিয়া গজাল এটা পুতিছিল, পূবালীয়ে আপত্তি কৰিছিল৷ পূবালীৰ মতে এনে ধৰণৰ ফ’টো কোনেও ড্ৰয়িংৰুমত নথয়৷ মাকে আপত্তি কৰাৰ কাৰণে ৰোণিতে দুগুণ স্ফূৰ্তি পাইছিল৷ ফ’টোখন তাজমহলৰ সম্মুখৰ বেঞ্চখনত তোলা৷ চাৰি বছৰ মান আগতে পুত্ৰ-বোৱাৰী-নাতিৰ সৈতে তেওঁলোকে উত্তৰ ভাৰত ভ্ৰমণ কৰিবলৈ গৈছিল৷ উত্তৰ ভাৰতৰ কিছুমান ঠাই আগতেও ফুৰিছিল যদিও সেয়া আছিল তেওঁলোকৰ প্ৰথম তাজমহল দৰ্শন৷ ফ’টোখন বোৱাৰীয়েক ৰূপাঞ্জলিয়ে তুলিছিল৷ পূবালীয়ে পলাশৰ বাওঁফালে সামান্য ব্যৱধান ৰাখি বহিছিল৷ ৰূপাঞ্জলিয়ে কাষ চাপি আহিবলৈ বাৰে বাৰে কোৱাৰ পাছত অলপ কাষলৈ আহিছিল৷ তাৰ পাছত ৰূপাঞ্জলিয়ে শহুৰেকক বাওঁহাতখন শাহুৱেকৰ কান্ধত ৰাখিবলৈ কৈছিল৷ পলাশ আৰু পূবালী দুয়ো আপত্তি কৰিছিল৷ অগত্যা ৰূপাঞ্জলিয়ে নিচেই ওচৰলৈ আহি শহুৰেকৰ বাওঁহাতখন শাহুৱেকৰ বাওঁ কান্ধত ৰাখিছিল আৰু চকু পকাই তেওঁলোকক লৰচৰ নকৰিবলৈ নিৰ্দেশ দিছিল৷ “ঘোৰ কলি কাল আহিল৷ আগতে বোৱাৰীয়েকবোৰে শহুৰ-শাহুৰ সন্মুখত লাজ কৰিছিল৷ এতিয়া ওলোটা হ’ল৷” - পূবালীয়ে নিজকে কৈছিল৷ ৰূপাঞ্জলিক একো নোকোৱাকৈ সন্মুখত থিয় হৈ ৰং চাই থকা ৰোণিতৰ ওপৰত দুয়ো কৃত্ৰিম খং কৰিছিল৷ 

সেই ফ’টোখনৰে তিনিটা কপি ৰোণিতে বন্ধাই আনিলে৷ এখন এইটো ঘৰৰ ড্ৰয়িংৰূমত, এখন তৰালীৰ কাৰণে আৰু এখন নিজৰ ঘৰৰ কাৰণে৷ ফ’টোখন ভালকৈ চালে পূবালীয়ে অলপ লাজ কৰিছে বুলি গম পোৱা যায়৷ ইমান বয়স হোৱাৰ পাছতো লাজ ? পলাশৰ নিজৰে হাঁহি উঠিল৷ ইমান দিন দুয়ো একেলগে কটালে৷ ইজনে সিজনৰ ওপৰত কিমান নিৰ্ভৰশীল তেওঁলোকে চাগে নিজেই নাজানে৷ পলাশৰ মাজে মাজে ভাব হয় পূবালীয়ে যেন তেওঁৰ বিষয়ে তেওঁ নিজে জনাতকৈও বেছিকৈ জানে৷ কেতিয়াবা যে দুয়ো বেলেগ বেলেগকৈ আছিল এতিয়া ভাবিলে বিশ্বাসেই নহয়৷ দৰৱবোৰ সময়ত খাবলৈ যতনাই দিয়াকে ধৰি পলাশৰ প্ৰায়বোৰ কামেই পূবালীয়ে নিয়াৰিকৈ কৰে৷ বয়স বেছি হৈ অহাৰ লগে লগে পলাশ যেন পূবালীৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ গৈ আছে৷ কথাটো পলাশেও নুবুজা নহয়৷ এদিন তেওঁ পূবালীয়ে তৰালী আৰু ৰূপাঞ্জলিক কৈ থকা নিজ কাণেৰে শুনিছিল - “মই তেখেততকৈ আগতে যাব নোৱাৰোঁ৷ মই নোহোৱা হ’লে দেউতাৰৰ অৱস্থা বৰ পুতৌ লগা হ’ব৷”  

এইবাৰ পলাশৰ চকু কাষতে থকা আনখন ফ’টোৰ ফালে গ’ল৷ পূবালীৰ অকলে থকা ছবি এখন৷ এমাহ আগতে ফ’টোখন ৰোণিতে ওলমাবলৈ লওঁতে পলাশে মাথোঁ শূন্য দৃষ্টিৰে চাই ৰৈছিল৷ আনকি ৰূপাঞ্জলিয়ে ৰোণিতৰ ফালে কৃত্ৰিম ফুলৰ মালাডাল আগবঢ়াই দিওঁতেও তেওঁ একো ক’ব পৰা নাছিল৷ তেওঁ কাষতে থিয় হৈ উচুপি থকা তৰালীক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু অন্তৰত চলি থকা ধুমুহাজাকৰ আভাস কাকো নিদিবলৈ তেওঁৰ বহুত কষ্ট হৈছিল৷

 সকাম হৈ যোৱাৰ পাছত পৰৱৰ্তী দুসপ্তাহ পুত্ৰ, বোৱাৰী, জী, নাতি-নাতিনী সকলো থাকিল৷ তেওঁলোকে আটাইবোৰ গুচি যোৱা আজি এসপ্তাহ হৈছে৷ সকলোকে নিজৰ নিজৰ কামলৈ যাবলৈ পলাশে নিজেই জোৰ দিছিল৷ নিজৰ কামখিনি নিজে কৰিব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে৷ অৱশ্যে যোৱা বিছ বছৰে তেওঁলোকৰ ঘৰুৱা কাম-কাজত সহায় কৰি দিয়া চন্দাই ৰাতিৰ সাঁজ ৰান্ধি যায়৷ পলাশ কাকতিৰ হাতত এতিয়া সময়েই সময়৷ গতিকে তেওঁ ভাবিছে অদূৰ ভৱিষ্যতে ৰন্ধা-বঢ়াখিনি তেওঁ নিজেই কৰিব৷

কিছুমান কথা শিকিব লাগিব৷ উদাহৰণস্বৰূপে এক কাপ চাহৰ কাৰণে কিমান চাহপাত, নিমখ আৰু জালুকৰ গুৰিৰ দৰকাৰ হয় সেইটো মনত ৰাখিব লাগিব৷ দুকাপ চাহৰ হিচাপটো তেওঁৰ নখ দৰ্পণত৷ একাপৰ হিচাপটোহে তেওঁ বুজি উঠা নাই৷ একাপ চাহ কৰাটো ইমান কষ্টকৰ হ’ব পাৰে বুলি তেওঁ সপোনতো কেতিয়াও ভাবিব পৰা নাছিল৷

 

ঠিকনা :

মেডিচনভিল, কেণ্টাকী

আমেৰিকা যুক্তৰাষ্ট্ৰ

ভ্ৰাম্যভাষ :  +1-270-836-0389

Email: aseemtalukdar@gmail.com

 

অ
লেখকৰ পৰিচয়

অসীম তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)