৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পৰকাল

লেখকঃ জোনমণি দাস • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২১
২ মিনিট পঠন • ১৭২৮ বাৰ পঢ়া হৈছে

 জোনমণি দাস

বৰনৈৰ বুকুত

বনঘোষা উপজিল—

ব’ৰাগীয়ে বতাহক শুনালে

বনঘোষাৰ জন্ম আখ্যান,

হিলদল ভাঙি তেতিয়াই ধূলিৰ ধুমুহা...

শিমলুৱে জুই লগাই দিলে আকাশত

ফাগুনে ভাং খুৱাই দিলে বতাহক

সেউজীয়াখিনি সলনি হ’ল শুকুলালৈ, যেন শ ঢকা ঢাকনি

ৰঙা সূতাৰে আঁচু দিবলৈ আইৰ গাত নোহোৱা হ’ল তৰণি

গোলাপ গছৰ ফুলে ঢকা ডাল

কোনে দেখিলে কোনে ছিঙিলে নোকোৱাই ভাল

আধাতে আইধা পৰা বনঘোষাৰ জন্ম আখ্যান

ব’ৰাগীয়ে দুনাই নেগালে

বিয়লিয়ে বাট ল’লে গোলাপত গধূলি হ’বলে...

আয়ে খুঁটি মাৰি বাতি কাঢ়িছে

গোলাপত গধূলি হ’লে আয়ে ব তুলিব

উঘা-চেৰেকীয়ে বাট চাব আয়ে মহুৰা বটালৈ

কাচতেলৰ চাকিটোৰ পোহৰত

যঁতৰ ঘূৰাই যেতিয়া আয়ে মহুৰা বটিব

তেতিয়া বৰনৈৰ বুকুত নহয়

মোৰ বুকুতহে বনঘোষাই ল’ব

নৈৰ ৰূপত

নতুন জন্ম

জ
লেখকৰ পৰিচয়

জোনমণি দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)