৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

লিংগপুৰাণ

লেখকঃ মণিকা দেৱী • প্ৰকাশিতঃ ১৬ জানুৱাৰী, ২০২১
১৯ মিনিট পঠন • ৩০৩ বাৰ পঢ়া হৈছে
লিংগপুৰাণ
ডাঙৰকৈ চাওক (Zoom)

 মণিকা দেৱী


‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’

মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ’ল চিত্ৰা৷ কি মেছেজ এইটো? কোনে দিছে? নম্বৰটো অচিনাকি৷ ডি পিত থকা ফট’খনো অচিনাকি৷ ডেকাল’ৰা এজনৰ ফট’৷ ধুনীয়া, বৰ ধুনীয়া৷ চকুৰ চাৱনিয়ে একেবাৰে অন্তৰাত্মা কঁপাই তুলিব পাৰে৷ অন্তৰাত্মা কঁপি উঠিল চিত্ৰাৰ৷ কি ধেমালি এইবোৰ? কেনে ধৰণৰ অসভ্যালি? আজিকালি হেনো পৰ্ণ ছাইটবোৰ বৰ এক্টিভ৷ চিত্ৰাই শুনিছে৷ চিত্ৰাই এইবোৰ ঘুঁকটিব নাজানে৷ ম’বাইল ফোনটো আছে, বাজিলে ফোন ধৰিছে, হোৱাট্‌ছএপত মেছেজ আহিলে মেছেজ চাইছে৷ ফোন কৰিছেও প্ৰয়োজনত আৰু প্ৰয়োজনত মেছেজো পঠিয়াইছে৷ বচ সিমানেই৷ কিন্তু এনেদৰে একেবাৰে চিধাচিধি অশ্লীল কথা? হুঃ চিত্ৰাৰ অইন কাম-বন নাই যে চিত্ৰাই হোৱাট্‌ছএপত আনৰ লিংগ চাই সময় কটাব৷ মেছেজৰ চিৰি কি চাবা, বানানেই বা চাবা কি– চাবচুন কেনে পায়৷ কটা নিধক, জহনি‍ত যোৱা, খেকাৰ খোৱা, ধেমালি কৰিবলৈ আৰু মানুহ নাপালি! ৰহ, পৰিছ আচলজনীৰে পালত৷ বিহু দেখুৱাম বাপ্পেকে, দেখুৱাম বাপেৰৰ বিয়া৷— এইবুলি চিত্ৰাই নম্বৰটোত ফোন কৰিবলৈ ওলাল৷ আজিকালি আকৌ ফোন কৰিলে সিপিনে ৰিং হ’বলৈ নৌপাওঁতেই ভাৰস্তখন বকে নহয় ফোনত—আমাৰ যুঁজ ৰোগৰ লগতহে, ৰোগীৰ লগত নহয়... ৰোগীৰ সৈতে ভেদভাব নকৰিব...৷ আজিও আৰম্ভ হৈছিলেই সেইখন বকলা৷ চিত্ৰাই কাটি দিলে ফোনটো৷ নাহ্‌, এতিয়াই ফোন নকৰে তেওঁ৷ গালিও নাপাৰে৷ চোৱাই যাওকচোন, কিনো লিংগটো দেখুৱায়, কেনে তাৰ চিৰি-চেহেৰা৷ চাই লোৱাতনো আপত্তি কিহৰ৷ চাবহে লাগে৷ একো কৰিব নালাগে নহয়৷ আৰু কৰিব লাগিল যদিও লাগিল, বেয়ানো কি? কোনোবাই উপযাচি কিবা এটা দেখুৱাব খুজিছে, চিত্ৰাই বিমুখ কৰেনো কোন সতে৷

দিনটো একো কামতেই মন নবহিল চিত্ৰাৰ৷ কামনো কি? লকডাউনে এনেয়ো কামৰ মুদা মাৰিছে৷ কৰ’নাই এফালৰ পৰা চেপি আনিছে সকলোকে৷ এনেয়ে হ’লে দিনটোত এবাৰমান ওলাই যায়েই তেওঁ, সাজি-কাচি৷ কাৰ্যালয়ত বহেগৈ৷ বিভিন্ন আলাপ-আলোচনাৰ মাজেৰে কাটি যায় সময়৷ এতিয়া সময়েই সময়, অঢেল সময়৷ কৰিবলৈ লায়েকৰ কাম এটিহে নাই৷ তথাপি ম’বাইল ঘুঁকটিব জনাবোৰে, চলাব জনাবোৰে তাতেই বিচাৰি উলিয়াইছে কাম৷ অন্‌লাইন মিটিং পাতিছে, অন্‌লাইনত লিখিছে, অন্‌লাইনতে খাইছে-বৈ‍ছে, আনকি শুইছেও৷ চিত্ৰাইহে এইবোৰৰ আও-ভাও নাপায়৷ সাহিত্য সংগঠন এটাৰ সম্পাদিকা চিত্ৰা৷ আন এটা লেখক সংস্থাৰো মূল বিষয়ববীয়া৷ হ’লে কি হ’ব৷ লকডাউনে তেওঁৰ সাহিত্যিক কাৰ্যালয়ৰ লগতে তেওঁৰ নেইম আৰু ফেইমতো মস্ত এটা তলা লগাইছে৷ সাহিত্য সংগঠনটোৰ আনবোৰে এই ছে‍গতে অন্‌লাইনতে কিমানবোৰ সভা পাতিলে, সাজি-কাচি ওলাল সকলোৰে আগত৷ অন্‌লাইন হ’ব নজনাৰ দোষত তেওঁহে চেৰুৱা পৰি ৰ’ল৷ মুখখনেই যদি উলিয়াব নোৱাৰিলে, কিহৰ সাহিত্য হ’ল! এনেয়ে সাহিত্যিক হিচাপে, কবি হিচাপে তেওঁৰ কত নাম৷ দিনটোত কত ধৰণৰ ফৰমাইচ আহে তেওঁলৈ— অমুকৰ বাবে লেখা এটা দিয়ক, তমুকৰ বাবে কবিতা এটা৷ মেল-মিটিংবোৰতো আছেই৷ সেই মেল-মিটিঙৰো মধ্যমণি তেওঁ৷ তেৱেঁই আয়োজন কৰে, আঁত ধৰে, উদ্দেশ্য ব্যাখ্যা কৰে— সকলো তেৱেঁই কৰে৷ আমন্ত্ৰিত অতিথিক আগবঢ়াই আনি গামোচা পিন্ধোৱাৰ ভাৰো তেওঁৰ ওপৰতেই ন্যস্ত৷ আৰু এতিয়া অন্‌লাইন মিটিংবোৰ হোৱাৰ পৰা তেওঁ এঘৰীয়া হোৱাদি হ’ল৷ অৱশ্যে প্ৰথমে অন্‌লাইন মিটিঙৰ বাবে জোৰ কৰিছিল তেওঁক৷

সাহিত্য সংগঠনটোত দুজনমান অত্যুৎসাহী সদস্য আছে৷ বয়সৰ জোখেৰে সৰু হ’লেও কাম-কাজত খুবেই আগৰণুৱা সিহঁত৷ বিশেষকৈ লুইত নামৰ ল’ৰাটোৰ আগ্ৰহ একেবাৰে তুংগত৷ সিয়েই কাৰ্যালয়তেই তেওঁক চেলফোনৰ বিভিন্ন কাৰুকাৰ্য শিকাইছিল৷ তেওঁ স্মাৰ্টফোনটো কিনাৰ পাছত লুইতে হোৱাট্‌ছএপ্ ডাউনল’ড কৰি দিছিল৷ মেছেজ পঠিয়াবলৈকো শিকাইছিল৷ অসমীয়া লিপিত লিখাৰ কৌশলো তেওঁ লুইতৰ পৰাই শিকা৷ প্ৰথমে নালাগে নথওঁখন কৰিছিল তেওঁ৷ ম’বাইল ঘুঁকটি তেওঁ বিশেষ ভাল নাপায়৷ কিন্তু হোৱাট্‌ছএপত অসমীয়া লিপিত মেছেজ লিখি তেওঁ বৰ আনন্দ পোৱা হ’ল৷ নিজৰ ভাষাত লিখাৰ আমেজেই সুকীয়া৷ হোৱাট্‌ছএপৰ ষ্টেটাছত বিভিন্ন লেখা লিখি, কবিতা লিখি তেওঁ বাহ বাহ গোটালে৷ ইয়াতেই ভাল— তেওঁ অনুভৱ কৰিলে৷ ইয়াত ফেইচবুকৰ দৰে বিতৰ্কও নাই৷ সেইখন এখন হেনো ৰণক্ষেত্ৰহে— চিত্ৰাই বহুতৰ মুখত শুনিছে ফেইচবুকৰ ৰণবোৰৰ কথা, যুদ্ধবোৰৰ কথা৷ অনৱৰতে হেনো কূট-কচালি আৰু অপমানৰহে কছৰৎ চলে তাত৷ লুইতে অৱশ্যে জোৰ কৰিছিল—বাইদেউ, ফেইচবুক একাউণ্ট খুলি দিম নেকি? —উৎসাহৰ অন্ত নাই লুইতৰ৷ লগ পালেই সেইখন আৰম্ভ কৰে—অন্‌লাইন শ্বপিং কৰিব নেকি বাইদেউ? বৰ ভাল৷ ডাউনল’ড কৰি দিওঁ? অন্‌লাইন পে’মেণ্ট কৰিব নেকি? অ’লা-উবেৰ এপ লাগিব নেকি? একো টান নহয়৷ আপুনি পাৰি যাব৷— চিত্ৰাই পিছে বিশেষ আগ্ৰহ নেদেখুৱায়৷ নালাগে ফেইচবুক৷ নচপায় তেওঁ সেইখন আপদ৷ নকৰে অন্‌লাইন শ্বপিং৷ সাজি-কাচি বজাৰ কৰিবলৈ যাব, লিৰিকি-বিদাৰি বস্তু বাছি‍ব, দৰ-দাম কৰিব, তেহে মনটো ভাল লাগে৷ অন্‌লাইন পে’মেণ্টৰো দৰকাৰ নাই তেওঁৰ৷ তেওঁ শুনিছে এইবোৰ হেনো পইচা লুটি নিয়াৰ ফন্দী৷ নিমিষতে বেঙ্ক একাউণ্ট্‌ খালী হৈ যায়৷ আৰু তাৰ পাছত মূৰে-কপালে চপৰিয়াই ডেডাউৰি পাৰি মৰিলেও গাঁতৰ বাহিৰ হোৱা কেঁচু গাঁতলৈ উলটি নাহে৷ আৰু অ’লা-উবেৰ— সেইবোৰৰো প্ৰয়োজন নাই তেওঁৰ৷ তেওঁৰ বিশ্বস্ত গাড়ীচালক এজন আছে৷ বয়সস্থ মানুহজন৷ কিন্তু খুবেই ভাল৷ শান্ত আৰু নিবোকাও৷ তেনে স্থলত অ’লা-উবেৰ ঘাটি নগুৰ-নাকটি হ’বলৈ যাব কিহৰ দুখত৷ নালাগে দিয়া— থাকক৷ তেওঁ নিৰুৎসাহ কৰে লুইতক৷

সেই লুইতেই তেওঁক অন্‌লাইন মিটিঙৰ বাবে জোৰ কৰিছিল৷ কৈছিল, বাইদেউ, একো চিন্তা নাই৷ মই শিকাই দিম ফোনত৷ আপুনি পাৰি যাব৷ শিকাই দিছিলো বেচেৰাই৷ শিকাবলৈকে ফোন কৰিছিল— বাইদেউ, এই এপ্‌টো উলিয়াই লওক, প্লে’ ষ্ট’ৰলৈ গৈ সেই এপ্‌টো ডাউনল’ড কৰক, এতিয়া অমুকত ক্লিক্‌ কৰক, তমুক ওলালে এণ্ট্ৰি‍ কৰক আপোনাৰ নামটো৷ ফোনৰ সিমূৰৰ পৰা যিমানেই ফৰফৰাই শিকাই যায় লুইতে, সিমানেই ইমূৰে চিত্ৰাৰ জ্বৰ-ঘাম জৰ্‌জৰ্‌কৈ সৰে৷ একো উৱাদিহ নাপায় তেওঁ৷ কথাতেই কয় বোলে জনাৰ ভাত-মাছ, নজনাৰ গলগ্ৰহ৷ চিত্ৰাই নাজানিলে, নোৱাৰিলে৷ নোৱাৰিলে যেতিয়া বাদ পৰিল তেওঁ৷ এপ্‌ময় এই পৃথিৱীত চিত্ৰা যেন এক বাতিল এপ্‌ হৈ পৰিল৷ সাহিত্য সংগঠনটোৰ সম্পাদিকা হৈও তেওঁ এলাগী হোৱাদি হ’ল৷

নিজৰ ওপৰতেই বিৰক্তি জাগিছিল চিত্ৰাৰ৷ তেওঁৰ দিন এতিয়া শেষ হ’ল— এনে ভাব মনলৈ আহিছিল৷ নিজেই নিজকে গলগ্ৰহ বুলি ভবাৰ সময়তে আহি পৰিল এই নতুন পৰ্ব৷

দিনটো তেওঁ ফোনটো লিৰিকি-বিদাৰিয়েই কটালে৷ নেট অন্‌ কৰিয়েই ৰাখিলে দিনটো৷ পিছে নাহিলচোন একো৷ সেই বিশেষ নম্বৰটোৰ পৰা একো মেছেজেই নাহিল, নাহিল একো সংবাদ নতুবা ফট’৷ বাৰেপতি তেওঁ চেক কৰিলে হোৱাট্‌ছএপ্‌৷ নাই, একো উম্‌ঘামেই নাই৷ দীঘল হুমুনিয়াহ কাঢ়িলে তেওঁ। লিংগ চোৱা নহ’ল তাৰমানে? ইমান হুতাহনো হঠাতে কিয় জাগিল তেওঁৰ? তেওঁ জানো দেখা নাই আগতে? হিচাপ নোহোৱাকৈ দেখিছে৷ অকল দেখাহে নে... সেইখন বকলা মেলিলে বৃহৎ কলেৱৰৰ পুথি এখনেই হ’বগৈ৷ নহয়নো কি? তথাপি কিয়বা ইমান হেঁপাহটো জাগিল আজি? ফট’হে পঠিয়াব! হোৱাট্‌ছএপত আন কি ঘটিটো পঠিয়াব? তাকে চাবলৈকে এনে হুতাহ তেওঁৰ— নিজকে নিজে ভৰ্ৎসনা কৰিলে তেওঁ৷ তথাপি নকমিল চিত্ত-চাঞ্চল্য৷ বৰং বাঢ়িহে গ’ল৷ ষোড়শী গাভৰু এজনীৰ দৰেই মনত জাগিল নিষিদ্ধ ইচ্ছা— চোৱাৰ ইচ্ছা৷ ইছ্‌, কেনেকুৱাবা হয় সেই বস্তুটো— ডাঙৰ মানুহৰ গোপন বস্তুটো— ষোল বছৰীয়া সেই ভাবনাৰ কথা মনত পৰি গ’ল তেওঁৰ৷ মনত পৰি গ’ল সেই সময়ৰ এটি সৰু ঘটনা— এবাৰ বাছত উঠি ক’ৰবালৈ গৈছিল তেওঁ৷ এপাকত যেই বাছখন ৰখালে, বাছত থকা মতা মানুহবোৰ তৰ্‌তৰাই নামি গ’ল বাছৰ পৰা আৰু ৰাস্তাৰ কাষত শাৰী পাতি থিয় হৈ মূত্ৰ বৰ্জনৰ কামফেৰা সমাপণ কৰিলে৷ আৰু চিত্ৰাই জুপি জুপি মূৰটো ইকাটি-সিকাটিকৈ লৰাই খিৰিকীৰে চাই ৰ’ল৷ কিজানিবা দেখা-সাক্ষাৎ মিলেই, দেখা পায়েই কিজানি কাৰোবাৰ কোনোবাটো বিশেষ অংগ৷ নাই, দেখা নাছিল হ’লে৷ দেখিবলৈ বহু দিন ৰ’বলগীয়া হৈছিল৷ আজিও নিজকে সেই ষোল বছৰীয়া কিশোৰীজনী যেন বোধ হ’ল তেওঁৰ৷ নাই নাই, এই চাঞ্চল্য ভাল নহয়৷ এই চাঞ্চল্যই শোভা নাপায় তেওঁক— নিজকে নিজে শাসনো কৰিলে তেওঁ৷ পঠিয়াম বুলিছিল, নপঠিয়ালে৷ এতিয়া তেওঁ উপযাচি খুজিবনে— দিব খুজিছিলা যদি দিয়া আকৌ৷

ইমানদিনে খুজিবলগীয়া নহ’লেই কাকো৷ নিজে নিজেই পালেচোন ইমান দিনে৷ নিজে নিজেই আহিল সুযোগ৷

তেওঁৰ প্ৰথম গিৰিয়েকটোৰ অইন খুঁত নাছিল তেনেকৈ৷ কিন্তু আচল বস্তুটোৱেই বেঁকা আছিল মানুহটোৰ৷ বেঁকাও বেঁকা, মস্ত বেঁকা৷ উঠিলেও বেঁকা, নামিলেও বেঁকা, বাঢ়িলেও বেঁকা, টুটিলেও বেঁকা৷ তথাপি এঁকা-বেঁকাকৈয়ে চলি গৈছিল চিত্ৰাৰ জীৱন৷ খাপ খুৱাই লৈছিল নিজকে চিত্ৰাই সেই বক্ৰতাৰ লগত৷

গিৰিয়েক সৰু থাকোঁতে শাহুৱেকে হেনো খাটি সৰিয়হৰ তেল মালিচ কৰিছিল— পিটিকলি জলকীয়া তেল পাই জিলিকি উঠিছিল৷ মালিচৰ সেই অভ্যাসটো ৰৈয়েই গ’ল গিৰিয়েকৰ৷ ডাঙৰ হোৱাৰ পাছতো হোৱাই-নোহোৱাই, জনাই-নজনাই নিজেই মালিচ দিবলৈ ধৰিলে— বোলে আপোন হাত জগন্নাথ৷ মালিচৰ কোবত চিধা বস্তুও বেঁকা হৈ গ’ল৷ তাকে লৈ আপত্তি কৰা নাছিল চিত্ৰাই৷ আপত্তি কৰিব নাজানিছিলেই৷ আপত্তি-অশান্তিবোৰ তেতিয়াহে আৰম্ভ হ’ল, যেতিয়া চিত্ৰাই পোন সুখৰ, চিধা বলিষ্ঠ সুখৰ সোৱাদ পালে৷ সম্পৰ্কীয় দেওৰেক নিবাৰণ মাজে মাজে আহিছিল চিত্ৰাহঁতৰ ঘৰলৈ৷ লাহে লাহে সি চিত্ৰাৰ গিৰিয়েক নথকা অৱস্থাত আহিবলৈ ল’লে৷ সিয়েই দিলে চিত্ৰাক সেই অনন্য সুখৰ সোৱাদ৷ তাৰ পাছত লাহে লাহে বেঁকা-বেঁকী কথাত মন নবহা হ’ল চিত্ৰাৰ৷ আৰু এদিন এটি নিজান দুপৰীয়া নিবাৰণৰ সৈতে চিত্ৰাৰ এঘড়ী সুখৰ যুঁজ লগাৰ সময়ত হঠাতে মৰহ্‌কৈ ভাগি পৰিছিল বিছনাখন৷ বিছনা ভাগি দুয়োটা মাটিত কৰ্ফাল খাই পৰিলগৈ৷ ক্ষতি-খুন অলপ নোহোৱা নহয়, দেহাটোৰ ঠায়ে ঠায়ে মাখিছাল এৰিছিল চিত্ৰাৰ৷ চেকচেকনি ভকভকনিতো বিতত হৈছিল৷ তথাপি সেয়া আছিল সুখৰেই আঘাত৷ ইমানৰ পাছতো তেওঁৰ নিবোকা গিৰিয়েকটোৱে এবাৰলৈকো নুসুধিলে বিছনাখন কেনেকৈ ভাগিল বুলি৷ সেইদিনা ৰাতি মাটিতেই বিছনা পাৰি শুলে তেওঁলোকে৷ পাছদিনাখন অৱশ্যে গিৰিয়েকে নতুন চালপীৰা এখন কিনি আনিছিল৷ দুদিনমান পাছত ভাল পালেং এখনো কিনি আনিম বুলি কৈছিল৷ কিন্তু গিৰিয়েকৰ প্ৰতি বিৰক্তি-বিৰাগ নকমিল তেওঁৰ৷ বৰং বাঢ়িলহে৷ নিবাৰণৰ বন্ধু কন্দৰ্পৰ সৈতে চিনাকি হোৱাৰ সময়লৈ চিত্ৰাৰ নিজৰ সংসাৰখনক লৈ মনৰ অশান্তি তুংগত উঠিছিল৷ তেনেদৰেই প্ৰথম গিৰিয়েকৰ লগত এৰা-এৰি৷ এৰা-এৰিৰ পাছত কবিতা লিখিবলৈ আৰম্ভ কৰিলে চিত্ৰাই৷ তেতিয়া তেওঁ কন্দৰ্পক বিয়াৰ বাবে জোৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু কন্দৰ্পই হওঁ হওঁ কৰোঁ কৰোঁ বুলি বিয়াৰ প্ৰসংগটো এৰাই চলিছে৷ তেতিয়াই কবিতাৰ আৰম্ভণি৷ ‘বিষাদ বক্ৰতা’ বুলি চিত্ৰাই লিখা কবিতাটো বৰ জনপ্ৰিয় হৈছিল৷ বাতৰি কাকতৰ দেওবৰীয়া পৃষ্ঠাত প্ৰকাশ হৈছিল কবিতাটো৷ তাৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ প্ৰাণদায়িনী, প্ৰেমদায়িনী, তনুদায়িনী কবি হিচাপে তেওঁ বিখ্যাত হৈ পৰিছিল৷ কন্দৰ্পৰ উত্তৰলৈ বাট চাই সময় অপচয় নকৰিলে আৰু তেওঁ৷ কন্দৰ্পৰ প্ৰয়োজন নাছিল আৰু তেওঁৰ জীৱনত৷ কন্দৰ্পক কাষৰীয়া কৰি তেওঁ আগুৱাই গৈ থাকিল নিজৰ বাটত বীৰদৰ্পে৷ সেই বাটৰ কাষত কত লিংগবীথিকা–উত্থিত, অদম্য লিংগকান্তি৷ প্ৰথমে অলপ অসহজবোধ নকৰা নহয় তেওঁ৷ কিন্তু পাছলৈ সহজ হৈ পৰিল কথাবোৰ৷ সাহিত্য সংগঠন এটিৰ মুৰব্বী হিচাপে, বিশিষ্ট লেখিকা হিচাপে তেওঁ বুজি পালে যে তেওঁৰ জীৱন আনতকৈ বেলেগ৷ তেওঁৰ জীৱন সাধাৰণ জীৱনবোৰতকৈ পৃথক৷ তেওঁৰ অসাধাৰণ, অনন্য জীৱন প্ৰৱাহত এই ঘটনাচক্ৰ বৰ জৰুৰী৷ কেতিয়াবা অসমৰ বাহিৰলৈও বিভিন্ন অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে যাবলগীয়া হয় তেওঁ৷ তাতো ৰৈ থাকে কোনোবা৷ তেওঁৰ অনুৰাগীৰ সীমা-সংখ্যা নাই৷ দূৰৈত থকা অসমীয়াৰ মাজতো সমানে জনপ্ৰিয় তেওঁ৷ ৰাত্ৰি যাপনৰ বাবে নিৰ্দিষ্ট কৰি থোৱা তাৰকাখচিত হোটেলৰ ৰিচেপশ্যনত তেওঁ খোকোজা নলগাকৈ কয়— মোৰ বন্ধু এজন আহিব৷ মোৰ কোঠালৈ পঠিয়াই দিব দেই৷ তেওঁৰ এই সাহসৰ বাবে ঠাট্টা-বিদ্ৰূপ, বিশ্লেষৰ মুখামুখি নোহোৱাকৈও থকা নাই তেওঁ৷ সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি কেৱল আগুৱাই গৈছে তেওঁ— কেৱল আগুৱাই গৈছে৷ সৰুতে খেলাৰ পৰত গোৱা পদ্য এটা মনে মনে আওৰায় তেওঁ—

ইচ্ছা খুছি লাব্ৰা লুচি

পিতকচুৰ ঠাৰা, কি কৰবা পাৰা৷

তেওঁক উপহাস কৰা, বিদ্ৰূপ কৰাসকলক তেওঁ পিতকচুৰ সামান্য ঠাৰি হিচাপেই গণ্য কৰিছে৷ কেৰেপ কৰা নাই কাকো৷

এইবোৰৰ মাজতে দুবাৰকৈ বিয়াত বহিছে চিত্ৰা৷ তেওঁৰ শেষৰজন স্বামী আছিল অত্যন্ত আঢ্যৱন্ত লোক৷ চিত্ৰাৰ এতিয়াৰ এই সুন্দৰ বাসভৱন, বেংকত জমা থকা ধনৰাশি— এই সকলো বৈভৱ তেওঁৰ শেষৰজন গিৰি‍য়েকৰ লগত হোৱা বিবাহ বিচ্ছেদৰ ক্ষতিপূৰণ হিচাপে লাভ কৰিছে তেওঁ৷

জীৱনটো তেওঁ পূৰাদমে উপভোগ কৰিছে৷ তাৰ পাছতো আজিৰ এই চিত্ত-চাঞ্চল্যই জানো শোভা পায় তেওঁক? তেওঁৰ ব্যক্তিত্বত চঞ্চলতা-চপলতা ফুটি নুঠে কোনোদিন৷ গুৰু-গম্ভীৰ ভাবমূৰ্তিৰ আঁৰত নিজকে লুকুৱাই ৰাখিব জানে তেওঁ৷ লেখকসকল তেনেকুৱাই হ’ব লাগে— তেওঁ ভাবে৷ চেলবেলাই ফুৰাবোৰৰ লেখক হিচাপে পৰিচিত হোৱাৰ অধিকাৰ নাই৷ বন্ধ দুৱাৰৰ সিপিনে তুমি যিয়েই নকৰা, লোকচক্ষুৰ সন্মুখত তুমি গাম্ভীৰ্য বজাই ৰাখিব পাৰিব লাগিব৷ তোমাৰ ভালেই লাগিছে নে বেয়াই লাগিছে সেয়া আনক বুজিবলৈ দিব নালাগিব৷ তুমি হৈ উঠিব লাগিব দুৰ্বোধ্য৷ ওঁঠৰ কোণ কাচিৎহে ধেনুভিৰীয়া হ’ব তোমাৰ৷ কাচিৎহে হাঁহিয়ে খেলিব তাত৷ জুখি-মাখি কথা ক’ব লাগিব তুমি— মুখত ফুটি উঠিব লাগিব এক উপেক্ষাৰ ভাব— তেহে তুমি লেখক হিচাপে লায়েকৰ হৈ উঠিবা৷ —চিত্ৰাই তেনেকৈয়ে ভাবে আৰু তেওঁ থাকেও তেনেকৈয়ে৷

আজিৰ এই আচৰণৰ বাবে নিজেই নিজৰ ওচৰত দুৰ্বোধ্য হৈ উঠিছে চিত্ৰা৷ হাতৰ মুঠি ঘামি উঠিছে চিত্ৰাৰ৷ তথাপি মুঠি খুলি দিয়া নাই তেওঁ৷ মুঠিত আবদ্ধ হৈ আছে চে’লফোনটো৷ যেন সীহৰ দৰে টান লিংগ এটিহে মুষ্টিবদ্ধ কৰিছে চিত্ৰাই৷ এতিয়াই যেন আৰম্ভ হৈ যাব চিত্ৰাৰ চলাকলা, আৰম্ভ হ’ব শৃংগাৰ ৰসঘন এটি পূৰ্বৰাগৰ মুহূৰ্ত৷ সেইবোৰত চিত্ৰা সিদ্ধহস্ত৷ কতক কাবু কৰিলে, কতৰ পৰা কত কি আদায়ো কৰিলে, কতৰ মাজত বিলাই দিলে নিজকে৷ হিচাপ নাই, হিচাপ নাই৷ আজিৰ দিনটো এটি নতুন হিচাপত পৰিল৷ চিত্ৰাক কাবু কৰি ৰাখিলে আজিৰ দিনটোৱে৷ এটি মাথোঁ মেছেজত চিত্ৰা বিহ্বল হৈ পৰিল৷ তেওঁতো ভাবিবলৈ লৈছিল, এতিয়া আৰু তেওঁৰ দিন নাই, টুটি আহিল চলাকলাৰ দিন৷ টুটি আহিল চিত্ৰাৰ আকৰ্ষণ৷ কিন্তু ক’তা, আকৌ চিত্ৰাক উদ্বেলিত কৰি তোলা এইজনাতো কম দুৰ্দান্ত পুৰুষ নহয়৷ এইজন বিৰলতম চলাকলাৰ অধিকাৰী৷ মনে মনে চিত্ৰাই সেই ধুনীয়া ডেকাজনক নমন কৰিলে৷ ডি পিৰ ফট’খনলৈ চাই প্ৰাৰ্থনা কৰিলে— দেখুওৱা হে পৰম আকাংক্ষাৰ পুৰুষ দেখুওৱা তোমাৰ অংগশোভা৷ তোমাৰ পৰম অংগটি চাই ধন্য হওক এই নিঃকিন নাৰী৷

নাৰীৰ এই কাতৰ আহ্বানক নেওচা দিয়াৰ কলিজা কেইজন পুৰুষৰ আছে এই দুনিয়াত! চিত্ৰাৰ চে’লফোনটোৰ জিলিকি উঠিল স্ক্ৰীন৷ পিছে গোপন অংগৰ জিলিকনি নাছিল সেয়া৷ স্ক্ৰীনত জিলিকি উঠিছিল কেইটামান ইংৰাজী লিপিত লিখা অসমীয়া কথা— Beya napabo. gutei dintu try kori etiahe pothabo parilu. u tube t mur eta kabita path korisu. kiba bhul hole hikai dibo. notunkoi Assamese t likhibo try korisu. link tu iyate pothalu. http/hwxs... গোটেই মেছেজটো একে উশাহতে দুবাৰ-তিনিবাৰমান পঢ়িলে চিত্ৰাই৷ তাৰ পাছতহে যেনিবা পাঠোদ্ধাৰ কৰিব পাৰিলে তেওঁ— বুজি পালে মেছেজৰ মৰ্ম৷ অ’ তাৰমানে লিংগ মানে সেই তেওঁ ভবা লিংগটো নহয়৷ অসমীয়াত link লিখিবলৈ গৈ সি লিংগ বুলি লিখিছিল তেতিয়া৷ যেই অৰ্থ পৰিষ্কাৰ হৈ পৰিল, চিত্ৰাৰ মগজু ভক্‌ভকাই উতলিবলৈ ধৰিলে৷ খং-ক্ষোভত একো নাই হৈ পৰিল তেওঁ৷ এই মুহূৰ্তত মেছেজ পঠিওৱা ল’ৰাজনক যদি কাষতে পালে হয় তেওঁ, লিংগ মুচৰি মাৰিয়েই পেলালে হয় কিজানি তাক৷— কটা নিধক, চুৱা খোৱা, অসমীয়া লিখিব নাজান, লিংগ দেখুৱাবলৈ আহ মোক৷ কৰ কাণডাল কোনপিনে নাজান, মোৰটো লিখ মূৰ বুলি, তই আকৌ অসমীয়া কবিতা লিখিবলৈ আহ৷ চাল্লা বা- চিঙা ফো- খোৱা, এই বুঢ়ীমাৰক চিনি পোৱা নাই? ৰ আজি বিহু নেদেখুৱাওঁ যদি তোক, মোৰ নামো চিত্ৰা নহয়৷ ভাৰস্তৰ অশ্লীল গালিবোৰ মুখৰ ভিতৰতে ভোৰভোৰাই চিত্ৰাই সেই বিশেষ নম্বৰটো ডায়েল কৰিলে৷      

এইবাৰ সঁচাকৈয়ে গালি পাৰিব চিত্ৰাই৷ নতুন কবিক ত্ৰিভুবন দেখুৱাব৷ ইতিমধ্যে নতুন কবিৰ ফোনত ৰিং হৈছে৷ নতুন কবিৰ ফোনৰ স্ক্ৰীনত ফুটি উঠিছে চিত্ৰাৰ নাম— Chitra Poet. নতুন কবিয়ে এতিয়াই ৰিচিভ কৰিব চিত্ৰাৰ ফোনকল৷

চিত্ৰাৰ ফোন নম্বৰটো লুইতৰ পৰা লৈছিল নতুন কবিয়ে৷ লুইত, নতুন কবিৰ চিনাকি বন্ধু৷ লুইতেই কৈছিল— চিত্ৰা বাইদেৱে অসমীয়াত মেছেজ লিখিলে বৰ ভাল পায়৷ অশেষ যত্নৰে প্ৰথম মেছেজটো অসমীয়াতেই লিখিছিল নতুন কবিয়ে৷ পিছে Link-ৰ লিপ্যন্তৰ কৰিবলৈ গৈহে কিছু বিমোৰত পৰিছিল৷ বহু ভাব-চিন্তাৰ অন্তত য়ুৰেকা য়ুৰেকা বুলি নতুন কবিয়ে আৱিষ্কাৰ কৰিছিল Link-ৰ বিশুদ্ধ অসমীয়া লিপ্যন্তৰ— লিংগ৷

পিছৰবাৰ আৰু নোৱাৰিলে৷ ইমান দীঘল বাক্যবোৰ অসমীয়াত লিখিব নোৱাৰি৷ ইংৰাজী লিপিতেই লিখিলে অসমীয়া মেছেজ৷ তথাপি চিত্ৰা বাইদেৱে ফোন কৰিছে৷ আনন্দত জঁপিয়াই উঠিল নতুন কবি৷ বাইদেৱে নিশ্চয় ভাল পাইছে কবিতাটো৷ নহ’লেনো ফোন কৰিবনে? বৰ আশাৰে নতুন কবিয়ে ফোনটো তুলিছে আৰু পৰম উৎসাহেৰে কৈছে— ‘‘লিংগটো চালে ন বাইদেউ?’’

ম
লেখকৰ পৰিচয়

মণিকা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সৰ্বে ভৱন্তু সুখীনঃ
ড০ পল্লৱী গোস্বামী • ২৩ অক্টোবৰ, ২০২৬
সাপৰ মাংস
পাপৰি গোস্বামী • ২১ অক্টোবৰ, ২০২৬
বুঢ়া ডাঙৰীয়াৰ গাঁও
বেদান্ত নাথ • ২১ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)